--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড ভেকচিনৰ বাবে মহিলাসকলৰ মাহেকীয়া চক্ৰতো সমস্যাই দেখা দিবলৈ ধৰিছে। এইমছৰ গৱেষণাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। 

এই গৱেষণাই দাবী কৰিছে যে কোভিড ভেকচিনৰ পাছত প্ৰায় ৬ শতাংশ মহিলাৰ ঋতুচক্ৰ প্ৰভাৱিত হৈছে। এই গৱেষণা দেশৰ ছখন এইমছত কৰা হৈছিল, য’ত ৫৭০৯ গৰাকী মহিলাৰ ওপৰত অধ্যয়ন কৰা হৈছিল।

গৱেষণাৰ মতে এই মহিলাসকলৰ ভিতৰত ৭৮.২% মহিলাই কভিশ্বিল্ডৰ দুটা ড’জ আৰু ২১.৮% মহিলাই ক’ভাক্সিনৰ দুটা ড’জ গ্ৰহণ কৰিছিল। এইমছ গোৰখপুৰৰ শৰীৰবিজ্ঞান বিভাগৰ ডাঃ চাৰুশিলা ৰুকাডিকাৰে কয় যে, যিসকল মহিলাৰ ঋতুচক্ৰ ২৮ৰ পৰা ৩৮ দিনৰ ব্যৱধানত আহে, এনে মহিলাক অধ্যয়নৰ বাবে বাছনি কৰা হৈছিল।

ঋতুচক্ৰত কি কি পৰিৱৰ্তন ঘটিছিল?

গৱেষণাৰ মতে, টিকাকৰণৰ পিছত ৩৩৩ গৰাকী মহিলাৰ ঋতুচক্ৰ অনিয়মিত হৈ পৰে। ৩০১ গৰাকী মহিলাৰ ৰক্তক্ষৰণৰ পৰিমাণৰ পৰিৱৰ্তন ঘটিছিল। একে সময়তে ৭২১ গৰাকী মহিলাৰ ঋতুচক্ৰৰ সময়ত নতুন লক্ষণ দেখা দিছিল, যেনে- দুৰ্বলতা, মূৰৰ বিষ, শৰীৰৰ বিষ। ৰক্তক্ষৰণৰ পৰিমাণ প্ৰায় ৫১ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ৪৮ শতাংশ হ্ৰাস পাইছে।

চিকিৎসকে কি কয়?

কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰত অধ্যয়ন কৰা ডাঃ চাৰুশিলা ৰুকাডিকাৰে কয় যে এই পৰিৱৰ্তন সাময়িক। এনে পৰিস্থিতিত ভেকচিন লোৱাৰ কিছু সময়ৰ পিছত ঋতুচক্ৰ স্বাভাৱিক হৈ পৰে।

বিশ্ব স্বাস্থ্য সংস্থাইও মানি লৈছিল

বিশ্ব স্বাস্থ্য সংস্থাইও এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া বুলি মানি লৈছে। ডাঃ চাৰুশিলাই কয় যে এতিয়া ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ মূল্যায়নৰ বাবে শীঘ্ৰে দ্বিতীয় পৰ্যায়ৰ গৱেষণা আৰম্ভ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি