--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেছিভাগ ঘৰতে, পইতাচোঁৰাই বাহ সাজে। যাৰ দ্বাৰাই মানুহৰ দেহলৈ ৰোগ বিয়পোৱাই নহয়, বহু প্ৰয়োজনীয় নথিপত্ৰও নষ্ট কৰে। এই পইতাচোঁৰাই যদিহে আপোনাৰ গৃহত বেছিকৈ ওলোৱা দেখা পাইছে তেনেহ'লে গ্ৰহণ কৰক এইসমূহ সাধাৰণ উপায়৷ যাৰ দ্বাৰা আপুনি পৰিত্ৰান পাবলৈ সক্ষম হ'ব৷ 

১৷ তেজপাত  : তেজপাত শুকুৱাই বা ভালদৰে তিয়াই গুৰি কৰি ৰাখিব লাগে। পাউডাৰটো সপ্তাহত কমেও দুবাৰ কৈ ঘৰৰ প্ৰতিটো কোণত বিয়পাই দিয়া হয়, তেন্তে আৰু পইতাচোঁৰাই দেখা নাপাব আপোনাৰ গৃহত। পইতাচোঁৰাই তেজপাতৰ গোন্ধ সহ্য কৰিব নোৱাৰে।

২৷ বৰিক পাউডাৰ: বৰিক পাউডাৰে পইতাচোঁৰা আঁতৰ কৰাত সহায় কৰে। গতিকে এই বৰিক পাউডাৰটো চাউলৰ সৈতে মিহলি কৰি গোটেই ঘৰতে বিয়পাই দিয়ক। এই ভাত খোৱাৰ পিছত, পইতাচোঁৰা তৎক্ষণাৎ মৃত্যু হোৱাৰ লগতে ঘৰৰ পৰা আঁতৰি যায়৷

৩৷ লং আৰু জালুক : লং আৰু জালুক একেলগে ভাজি বা প্ৰখৰ ৰ'দত শুকুৱাৱাই গুৰি কৰি লওক। পাউডাৰটো পানীত মিহলি কৰক আৰু ইয়াক এটা স্প্ৰে বটলত ভৰাই ঘৰৰ কোণত স্প্ৰে কৰক। পইতাচোঁৰা থকা ঠাইত অধিক স্প্ৰে কৰক। 

৪৷ চেনী আৰু বেকিং চ'ডা: চেনীখিনি বেকিং চ'ডাত মিহলি কৰক আৰু ইয়াক পইতাচোঁৰা যোৱাৰ পথত ৰাখক। পইতাচোঁৰাই চেনী খাবলৈ ভাল পায় আৰু বেকিং চ'ডা মিহলি হৈ থকাৰ বাবে সেই চেনী খাই মৃত্যু হ'ব পইতাচোঁৰা। 

মনত ৰাখিব:
আপুনি প্ৰতিদিনে ঘৰটো পৰিষ্কাৰ কৰিব লাগিব।
আপুনি কাপোৰত নেপথালিন ৰাখিব পাৰে।
ঘৰত বনোৱা খাদ্য ঢাকি ৰাখক যাতে পইতাচোঁৰা বা আন কোনো পোক-পতংগ তাত প্ৰৱেশ কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ