--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাগৰত উৎপত্তি হোৱা ঘূৰ্ণীবতাহ 'মিগজাউম'-এ মঙলবাৰে দক্ষিণ অন্ধ্ৰ উপকূলত আঘাত কৰিব। বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহে মুখ্যতঃ দক্ষিণ ভাৰতৰ পূব উপকূলতস সংহাৰলীলা  চলাব পাৰে। তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত ইতিমধ্যে ধুমুহা-বজ্ৰপাত আৰম্ভ হৈছে।চেন্নাই চহৰৰ বহু এলেকা এতিয়া পানীৰ তলত।  ইয়াৰ মাজতে এখন দেৱাল খহি পৰাত দুজন লোকৰ মৃত্যু ঘটিছে। আন এজন লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটো চেন্নাইৰ কানাটুৰত সংঘটিত হৈছে। সেই দেৱালখন কিছুদিন পূৰ্বে   নিৰ্মাণ কৰা হৈছিল। ৰাতিটোৰ বৰষুণৰ পিছত পুৱা দেৱালখন খহি পৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বে  কৈছিল যে ঘূৰ্ণীবতাহৰ প্ৰভাৱত চেন্নাই আৰু কাষৰীয়া জিলাসমূহত দেওবাৰে নিশাৰে পৰা অতি ধাৰাসাৰ বৰষুণ হ'ব। 
এনডিআৰএফ আৰু এছডিআৰএফবাহিনীক জৰুৰীকালীন অৱস্থাৰ বাবে সাজু কৰি ৰখা হৈছে। ধাৰাসাৰ বৰষুণৰ ফলত তাম্বাৰাম, পিৰকানকাৰনাই আৰু পেৰুঙ্গালাথুৰ অঞ্চল প্লাৱিত হৈছে। এন ডি আৰ এফৰ কৰ্মীয়ে এই অঞ্চলসমূহত আৱদ্ধ হৈ থকা ১৫ জন লোকক উদ্ধাৰ কৰিছে।  চেন্নাই বিমানবন্দৰো পানীৰে ভৰি পৰিছে। সোমবাৰে নিশা ১১ বজালৈকে বিমান বাতিল কৰা হৈছে।  চহৰখনৰ অন্যতম ৰে'লৱে দলং বেচিন ব্ৰীজেৰে ৰে’ল চলাচল বন্ধ কৰি দিয়া হৈছে। ছখন ৰে’ল বাতিল কৰা হৈছে। প্ৰশাসনে বানৰ কাৰণে ১৪ টা মেট্ৰ’ পথ বন্ধ কৰি দিছে। চেন্নাইত দুৰ্যোগৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে। 

আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ 'মিগজাউম' বৰ্তমান পুডুচেৰীৰ পৰা ২২০ কিলোমিটাৰ পূব আৰু দক্ষিণ-পূবত তথা চেন্নাইৰ পৰাও ২২০ কিলোমিটাৰ  দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহজাক  নেল্লোৰৰ পৰা ৩৮০ কিলোমিটাৰ দক্ষিণ-পূবত আৰু মছলিপত্তনমৰ পৰা ৪৫০ কিলোমিটাৰ দক্ষিণ আৰু দক্ষিণ-পূবত আছে। ঘূৰ্ণীবতাহে  মঙলবাৰে আবেলি দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলত আঘাত কৰাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞানীসকলৰ মতে  ঘূৰ্ণীবতাহে  অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ আৰু মছলিপত্তনমৰ মাজত সংহাৰ চলোৱাৰ আশংকা   আছে। সেই সময়ত এই শক্তিশালী ঘূৰ্ণীবতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ৯০-১০০ কিলোমিটাৰ হ'ব পাৰে। তাৰ পিছত ঘূৰ্ণীবতাহে ইয়াৰ গতিপথ সলনি কৰিব আৰু উত্তৰ দিশে আগবাঢ়িব। মাছমৰীয়াসকলক তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত নাথাকিবলৈ তথা  সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement