--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ ব্যক্তিত্বই তেওঁৰ বিষয়ে বহু কথাই কয়। মানুহে ভাল ব্যক্তিত্বৰ মানুহক ভাল পায়। মানুহৰ চলন-ফুৰণ, পিন্ধন-উৰণ, বহাৰ ভংগীমা আৰু কথা-বতৰাৰ পৰা মানুহৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই উন্মোচিত হয়। কিন্তু আপুনি জানেনে যে আপুনি আপোনাৰ মুঠিটোৰ পৰাও জানিব পাৰিব আপোনাৰ ব্যক্তিত্ব তথা স্বভাৱৰ বিষয়ে। 

মুঠিৰ দ্বাৰা কেনেকৈ কেনেকৈ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি জানো আহক।

১) বুঢ়া আঙুলিটো মুঠিৰ ওপৰত থকাঃ  কিছুমান মানুহে যেতিয়া মুঠি বন্ধ কৰে তেতিয়া তেওঁলোকৰ বুঢ়া আঙুলিটো মুঠিৰ ওপৰত থাকে। অৰ্থাৎ এনে মানুহে জন্মতেই নেতৃত্বৰ গুণ লৈ আহে। এনে মানুহ নেতা হব পাৰে। ইয়াৰ বাহিৰেও এনে লোক পঢ়া-শুনাতো চোকা হয়। এনে লোক দয়ালু আৰু উদাৰ হয়। যিকোনো পৰিস্থিতিত এই লোকসকলে নিজকে প্ৰতিষ্ঠা কৰে।

২) বুঢ়া আঙুলিটো সকলো আঙুলিৰ ওপৰত থকাঃ  যিসকল মানুহে মুঠি মাৰিলে তেওঁলোকৰ বুঢ়া আঙুলিটো সকলো আঙুলিৰ ওপৰত থাকে তেনে মানুহ সৃষ্টিশীল স্বভাৱৰ। এনে লোক অতি আত্মবিশ্বাসী। আন মানুহক অতি ক্ষীপ্ৰতাৰে আকৰ্ষণ কৰাৰ গুণো এইসকল লোকৰ আছে। এইসকল লোকে সকলোতে পায় প্ৰশংসা। তেওঁলোকে নিজৰ সামৰ্থ্য অনুযায়ী কাম কৰে। প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে নিজৰ কৰ্মৰ ভিত্তিত নিজস্ব পৰিচয় গঢ়ি তোলে।

৩)বুঢ়া আঙুলিটো আন আঙুলিৰ মাজত সোমাই থকাঃ কিছুমানে মুঠি বনাওঁতে বুঢ়া আঙুলিটো আন আঙুলিৰ মাজত সোমাই থাকে। এনে লোক অন্তৰ্মুখী ব্যক্তিত্বৰ। তদুপৰি এনে লোকৰ আত্মবিশ্বাসো কম থাকে। কিন্তু এই মানুহবোৰ সৃষ্টিশীলো হয়। তেওঁলোকৰ ধাৰণাবোৰ স্পষ্ট নহয়। এইসকল লোকে কম কথা কয় আৰু আনৰ কথাও শুনি থাকে। এইসকল লোক হৈ পৰে কবি, সাহিত্যিক, গায়ক। কিছুমান লোকে মহান শিল্পীও হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ