--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ 'মিগজাউম'-এ মঙলবাৰে দক্ষিণ অন্ধ্ৰ উপকূলত আঘাত কৰিব। বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহে মুখ্যতঃ দক্ষিণ ভাৰতৰ পূব উপকূলতস সংহাৰলীলা  চলাব পাৰে। তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ধুমুহা-বজ্ৰপাত আৰম্ভ হৈছে।চেন্নাই চহৰৰ বহু এলেকা এতিয়া পানীৰ তলত।  ইয়াৰ মাজতে এখন দেৱাল খহি পৰাত দুজন লোকৰ মৃত্যু ঘটিছে। আন এজন লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটো চেন্নাইৰ কানাটুৰত সংঘটিত হৈছে। সেই দেৱালখন কিছুদিন পূৰ্বে   নিৰ্মাণ কৰা হৈছিল। ৰাতিটোৰ বৰষুণৰ পিছত পুৱা দেৱালখন খহি পৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বে  কৈছিল যে ঘূৰ্ণীবতাহৰ প্ৰভাৱত চেন্নাই আৰু কাষৰীয়া জিলাসমূহত দেওবাৰে নিশাৰে পৰা অতি ধাৰাসাৰ বৰষুণ হ'ব। 
এনডিআৰএফ আৰু এছডিআৰএফবাহিনীক জৰুৰীকালীন অৱস্থাৰ বাবে সাজু কৰি ৰখা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত তাম্বাৰাম, পিৰকানকাৰনাই আৰু পেৰুঙ্গালাথুৰ অঞ্চল প্লাৱিত হৈছে। এন ডি আৰ এফৰ কৰ্মীয়ে এই অঞ্চলসমূহত আৱদ্ধ হৈ থকা ১৫ জন লোকক উদ্ধাৰ কৰিছে।  চেন্নাই বিমানবন্দৰো পানীৰে ভৰি পৰিছে। সোমবাৰে নিশা ১১ বজালৈকে বিমান বাতিল কৰা হৈছে।  চহৰখনৰ অন্যতম ৰে'লৱে দলং বেচিন ব্ৰীজেৰে ৰে’ল চলাচল বন্ধ কৰি দিয়া হৈছে। ছখন ৰে’ল বাতিল কৰা হৈছে। প্ৰশাসনে বানৰ কাৰণে ১৪ টা মেট্ৰ’ পথ বন্ধ কৰি দিছে। চেন্নাইত দুৰ্যোগৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে। 

আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ 'মিগজাউম' বৰ্তমান পুডুচেৰীৰ পৰা ২২০ কিলোমিটাৰ পূব আৰু দক্ষিণ-পূবত তথা চেন্নাইৰ পৰাও ২২০ কিলোমিটাৰ  দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহজাক  নেল্লোৰৰ পৰা ৩৮০ কিলোমিটাৰ দক্ষিণ-পূবত আৰু মছলিপত্তনমৰ পৰা ৪৫০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহে  মঙলবাৰে আবেলি দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলত আঘাত কৰাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞানীসকলৰ মতে  ঘূৰ্ণীবতাহে  অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ আৰু মছলিপত্তনমৰ মাজত সংহাৰ চলোৱাৰ আশংকা   আছে। সেই সময়ত এই শক্তিশালী ঘূৰ্ণীবতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ৯০-১০০ কিলোমিটাৰ হ'ব পাৰে। তাৰ পিছত ঘূৰ্ণীবতাহে ইয়াৰ গতিপথ সলনি কৰিব আৰু উত্তৰ দিশে আগবাঢ়িব। মাছমৰীয়াসকলক তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত নাথাকিবলৈ তথা  সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন