--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে মব লিঞ্চিঙৰ সন্দৰ্ভত কেন্দ্ৰ আৰু কেইবাখনো ৰাজ্যৰ আৰক্ষী প্ৰধানক জাননী জাৰি কৰে। জনস্বাৰ্থজড়িত এক মামলা (পিআইএল)ৰ ভিত্তিত এই পদক্ষেপ লৈছে ন্যায়ালয়ে।

বিগত দুমাহত সংঘটিত হোৱা ছটা গোচৰৰ ভুক্তভোগীৰ ক্ষতিপূৰণৰ দাবীও পিআইএলখনত অন্তৰ্ভূক্ত আছিল। লগতে ২০১৮ চনৰ তেহছিন পুনাৱালা কাণ্ডৰ পাছত ইয়াৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰা সত্ত্বেও মব লিঞ্চিং চলি অহাক উদ্বেগ প্ৰকাশ কৰা হয়।

নেশ্যনেল ফেডাৰেচন অৱ ইণ্ডিয়ান উইমেনে দাখিল কৰা এই আবেদন সন্দৰ্ভত ন্যায়াধীশ বি আৰ গাভাই আৰু জে বি পাৰ্দিৱালাৰ বিচাৰপীঠে কেন্দ্ৰ আৰু হাৰিয়ানা, মধ্যপ্ৰদেশ, বিহাৰ, ৰাজস্থান, ওড়িশা, মহাৰাষ্ট্ৰকে ধৰি ছয়খন ৰাজ্যলৈ জাননী জাৰি কৰে।

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক বিচাৰপীঠে কয় যে উচ্চ ন্যায়ালয়ৰ পৰা এনে সকাহ বিচাৰিব পাৰি যদিও এই আবেদনত ছয়খন ভিন্ন ৰাজ্যৰ পৰা ৰিপ’ৰ্ট কৰা মব লিঞ্চিংৰ ছটা গোচৰ দাখিল কৰা হৈছে।

আবেদনখনত ভুক্তভোগীসকলক ক্ষতিপূৰণ হিচাপে “নূন্যতম ধনৰাশি” প্ৰদান কৰিবলৈ দাবী কৰা হৈছে। উক্ত ধনৰাশিৰ এটা অংশ ভুক্তভোগী পৰিয়ালসমূহক তেওঁলোকৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহৰ বাবে আগতীয়াকৈ প্ৰদান কৰিবলৈও দাবী কৰা হৈছে।

অধিবক্তা ৰশ্মী সিঙে আবেদনখনৰ খচৰা প্ৰস্তুত কৰিছে। আবেদনখনত কোৱা হৈছে যে তেহছিন পুনাৱালাৰ ৰায়দানৰ জৰিয়তে সকলো ব্যক্তিৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা ৰক্ষাৰ লগতে ধৰ্মনিৰপেক্ষ, বহুত্ববাদী আৰু বহুসংস্কৃতিবাদী সামাজিক ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰৰ ইতিবাচক কৰ্তব্যক স্বীকৃতি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস