--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেস্ক: সংখ্যালঘু সমাজক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ ৰূপান্তৰ কৰিব বিচৰা প্ৰচেষ্টাই ভাৰতক বিভাজিত কৰিব৷ এই উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰাজনে দৃঢ়তাৰে মন্তব্য কৰি কয় যে সংখ্যালঘুক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ হ্ৰাস কৰাৰ প্ৰচেষ্টাই কেৱল ভাৰতক বিভক্ত কৰিব।

তেওঁ শ্ৰীলংকাৰ উদাহৰণ দি এই গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ 
 
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰগৰাকীয়ে কয় যে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত দেশৰ নিম্ন প্ৰদৰ্শনে আমি আগবাঢ়ি থকা পথটো পুনৰ চিন্তা কৰাৰ প্ৰয়োজনীয়তাকে সূচায়। তেওঁ লগতে কয় যে, আমাৰ ভৱিষ্যৎ আমাৰ উদাৰ গণতন্ত্ৰ আৰু ইয়াৰ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাত নিহিত হৈ আছে৷ এইটো প্ৰকৃততে আমাৰ বিকাশৰ বাবে অত্যাৱশ্যকীয়। সংখ্যাগৰিষ্ঠতাবাদী আধিপত্যবাদক কিয় পৰাজিত কৰিব লাগিব সেই সন্দৰ্ভত বৰ্ণনা কৰি তেওঁ কয় যে বৃহৎ সংখ্যালঘুৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনোৱাৰ যিকোনো প্ৰচেষ্টাই দেশখনক বিভক্ত কৰিব আৰু আভ্যন্তৰীণ অসন্তুষ্টি সৃষ্টি কৰিব। এনে কাৰ্যই দেশখনক বিদেশী হস্তক্ষেপৰ প্ৰতি অসুৰক্ষিত কৰি তুলিব বুলি ৰাজনে উল্লেখ কৰে৷

শ্ৰীলংকাত চলি থকা সংকটৰ কথা উল্লেখ কৰি তেওঁ কয় যে দ্বীপৰাষ্ট্ৰখনে ইয়াৰ পৰিণাম এনে এক সময়ত দেখিছে যেতিয়া এখন দেশৰ ৰাজনীতিবিদে সংখ্যালঘু লোকক আক্ৰমণ কৰি চাকৰি সৃষ্টি কৰিবলৈ অক্ষম হোৱাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰে৷

অগ্ৰাধিকাৰৰ এক ভুল ধাৰণা আছে বুলি দাবী কৰি ৰঘুৰাম ৰাজনে কয় যে ৰাষ্ট্ৰই শিক্ষাৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যয় কৰা নাই, যাৰ কৰুণ পৰিণাম হৈছে। বহুতো শিশু দুবছৰ ধৰি বিদ্যালয়লৈ নোযোৱাৰ বাবে এৰি গৈছে। তেওঁলোকৰ মানৱ মূলধন যিটো তেওঁলোকৰ আৰু অনাগত বছৰবোৰত আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ, অথচ আমি তেওঁলোককে অৱহেলা কৰি আছোঁ। আমি প্ৰতিকাৰমূলক শিক্ষাৰ বাবে পৰ্যাপ্ত সম্পদ নিয়োজিত নকৰি তেওঁলোকক বিফল কৰিছোঁ৷

সাম্প্ৰতিক ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত ৰঘুৰাম ৰাজনৰ এই মন্তব্যই স্বাভাৱিকতে নতুন চিন্তাৰ উন্মেষ ঘটাইছে৷ একেসময়তে, দেশৰ সংখ্যালঘু সমাজক লৈ ৰঘুৰাম ৰাজনৰ দৰে অৰ্থনীতিবিদ চিন্তিত হোৱা বিষয়টোৱেও বিশেষ গুৰুত্ব লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু