--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ৰ দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে বহু লোক ৰোগত আক্ৰান্ত হ’বলগীয়া হয়। যেনে-খাদ্য খোৱাৰ লগে লগে শুবলৈ যোৱাৰ অভ্যাস শৰীৰত বহু সমস্যা সৃষ্টি কৰিব পাৰে। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে বা ৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে খাদ্য খোৱাৰ লগে লগে শুবলৈ যোৱাৰ পৰিৱৰ্তে খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক।

দৰাচলতে খাদ্য গ্ৰহণৰ পাছত খোজকাঢ়িলে হজম শক্তি উন্নত হয় আৰু স্বাস্থ্যও ভালে থাকে। আয়ুৰ্বেদত খাদ্য খোৱাৰ পাছত খোজকঢ়াৰ ক্ৰিয়া-কলাপতো গুৰুত্ব দিয়া হয়। আয়ুৰ্বেদৰ মতে প্ৰতিজন ব্যক্তিয়ে খাদ্য খোৱাৰ পাছত কমেও ১০০ খোজ কাঢ়িব লাগে। ইয়াৰ ফলত শৰীৰত বহুতো উপকাৰ পোৱা যায়।

খাদ্য খোৱাৰ পাছত কিয় ১০০ খোজকাঢ়িব লাগে?

১) উন্নত হজমঃ-আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ পাছত খোজকাঢ়িলে হজম প্ৰক্ৰিয়া দ্ৰুত হয়, অৰ্থাৎ আপুনি যি খাইছে সেয়া সোনকালে হজম হয়। খোজকঢ়াই খাদ্য সোনকালে হজম কৰাত সহায় কৰাই নহয়, পুষ্টিকৰ উপাদানসমূহ দ্ৰুতভাৱে শোষণ কৰাটোও সহজ কৰি তোলে। খোজকাঢ়িলে বদহজম, পেটৰ বিষ আৰু পেট ফুলাৰ সমস্যা নোহোৱা হয়।

২) বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰেঃ-খাদ্য খোৱাৰ পাছত খোজকাঢ়িলেও বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ হয়, যিয়ে পুষ্টিকৰ পদাৰ্থ সোনকালে শোষণ কৰাত আৰু খাদ্য সোনকালে হজম কৰাত সহায় কৰে। ইয়াৰ লগে লগে আপোনাৰ স্বাস্থ্যও ভাল হৈ থাকে আৰু ওজনো নিয়ন্ত্ৰণত থাকে।

৩) ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰেঃ-খাদ্য খোৱাৰ পাছত খোজকঢ়াৰ অভ্যাসে তেজত ছুগাৰৰ মাত্ৰা সুস্থিৰ কৰি ৰখাৰ কাম কৰে। ডায়েবেটিছ ৰোগীসকলে প্ৰতিটো আহাৰ গ্ৰহণৰ পাছত খোজকাঢ়িব লাগে।

৪) ওজন নিয়ন্ত্ৰণত ৰাখেঃ-খাদ্য খোৱাৰ পাছত খোজকাঢ়িলে খাদ্য সোনকালে হজম হয়। ইয়াৰ ফলত পেটৰ বহু সমস্যাই নোহোৱা কৰাৰ উপৰি খোজকঢ়াৰ ফলত কেলৰি হ্ৰাস হয় আৰু ওজন নিয়ন্ত্ৰণত থাকে।

৫) ভাল টোপনিঃ-খাদ্য গ্ৰহণৰ পাছত খোজকাঢ়িলে দ্ৰুত আৰু সুস্থ টোপনি যায়। কাৰণ খোজকাঢ়িলে খাদ্য সোনকালে হজম হয়, যাৰ ফলত শুই থকাৰ সময়ত কোনো সমস্যাৰ সৃষ্টি নহয় আৰু পাতল অনুভৱ হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে