--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতত ক’ভিড-১৯ৰ ঘটনা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। একে সময়তে কৰ’না ভাইৰাছৰ চতুৰ্থ ঢৌ আহিব পাৰে বুলি আশংকা নুই কৰিব নোৱাৰি। এনে পৰিস্থিতিত যিহেতু বিদ্যালয় খোলা হৈছে কিন্তু সৰু সৰু শিশুসকলক বৰ্তমানলৈকে টিকাকৰণৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই। সেয়েহে শিশুসকলক এই বিপজ্জনক ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰি জানো আহক।

 দিল্লীৰ স্বাস্থ্য বিভাগে শেহতীয়া ডিএমএ বৈঠকত কৈছিল যে অ’মিক্ৰন ৰাষ্ট্ৰীয় ৰাজধানীত এক প্ৰভাৱশালী প্ৰকাৰ হিচাপে চিহ্নিত  হৈছে। ইয়াৰ কাৰণ হ'ল দেশত বিদ্যালয়-মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ পুনৰ খুলিবলৈ আৰম্ভ হৈছে।

 ১২ বছৰৰ তলৰ শিশুসকল কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকা অধিক থাকে। কিয়নো তেওঁলোকক এতিয়ালৈকে টিকাকৰণ কৰা হোৱা নাই। ইফালে শিশুসকলৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বাকী লোকৰ তুলনাত দুৰ্বল। দেশৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ লগে লগে অভিভাৱক আনন্দিত হৈছে যদিও শংকামুক্ত হ’ব পৰা নাই।

 শিশুসকলক ক’ভিডৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব?

 ১. মাস্ক উন্নীত কৰকঃ-বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি শিশুসকলৰ মাস্ক উন্নীত কৰক, যাতে এই বিপজ্জনক ভাইৰাছটোৰ পৰা শিশুসকলক সুৰক্ষা দিব পাৰে। যিসকলক টিকাকৰণ কৰা হোৱা নাই, সেয়েহে সুৰক্ষাৰ বাবে মাস্ক হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প।

 ২. শিশুৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰকঃ-আমি এনেদৰে কৰ’না ভাইৰাছৰ লগতে সময়ে সময়ে যুঁজ দি সহৱস্থান কৰিব লাগিব। কাৰণ এই ভাইৰাছটোক সম্পূৰ্ণৰূপে ভেটি দিয়া এতিয়াও সম্ভৱ হৈ উঠা নাই, কিন্তু অভিভাৱকে শিশুসকলক সংক্ৰমণৰ পৰা সুৰক্ষা দিব লাগিব, সেয়েহে সময়ে সময়ে শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰাই থাকিব লাগে।

 ৩. শিশুসকলৰ আন ভেকচিনসমূহ সম্পন্ন কৰকঃ-আপোনাৰ সন্তানে কৰ’না ভাইৰাছৰ বাহিৰে সকলো ধৰণৰ ভেকচিনসমূহ সম্পন্ন কৰিব। এনে অৱস্থাত ফ্লু ভেকচিন আটাইতকৈ গুৰুত্বপূৰ্ণ বুলিব পাৰে।

 ৪. অভিভাৱকসকলে শিশুক ক’ভিডৰ বিষয়ে অৱগত কৰাওক আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে ক’ভিড প্ৰট’কল অনুসৰণ কৰা, মাস্ক পিন্ধা, সামাজিক দূৰত্ব আৰু চেনিটাইজাৰৰ ব্যৱহাৰৰ বিষয়ে সঠিককৈ বুজাই দিয়ক।

 ৫. শিশুসকলে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলেও কৰ’না ভাইৰাছৰ পৰা সুৰক্ষা দিয়া সম্ভৱ। পুষ্টিকৰ খাদ্যৰ ফলত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰি। বাহিৰৰ খাদ্যৰ সলনি ঘৰুৱা খাদ্য কৰা, শিশুসকল ভিটামিন-ই আৰু আইৰণযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি