--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিড ভেকচিনৰ বাবে মহিলাসকলৰ মাহেকীয়া চক্ৰতো সমস্যাই দেখা দিবলৈ ধৰিছে। এইমছৰ গৱেষণাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। 

এই গৱেষণাই দাবী কৰিছে যে কোভিড ভেকচিনৰ পাছত প্ৰায় ৬ শতাংশ মহিলাৰ ঋতুচক্ৰ প্ৰভাৱিত হৈছে। এই গৱেষণা দেশৰ ছখন এইমছত কৰা হৈছিল, য’ত ৫৭০৯ গৰাকী মহিলাৰ ওপৰত অধ্যয়ন কৰা হৈছিল।

গৱেষণাৰ মতে এই মহিলাসকলৰ ভিতৰত ৭৮.২% মহিলাই কভিশ্বিল্ডৰ দুটা ড’জ আৰু ২১.৮% মহিলাই ক’ভাক্সিনৰ দুটা ড’জ গ্ৰহণ কৰিছিল। এইমছ গোৰখপুৰৰ শৰীৰবিজ্ঞান বিভাগৰ ডাঃ চাৰুশিলা ৰুকাডিকাৰে কয় যে, যিসকল মহিলাৰ ঋতুচক্ৰ ২৮ৰ পৰা ৩৮ দিনৰ ব্যৱধানত আহে, এনে মহিলাক অধ্যয়নৰ বাবে বাছনি কৰা হৈছিল।

ঋতুচক্ৰত কি কি পৰিৱৰ্তন ঘটিছিল?

গৱেষণাৰ মতে, টিকাকৰণৰ পিছত ৩৩৩ গৰাকী মহিলাৰ ঋতুচক্ৰ অনিয়মিত হৈ পৰে। ৩০১ গৰাকী মহিলাৰ ৰক্তক্ষৰণৰ পৰিমাণৰ পৰিৱৰ্তন ঘটিছিল। একে সময়তে ৭২১ গৰাকী মহিলাৰ ঋতুচক্ৰৰ সময়ত নতুন লক্ষণ দেখা দিছিল, যেনে- দুৰ্বলতা, মূৰৰ বিষ, শৰীৰৰ বিষ। ৰক্তক্ষৰণৰ পৰিমাণ প্ৰায় ৫১ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ৪৮ শতাংশ হ্ৰাস পাইছে।

চিকিৎসকে কি কয়?

কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰত অধ্যয়ন কৰা ডাঃ চাৰুশিলা ৰুকাডিকাৰে কয় যে এই পৰিৱৰ্তন সাময়িক। এনে পৰিস্থিতিত ভেকচিন লোৱাৰ কিছু সময়ৰ পিছত ঋতুচক্ৰ স্বাভাৱিক হৈ পৰে।

বিশ্ব স্বাস্থ্য সংস্থাইও মানি লৈছিল

বিশ্ব স্বাস্থ্য সংস্থাইও এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া বুলি মানি লৈছে। ডাঃ চাৰুশিলাই কয় যে এতিয়া ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ মূল্যায়নৰ বাবে শীঘ্ৰে দ্বিতীয় পৰ্যায়ৰ গৱেষণা আৰম্ভ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ