--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুশাস্ত্ৰই মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে নানান দিহা দিছে। সেইবোৰৰ মাজৰে কেইটামান দিহাৰ কথা জানো আহক। এনে কথাবোৰ মানি চলিব পাৰিলে ঘৰত ধন-সম্পদ আৰু সুখ বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। 

ঘৰৰ দুৱাৰসমূহ উত্তৰ আৰু পূবত থকা সংখ্যাতকৈ দক্ষিণ আৰু পশ্চিমৰ সংখ্যা যেন কম হয়, সেই কথালৈ মন কৰিব।
ঘৰৰ ভিতৰৰ চাৰিওটা কোণ কিছু খালীকৈ ৰাখিব। যাতে ঘৰৰ চাৰিওটা কোণত মানুহে সহজে খোজকাঢ়ি থাকিব পাৰে ।
ঘৰৰ উত্তৰ-পূব দিশত ৰেলিংযুক্ত চিৰি নাৰাখিব ।

ঘৰত কিমানটা আলমাৰী ৰাখিব তাৰ কোনো নির্দিষ্ট সংখ্যা নাই। কিন্তু আলমাৰীসমূহ যাতে উত্তৰ বা পূব কোণত স্থাপন কৰা হয়, সেই কথাৰ প্ৰতি মন দিব।
মাটিৰ তলত কোনো কুঁৱা, জলাধাৰ আদি নিৰ্মাণ কৰিব লগা হ'লে সেয়া উত্তৰ-পূব, উত্তৰ বা পূব দিশে নিৰ্মাণ কৰিব।

ঘৰৰ ছেফটি টেংক কেতিয়াও উত্তৰ-পূব দিশত নিৰ্মাণ নকৰিব ।
ঘৰৰ দক্ষিণ-পশ্চিম অংশত যদি কোনো জলাশয় থাকে তেন্তে সেই জলাশয় যাতে চকুত হঠাতে নপৰে তাৰ বাবে আৱৰণৰ ব্যৱস্থা কৰিব ।
যদি ঘৰৰ শোৱনি কোঠা উত্তৰ-পূব দিশত হয় তেন্তে তাত দেৱ-দেৱীৰ ছবি ৰাখিব। লগতে শুভ চিনো আঁৰি ৰাখিব।

ঘৰৰ অতিথিয়ে বহিব পৰা কোঠা উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে। শোৱাৰ সময়ত সদায় মূৰ দক্ষিণ বা পূব দিশে ৰাখিব লাগে। পঢ়া-শুনা কৰা কোঠা ঘৰৰ দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰ যেন খুব ডাঙৰ অথবা খুব সৰু নহয় তাৰ প্ৰতি মন দিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰ ছয় ফুট × তিনি ফুট জোখৰ হ'ব লাগে ।

যি স্থানত ঘৰ সজা হয় সেই মাটিৰ পৰা যেন কেতিয়াও দুর্গন্ধ নোলায়, সেই কথাৰ প্ৰতি মন দিব লাগে।
ঘৰৰ কাম কৰা লোকসকলৰ বাবে থকা কোঠা উত্তৰ পশ্চিম বা দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে।
ঘৰৰ বেলকনি দক্ষিণ বা পশ্চিম দিশত স্থাপন কৰিব নালাগে।
ঘৰৰ বাৰাণ্ডা সদায় উত্তৰ, পূব আৰু উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব লাগে । ঘৰৰ দক্ষিণ-পূব দিশত কোনো খালী ঠাই এৰিব নালাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ