--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰই মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে নানান দিহা দিছে। সেইবোৰৰ মাজৰে কেইটামান দিহাৰ কথা জানো আহক। এনে কথাবোৰ মানি চলিব পাৰিলে ঘৰত ধন-সম্পদ আৰু সুখ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। 

ঘৰৰ দুৱাৰসমূহ উত্তৰ আৰু পূবত থকা সংখ্যাতকৈ দক্ষিণ আৰু পশ্চিমৰ সংখ্যা যেন কম হয়, সেই কথালৈ মন কৰিব।
ঘৰৰ ভিতৰৰ চাৰিওটা কোণ কিছু খালীকৈ ৰাখিব। যাতে ঘৰৰ চাৰিওটা কোণত মানুহে সহজে খোজকাঢ়ি থাকিব পাৰে ।
ঘৰৰ উত্তৰ-পূব দিশত ৰেলিংযুক্ত চিৰি নাৰাখিব ।

ঘৰত কিমানটা আলমাৰী ৰাখিব তাৰ কোনো নির্দিষ্ট সংখ্যা নাই। কিন্তু আলমাৰীসমূহ যাতে উত্তৰ বা পূব কোণত স্থাপন কৰা হয়, সেই কথাৰ প্ৰতি মন দিব।
মাটিৰ তলত কোনো কুঁৱা, জলাধাৰ আদি নিৰ্মাণ কৰিব লগা হ'লে সেয়া উত্তৰ-পূব, উত্তৰ বা পূব দিশে নিৰ্মাণ কৰিব।

ঘৰৰ ছেফটি টেংক কেতিয়াও উত্তৰ-পূব দিশত নিৰ্মাণ নকৰিব ।
ঘৰৰ দক্ষিণ-পশ্চিম অংশত যদি কোনো জলাশয় থাকে তেন্তে সেই জলাশয় যাতে চকুত হঠাতে নপৰে তাৰ বাবে আৱৰণৰ ব্যৱস্থা কৰিব ।
যদি ঘৰৰ শোৱনি কোঠা উত্তৰ-পূব দিশত হয় তেন্তে তাত দেৱ-দেৱীৰ ছবি ৰাখিব। লগতে শুভ চিনো আঁৰি ৰাখিব।

ঘৰৰ অতিথিয়ে বহিব পৰা কোঠা উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে। শোৱাৰ সময়ত সদায় মূৰ দক্ষিণ বা পূব দিশে ৰাখিব লাগে। পঢ়া-শুনা কৰা কোঠা ঘৰৰ দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰ যেন খুব ডাঙৰ অথবা খুব সৰু নহয় তাৰ প্ৰতি মন দিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰ ছয় ফুট × তিনি ফুট জোখৰ হ'ব লাগে ।

যি স্থানত ঘৰ সজা হয় সেই মাটিৰ পৰা যেন কেতিয়াও দুর্গন্ধ নোলায়, সেই কথাৰ প্ৰতি মন দিব লাগে।
ঘৰৰ কাম কৰা লোকসকলৰ বাবে থকা কোঠা উত্তৰ পশ্চিম বা দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে।
ঘৰৰ বেলকনি দক্ষিণ বা পশ্চিম দিশত স্থাপন কৰিব নালাগে।
ঘৰৰ বাৰাণ্ডা সদায় উত্তৰ, পূব আৰু উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব লাগে । ঘৰৰ দক্ষিণ-পূব দিশত কোনো খালী ঠাই এৰিব নালাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে