--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন কাৰণত মানুহৰ চুলি সৰিব পাৰে। চুলি সৰাৰ সমস্যাৰ পৰা কেইটামান সাধাৰণ ঘৰুৱা উপায় অৱলম্বন কৰিয়েই বহু খিনি মুক্ত হ'ব পাৰি। আজিকালি প্ৰদূষণকে ধৰি আন বহু কাৰণতে যিকোনো বয়সৰে লোকৰ চুলি সৰাৰ সমস্যাই দেখা দিব পাৰে।দেহত প্ৰ’টিন, আয়ডিন, মেংগানিজ আদি খাদ্যপ্ৰাণৰ অভাৱ। খাদ্যৰ অভাৱ, ৰক্তহীনতা, অনিদ্ৰা, মানসিক চাপ আদিৰ বাবেও এনে সমস্যা হ'ব পাৰে। তেল, শ্বেম্পু, চুলিত সনা ৰং আদি ব্যৱহাৰৰ ফলতো চুলি সৰিব পাৰে।

চুলি  সৰা সমস্যা ৰ পৰা সকাহ পাবলৈ এনেবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি 

মচুৰ দাইল – চুলিৰ স্বাস্থ্যৰ বাবে মচুৰ বৰ উপকাৰী। মচুৰ দাইলত প্ৰচুৰ পৰিমাণে ফোলিক এচিড পোৱা যায় যি চুলিৰ সুস্বাস্থ্যৰ লগতে কোষৰ বংশবৃদ্ধিত সহায় কৰে। মচুৰ দাইল খোৱাৰ উপৰি চুলিত বটি লগালে সুফল পোৱা যায়।

 বাৰ্লি – বাৰ্লিত প্ৰচুৰ পৰিমাণে আইৰণ আৰু তাম ধাতু পোৱা যায়। ই আমাৰ দেহত থকা লোহিত ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি কৰি চুলিৰ গুড়িবোৰক শক্তিশালী কৰে। বাৰ্লি গাধোৱাৰ আগতে চুলিত লগালে ভাল ফল পোৱা যাব।

 কণী – চুলিৰ বাবে উপকাৰী আন এবিধ খাদ্য হৈছে কণী। কণীত প্ৰচুৰ পৰিমাণে মাল্টি ভিটামিন থকাৰ লগতে প্ৰ’টিন, ওমেগা ৩, জিংক, বায়’টিন, ছেলেনিয়াম আৰু কোলিন পোৱা যায়। কণীত থকা মাল্টি ভিটামিনে চুলিৰ গুড়িবিলাক মজবুত কৰাৰ লগতে চুলিৰ স্বাস্থ্য আৰু উজ্জ্বলতা বৃদ্ধি কৰে।

 নৰসিংহৰ পাত – নৰসিংহৰ পাতে আমাৰ অকালতে চুলি পকা সমস্যা বহুখিনি লাঘৱ কৰে। নৰসিংহ পাতত এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিদ্ৰব্য থাকে যি আমাৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰে।

অ’টছ – চুলিৰ বাবে উপযোগী আন এবিধ খাদ্য হৈছে অ’টছ। অ’টছত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে দৰকাৰী ফেটি এচিড আৰু প্ৰাকৃতিক আঁহ পোৱা যায়। এই দুয়োবিধ পুষ্টিদ্ৰব্যই চুলিৰ কোষৰ বিকাশৰ বাবে উপকাৰী। ইয়াৰ উপৰি অ’টছত যথেষ্ট পৰিমাণে জিংক আৰু আইৰণ পোৱা যায় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ