--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা বিতৰ্কিত মন্তব্য, কেতিয়াবা আকৌ উগ্ৰ মেজাজৰ বাবে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে৷  এইবাৰ অভিনেত্ৰীগৰাকীৰ ঘৰৰ প্ৰৱেশদ্বাৰত  আঁৰি দিয়া এখন জাননীকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

জাননীখন ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কেইবছৰমান আগতে অভিনেত্ৰীগৰাকীয়ে মানালীত তেওঁৰ ৰাজকীয় বাসগৃহৰ সাজসজ্জাৰ এখন ছবি প্ৰকাশ কৰিছিল। কেৱল মানালীতে নহয় মুম্বাইতো 'ৰাণী'ৰ ঘৰ আছে। মুম্বাইৰ ঘৰৰ  প্ৰৱেশদ্বাৰতে এনে ধৰণৰ সতৰ্কবাণী ওলমি আছে। জাননী খনত লিখা আছে, "যিকোনো ধৰণৰ অনুপ্ৰৱেশ নিষিদ্ধ, যদি উলংঘা কৰা হয়,  গুলীবৰ্ষণ কৰা হ'ব। যদি তাৰ পিছতো জীয়াই থাকে তেন্তে পুনৰ গুলি কৰা হ'ব’’। 
কঙ্গনার আবাসের প্রবেশদ্বারের পাশে রাখা এই সেই সাইনবোর্ড।



উল্লেখ্য ২০১৪  চনত অভিনেত্ৰীগৰাকীয়ে 'ৰিভলভাৰ ৰাণী' নামৰ  এখন চলচ্চিত্ৰত অভিনয় কৰিছিল। নেট বিশ্বৰ এটা অংশই  কংগনাৰ ঘৰৰ বাহিৰত লগোৱা জাননী খন দেখাৰ লগে লগে সেই ছবি খনত কংগনাই ৰূপায়ণ কৰা  চৰিত্ৰটোৰ কথা  মনত পেলাইছে। ছবি খনত কংগনাই চকুত চানগ্লাছ, দুয়োখন হাতত পিষ্টল লৈ থকাৰ ছবি এতিয়াও বহুতৰে মনত সজীৱ হৈ আছে৷ 

তেওঁৰ ঘৰৰ ভিতৰভাগ বিলাসী হোটেলতকৈও বেছি বিলাসী। মুম্বাইত থকা কংগনাৰ ঘৰৰ প্ৰতিটো কোণত হিমাচলৰ সংস্কৃতিৰ এক আভাস পোৱা যায়।হিমাচল প্ৰদেশত প্ৰায় প্ৰতিটো ঘৰৰ দুৱাৰত নীলা, ৰঙা, সেউজীয়া, হালধীয়া ৰঙৰ দৰে উজ্জ্বল ৰং ব্যৱহাৰ কৰা হয়৷ কংগনাৰ ঘৰৰ প্ৰৱেশদ্বাৰতো নীলা ৰং ব্যৱহাৰ কৰা হৈছে৷ । সেই দৃষ্টিকোণৰ পৰা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শিপা পাহৰি যোৱা নাই বুলি বহুতে মন্তব্য কৰিছে অৱশ্যে কংগনাৰ  বাসগৃহৰ প্ৰৱেশদ্বাৰৰ সতৰ্কবাণীয়ে বহুতকে আচৰিত কৰিও তুলিছে৷ গুলী খোৱাৰ ভয়ত হয়তো এতিয়া কোনেও কংগনাৰ ঘৰলৈ বিনা অনুমতিত কেতিয়াও নাযাব৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী