--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা বিতৰ্কিত মন্তব্য, কেতিয়াবা আকৌ উগ্ৰ মেজাজৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে৷  এইবাৰ অভিনেত্ৰীগৰাকীৰ ঘৰৰ প্ৰৱেশদ্বাৰত  আঁৰি দিয়া এখন জাননীকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

জাননীখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কেইবছৰমান আগতে অভিনেত্ৰীগৰাকীয়ে মানালীত তেওঁৰ ৰাজকীয় বাসগৃহৰ সাজসজ্জাৰ এখন ছবি প্ৰকাশ কৰিছিল। কেৱল মানালীতে নহয় মুম্বাইতো 'ৰাণী'ৰ ঘৰ আছে। মুম্বাইৰ ঘৰৰ  প্ৰৱেশদ্বাৰতে এনে ধৰণৰ সতৰ্কবাণী ওলমি আছে। জাননী খনত লিখা আছে, "যিকোনো ধৰণৰ অনুপ্ৰৱেশ নিষিদ্ধ, যদি উলংঘা কৰা হয়,  গুলীবৰ্ষণ কৰা হ'ব। যদি তাৰ পিছতো জীয়াই থাকে তেন্তে পুনৰ গুলি কৰা হ'ব’’। 
কঙ্গনার আবাসের প্রবেশদ্বারের পাশে রাখা এই সেই সাইনবোর্ড।

।


উল্লেখ্য ২০১৪  চনত অভিনেত্ৰীগৰাকীয়ে 'ৰিভলভাৰ ৰাণী' নামৰ  এখন চলচ্চিত্ৰত অভিনয় কৰিছিল। নেট বিশ্বৰ এটা অংশই  কংগনাৰ ঘৰৰ বাহিৰত লগোৱা জাননী খন দেখাৰ লগে লগে সেই ছবি খনত কংগনাই ৰূপায়ণ কৰা  চৰিত্ৰটোৰ কথা  মনত পেলাইছে। ছবি খনত কংগনাই চকুত চানগ্লাছ, দুয়োখন হাতত পিষ্টল লৈ থকাৰ ছবি এতিয়াও বহুতৰে মনত সজীৱ হৈ আছে৷ 

তেওঁৰ ঘৰৰ ভিতৰভাগ বিলাসী হোটেলতকৈও বেছি বিলাসী। মুম্বাইত থকা কংগনাৰ ঘৰৰ প্ৰতিটো কোণত হিমাচলৰ সংস্কৃতিৰ এক আভাস পোৱা যায়।হিমাচল প্ৰদেশত প্ৰায় প্ৰতিটো ঘৰৰ দুৱাৰত নীলা, ৰঙা, সেউজীয়া, হালধীয়া ৰঙৰ দৰে উজ্জ্বল ৰং ব্যৱহাৰ কৰা হয়৷ কংগনাৰ ঘৰৰ প্ৰৱেশদ্বাৰতো নীলা ৰং ব্যৱহাৰ কৰা হৈছে৷ । সেই দৃষ্টিকোণৰ পৰা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শিপা পাহৰি যোৱা নাই বুলি বহুতে মন্তব্য কৰিছে অৱশ্যে কংগনাৰ  বাসগৃহৰ প্ৰৱেশদ্বাৰৰ সতৰ্কবাণীয়ে বহুতকে আচৰিত কৰিও তুলিছে৷ গুলী খোৱাৰ ভয়ত হয়তো এতিয়া কোনেও কংগনাৰ ঘৰলৈ বিনা অনুমতিত কেতিয়াও নাযাব৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ