--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ ব্যক্তিত্বই তেওঁৰ বিষয়ে বহু কথাই কয়। মানুহে ভাল ব্যক্তিত্বৰ মানুহক ভাল পায়। মানুহৰ চলন-ফুৰণ, পিন্ধন-উৰণ, বহাৰ ভংগীমা আৰু কথা-বতৰাৰ পৰা মানুহৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই উন্মোচিত হয়। কিন্তু আপুনি জানেনে যে আপুনি আপোনাৰ মুঠিটোৰ পৰাও জানিব পাৰিব আপোনাৰ ব্যক্তিত্ব তথা স্বভাৱৰ বিষয়ে। 

মুঠিৰ দ্বাৰা কেনেকৈ কেনেকৈ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি জানো আহক।

১) বুঢ়া আঙুলিটো মুঠিৰ ওপৰত থকাঃ  কিছুমান মানুহে যেতিয়া মুঠি বন্ধ কৰে তেতিয়া তেওঁলোকৰ বুঢ়া আঙুলিটো মুঠিৰ ওপৰত থাকে। অৰ্থাৎ এনে মানুহে জন্মতেই নেতৃত্বৰ গুণ লৈ আহে। এনে মানুহ নেতা হব পাৰে। ইয়াৰ বাহিৰেও এনে লোক পঢ়া-শুনাতো চোকা হয়। এনে লোক দয়ালু আৰু উদাৰ হয়। যিকোনো পৰিস্থিতিত এই লোকসকলে নিজকে প্ৰতিষ্ঠা কৰে।

২) বুঢ়া আঙুলিটো সকলো আঙুলিৰ ওপৰত থকাঃ  যিসকল মানুহে মুঠি মাৰিলে তেওঁলোকৰ বুঢ়া আঙুলিটো সকলো আঙুলিৰ ওপৰত থাকে তেনে মানুহ সৃষ্টিশীল স্বভাৱৰ। এনে লোক অতি আত্মবিশ্বাসী। আন মানুহক অতি ক্ষীপ্ৰতাৰে আকৰ্ষণ কৰাৰ গুণো এইসকল লোকৰ আছে। এইসকল লোকে সকলোতে পায় প্ৰশংসা। তেওঁলোকে নিজৰ সামৰ্থ্য অনুযায়ী কাম কৰে। প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে নিজৰ কৰ্মৰ ভিত্তিত নিজস্ব পৰিচয় গঢ়ি তোলে।

৩)বুঢ়া আঙুলিটো আন আঙুলিৰ মাজত সোমাই থকাঃ কিছুমানে মুঠি বনাওঁতে বুঢ়া আঙুলিটো আন আঙুলিৰ মাজত সোমাই থাকে। এনে লোক অন্তৰ্মুখী ব্যক্তিত্বৰ। তদুপৰি এনে লোকৰ আত্মবিশ্বাসো কম থাকে। কিন্তু এই মানুহবোৰ সৃষ্টিশীলো হয়। তেওঁলোকৰ ধাৰণাবোৰ স্পষ্ট নহয়। এইসকল লোকে কম কথা কয় আৰু আনৰ কথাও শুনি থাকে। এইসকল লোক হৈ পৰে কবি, সাহিত্যিক, গায়ক। কিছুমান লোকে মহান শিল্পীও হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু