--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচক্ষণ কূটনীতিক চাণক্যই তেওঁৰ নানা শ্লোকৰ জৰিয়তে কেতবোৰ বিশেষ উপদেশ দি গৈছে। কেৱল উপদেশেই নহয় তেওঁৰ এই শ্লোকত কেতবোৰ সতর্কবাণীও আছে। চাণক্যই কৈছে যে গণিকাৰ ওচৰলৈ যোৱা পুৰুষ ধনহীন হৈ আহে।

তেনে ধনহীন পুৰুষক এটা সময়ত গণিকায়ো ত্যাগ কৰে। ৰজা যদি শক্তিহীন হয় তেন্তে তেনে শক্তিহীন ৰজাক প্ৰজাই ত্যাগ করে অর্থাৎ তেনে ৰজাক প্ৰজাই ক্ষমতাচ্যুত কৰে। যি গছত কোনো ফল নাথাকে সেই গছ চৰায়ে ত্যাগ কৰে। কাৰণ চৰায়ে ক্ষুধা নিবাৰণৰ বাবে তেনে গছত কোনো ফল বিচাৰি নাপায়। একেদৰে আলহীয়ে গৃহস্থৰ ঘৰত ভোজন কৰাৰ পিছতেই সেই ঘৰ ত্যাগ কৰিব লাগে।

 আলহীয়ে যদি ভোজন কৰাৰ পিছতো সেই ঘৰত শয়ন কৰিব বিচাৰে অথবা আৰু কিছুদিন থাকি যাব বিচাৰে তেন্তে সেয়া গৃহস্থৰ বাবে আমনিদায়ক আৰু এক বোজা স্বৰূপ হৈ পৰে। সেইবাবে আলহীয়ে ভোজন কৰাৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰিব লাগে।চাণক্যই কোৱা মূল কথাটো হ’ল গণিকাই ধনহীন কৰে পুৰুষক, প্রজাই ক্ষমতাচ্যুত কৰে শক্তিহীন ৰজাক, চৰায়ে ফলহীন বৃক্ষক ত্যাগ কৰে। 

তেনেদৰে অতিথিসকলেও আহাৰ গ্ৰহণৰ পিছতেই গৃহস্থৰ ঘৰ ত্যাগ কৰা উচিত।একেদৰে ব্ৰাহ্মণে দক্ষিণা গ্রহণৰ পিছতেই যজমানক ত্যাগ কৰে। শিষ্যই বিদ্যা লাভৰ পিছতেই গুৰুক ত্যাগ কৰে আৰু হৰিণাই অগ্নিদগ্ধ অৰণ্য ত্যাগ কৰে। অর্থাৎ কার্য সিদ্ধি অথবা বিপদৰ আগজাননী অনুসৰি কেতবোৰ স্থান আৰু পাত্র ত্যাগ কৰিব লাগে। 

চাণক্যই তেওঁৰ শ্লোকৰ মাধ্যমেৰে মানুহে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পিছত কেতবোৰ নিৰ্দিষ্ট কাম কৰাৰ পৰামর্শ দিছে। ব্রাহ্মণে পূজা-পাঠ কৰিবলৈ যজমানৰ ঘৰলৈ যায়। যজমানৰ ঘৰত পূজা-পাঠ সম্পূৰ্ণ হোৱাৰ পিছতেই ব্রাহ্মণে যজমানৰ ঘৰ ত্যাগ কৰিব লাগে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে