ডিজিটেল ডেস্ক: ঘৰত ৰখা সৰু সৰু উদ্ভিদসমূহে ঘৰৰ ভিতৰৰ অংশৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। সেউজীয়া পাতে ভাগৰুৱা চকু দুটাক শান্ত কৰে। কিন্তু ৰ’দ-ধুমুহা-বৰষুণত এই গছবোৰ জীয়াই ৰখাটো টান হৈ পৰে। হাজাৰ চেষ্টাৰ কোনো লাভ নোহোৱাৰ দৰেই হয়। যদি আপুনি এনে পৰিস্থিতিত পৰিছে তেন্তে কেইটামান ভুল আপুনি পৰিহাৰ কৰিব লাগিব।

- উদ্ভিদক পানীৰ প্ৰয়োজন। কিন্তু অতিৰিক্ত পানীৰ প্ৰয়োজন নাই। বহুতে প্ৰতিপালন কৰিবলৈ গৈ গছজোপাত সঘনাই পানী দিয়ে। ই গছজোপাৰ ক্ষতি কৰে। প্ৰতি জোপা উদ্ভিদৰ পানী গ্ৰহণ ক্ষমতা বেলেগ বেলেগ। সেই কথা বুজি পোৱাৰ পাছতহে প্ৰয়োজন অনুসৰি পানী দিব লাগে।
- পানীৰ লগতে উদ্ভিদক পোহৰৰ প্ৰয়োজনো হয়। কিছুমান উদ্ভিদক ৰ’দৰ প্ৰয়োজন হয়, কিছুমান গছক আকৌ কেৱল ছাঁত ৰাখিব লাগে। এইবোৰ নিয়ম জানি হে গছ কিনিব।
- ভুল সাৰ ব্যৱহাৰ কৰিলেও গছজোপা মাৰিব পাৰে। আৰু বজাৰত পোৱা বহু সাৰত ৰাসায়নিক পদাৰ্থ থাকে। ই গছজোপাৰ ক্ষতি কৰে। গতিকে পৰাপক্ষত জৈৱিক সাৰৰ ওপৰত নিৰ্ভৰ কৰক।
- কিছুমান উদ্ভিদক অলপ বেছি আৰ্দ্ৰতাৰ প্ৰয়োজন হয়। বহুতে এই কথা লক্ষ্য নকৰে। ই গছজোপাৰ ক্ষতি কৰে। ইচ্ছা কৰিলে স্প্ৰে’ ঘৰতে ৰাখিব পাৰে। যাতে পাতবোৰো পানী দিব পৰা যায়।
- অতি প্ৰয়োজন নহ’লে গছৰ টাব সলনি কৰিব নালাগে। ইয়াৰ ফলত গছজোপাৰ বহু ক্ষতি হয়। প্ৰথমে কোনটো গছৰ বাবে কোনটো টাব সৰ্বোত্তম সেইটো নিৰ্ণয় কৰক।