--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ ঘটনা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। একে সময়তে কৰ’না ভাইৰাছৰ চতুৰ্থ ঢৌ আহিব পাৰে বুলি আশংকা নুই কৰিব নোৱাৰি। এনে পৰিস্থিতিত যিহেতু বিদ্যালয় খোলা হৈছে কিন্তু সৰু সৰু শিশুসকলক বৰ্তমানলৈকে টিকাকৰণৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই। সেয়েহে শিশুসকলক এই বিপজ্জনক ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰি জানো আহক।

 দিল্লীৰ স্বাস্থ্য বিভাগে শেহতীয়া ডিএমএ বৈঠকত কৈছিল যে অ’মিক্ৰন ৰাষ্ট্ৰীয় ৰাজধানীত এক প্ৰভাৱশালী প্ৰকাৰ হিচাপে চিহ্নিত  হৈছে। ইয়াৰ কাৰণ হ'ল দেশত বিদ্যালয়-মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ পুনৰ খুলিবলৈ আৰম্ভ হৈছে।

 ১২ বছৰৰ তলৰ শিশুসকল কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকা অধিক থাকে। কিয়নো তেওঁলোকক এতিয়ালৈকে টিকাকৰণ কৰা হোৱা নাই। ইফালে শিশুসকলৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বাকী লোকৰ তুলনাত দুৰ্বল। দেশৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ লগে লগে অভিভাৱক আনন্দিত হৈছে যদিও শংকামুক্ত হ’ব পৰা নাই।

 শিশুসকলক ক’ভিডৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব?

 ১. মাস্ক উন্নীত কৰকঃ-বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি শিশুসকলৰ মাস্ক উন্নীত কৰক, যাতে এই বিপজ্জনক ভাইৰাছটোৰ পৰা শিশুসকলক সুৰক্ষা দিব পাৰে। যিসকলক টিকাকৰণ কৰা হোৱা নাই, সেয়েহে সুৰক্ষাৰ বাবে মাস্ক হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প।

 ২. শিশুৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰকঃ-আমি এনেদৰে কৰ’না ভাইৰাছৰ লগতে সময়ে সময়ে যুঁজ দি সহৱস্থান কৰিব লাগিব। কাৰণ এই ভাইৰাছটোক সম্পূৰ্ণৰূপে ভেটি দিয়া এতিয়াও সম্ভৱ হৈ উঠা নাই, কিন্তু অভিভাৱকে শিশুসকলক সংক্ৰমণৰ পৰা সুৰক্ষা দিব লাগিব, সেয়েহে সময়ে সময়ে শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰাই থাকিব লাগে।

 ৩. শিশুসকলৰ আন ভেকচিনসমূহ সম্পন্ন কৰকঃ-আপোনাৰ সন্তানে কৰ’না ভাইৰাছৰ বাহিৰে সকলো ধৰণৰ ভেকচিনসমূহ সম্পন্ন কৰিব। এনে অৱস্থাত ফ্লু ভেকচিন আটাইতকৈ গুৰুত্বপূৰ্ণ বুলিব পাৰে।

 ৪. অভিভাৱকসকলে শিশুক ক’ভিডৰ বিষয়ে অৱগত কৰাওক আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে ক’ভিড প্ৰট’কল অনুসৰণ কৰা, মাস্ক পিন্ধা, সামাজিক দূৰত্ব আৰু চেনিটাইজাৰৰ ব্যৱহাৰৰ বিষয়ে সঠিককৈ বুজাই দিয়ক।

 ৫. শিশুসকলে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলেও কৰ’না ভাইৰাছৰ পৰা সুৰক্ষা দিয়া সম্ভৱ। পুষ্টিকৰ খাদ্যৰ ফলত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰি। বাহিৰৰ খাদ্যৰ সলনি ঘৰুৱা খাদ্য কৰা, শিশুসকল ভিটামিন-ই আৰু আইৰণযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা