--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ৰ দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে বহু লোক ৰোগত আক্ৰান্ত হ’বলগীয়া হয়। যেনে-খাদ্য খোৱাৰ লগে লগে শুবলৈ যোৱাৰ অভ্যাস শৰীৰত বহু সমস্যা সৃষ্টি কৰিব পাৰে। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে বা ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে খাদ্য খোৱাৰ লগে লগে শুবলৈ যোৱাৰ পৰিৱৰ্তে খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক।

দৰাচলতে খাদ্য গ্ৰহণৰ পাছত খোজকাঢ়িলে হজম শক্তি উন্নত হয় আৰু স্বাস্থ্যও ভালে থাকে। আয়ুৰ্বেদত খাদ্য খোৱাৰ পাছত খোজকঢ়াৰ ক্ৰিয়া-কলাপতো গুৰুত্ব দিয়া হয়। আয়ুৰ্বেদৰ মতে প্ৰতিজন ব্যক্তিয়ে খাদ্য খোৱাৰ পাছত কমেও ১০০ খোজ কাঢ়িব লাগে। ইয়াৰ ফলত শৰীৰত বহুতো উপকাৰ পোৱা যায়।

খাদ্য খোৱাৰ পাছত কিয় ১০০ খোজকাঢ়িব লাগে?

১) উন্নত হজমঃ-আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ পাছত খোজকাঢ়িলে হজম প্ৰক্ৰিয়া দ্ৰুত হয়, অৰ্থাৎ আপুনি যি খাইছে সেয়া সোনকালে হজম হয়। খোজকঢ়াই খাদ্য সোনকালে হজম কৰাত সহায় কৰাই নহয়, পুষ্টিকৰ উপাদানসমূহ দ্ৰুতভাৱে শোষণ কৰাটোও সহজ কৰি তোলে। খোজকাঢ়িলে বদহজম, পেটৰ বিষ আৰু পেট ফুলাৰ সমস্যা নোহোৱা হয়।

২) বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰেঃ-খাদ্য খোৱাৰ পাছত খোজকাঢ়িলেও বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ হয়, যিয়ে পুষ্টিকৰ পদাৰ্থ সোনকালে শোষণ কৰাত আৰু খাদ্য সোনকালে হজম কৰাত সহায় কৰে। ইয়াৰ লগে লগে আপোনাৰ স্বাস্থ্যও ভাল হৈ থাকে আৰু ওজনো নিয়ন্ত্ৰণত থাকে।

৩) ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰেঃ-খাদ্য খোৱাৰ পাছত খোজকঢ়াৰ অভ্যাসে তেজত ছুগাৰৰ মাত্ৰা সুস্থিৰ কৰি ৰখাৰ কাম কৰে। ডায়েবেটিছ ৰোগীসকলে প্ৰতিটো আহাৰ গ্ৰহণৰ পাছত খোজকাঢ়িব লাগে।

৪) ওজন নিয়ন্ত্ৰণত ৰাখেঃ-খাদ্য খোৱাৰ পাছত খোজকাঢ়িলে খাদ্য সোনকালে হজম হয়। ইয়াৰ ফলত পেটৰ বহু সমস্যাই নোহোৱা কৰাৰ উপৰি খোজকঢ়াৰ ফলত কেলৰি হ্ৰাস হয় আৰু ওজন নিয়ন্ত্ৰণত থাকে।

৫) ভাল টোপনিঃ-খাদ্য গ্ৰহণৰ পাছত খোজকাঢ়িলে দ্ৰুত আৰু সুস্থ টোপনি যায়। কাৰণ খোজকাঢ়িলে খাদ্য সোনকালে হজম হয়, যাৰ ফলত শুই থকাৰ সময়ত কোনো সমস্যাৰ সৃষ্টি নহয় আৰু পাতল অনুভৱ হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'