--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে মব লিঞ্চিঙৰ সন্দৰ্ভত কেন্দ্ৰ আৰু কেইবাখনো ৰাজ্যৰ আৰক্ষী প্ৰধানক জাননী জাৰি কৰে। জনস্বাৰ্থজড়িত এক মামলা (পিআইএল)ৰ ভিত্তিত এই পদক্ষেপ লৈছে ন্যায়ালয়ে।

বিগত দুমাহত সংঘটিত হোৱা ছটা গোচৰৰ ভুক্তভোগীৰ ক্ষতিপূৰণৰ দাবীও পিআইএলখনত অন্তৰ্ভূক্ত আছিল। লগতে ২০১৮ চনৰ তেহছিন পুনাৱালা কাণ্ডৰ পাছত ইয়াৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰা সত্ত্বেও মব লিঞ্চিং চলি অহাক উদ্বেগ প্ৰকাশ কৰা হয়।

নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনে দাখিল কৰা এই আবেদন সন্দৰ্ভত ন্যায়াধীশ বি আৰ গাভাই আৰু জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে কেন্দ্ৰ আৰু হাৰিয়ানা, মধ্যপ্ৰদেশ, বিহাৰ, ৰাজস্থান, ওড়িশা, মহাৰাষ্ট্ৰকে ধৰি ছয়খন ৰাজ্যলৈ জাননী জাৰি কৰে।

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক বিচাৰপীঠে কয় যে উচ্চ ন্যায়ালয়ৰ পৰা এনে সকাহ বিচাৰিব পাৰি যদিও এই আবেদনত ছয়খন ভিন্ন ৰাজ্যৰ পৰা ৰিপ’ৰ্ট কৰা মব লিঞ্চিংৰ ছটা গোচৰ দাখিল কৰা হৈছে।

আবেদনখনত ভুক্তভোগীসকলক ক্ষতিপূৰণ হিচাপে “নূন্যতম ধনৰাশি” প্ৰদান কৰিবলৈ দাবী কৰা হৈছে। উক্ত ধনৰাশিৰ এটা অংশ ভুক্তভোগী পৰিয়ালসমূহক তেওঁলোকৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহৰ বাবে আগতীয়াকৈ প্ৰদান কৰিবলৈও দাবী কৰা হৈছে।

অধিবক্তা ৰশ্মী সিঙে আবেদনখনৰ খচৰা প্ৰস্তুত কৰিছে। আবেদনখনত কোৱা হৈছে যে তেহছিন পুনাৱালাৰ ৰায়দানৰ জৰিয়তে সকলো ব্যক্তিৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা ৰক্ষাৰ লগতে ধৰ্মনিৰপেক্ষ, বহুত্ববাদী আৰু বহুসংস্কৃতিবাদী সামাজিক ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰৰ ইতিবাচক কৰ্তব্যক স্বীকৃতি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে