--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা গৰম খাদ্য খোৱা বা চাহ বা কফিৰ দৰে গৰম পানীয় খালে মানুহৰ জিভা জ্বলি যায়। এনেকুৱা হ'লে জিভাখনত বহু দেৰিলৈকে ফৰফৰণি উঠি থাকে। কেতিয়াবা ই পাছলৈ জিভাত ফোঁহা বা বিষৰ কাৰণ হৈ পৰে। জ্বলা-পোৰা জিভাৰে কোনো বস্তু খোৱা বা পান কৰাত মানুহৰ অসুবিধা হয়। যদি আপুনিও এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে এই সমস্যাৰ পৰা তৎক্ষণাত সকাহ পাবলৈ এই ঘৰুৱা উপায়বোৰ গ্ৰহণ কৰক

আইচক্ৰীমঃ জ্বলা বা গৰম খাদ্যৰ বাবে জিভা জ্বলিলে আইচক্ৰীম সেৱন কৰিব পাৰি। আইচক্ৰীমে জিভাৰ জ্বালা কমাই জিভা শিথিল কৰিব পাৰে। ইয়াক মুখত লগাই লগে লগে নাখাব, জিভাত গলি যোৱালৈকে ৰাখিব। ই বিৰক্তি দূৰ কৰে।

মৌঃ মৌত এন্টিবেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে বিৰক্তি হ্ৰাস কৰাত অত্যন্ত সহায়ক। এচামুচ মৌ মুখত ভৰাই গিলাৰ আগত অলপ সময় মুখত লৈ থাকক। দুই-তিনিবাৰ এনেদৰে কৰিলে আপুনি আৰাম পাব।

চ্যুইংগামঃ চ্যুইংগামে আপোনাৰ জিভাক নৰম কৰি শিথিল কৰি তুলিব। ই মুখত লেলাউটি উৎপাদন ত্বৰান্বিত কৰে, যাৰ ফলত মুখখন সদায় আৰ্দ্ৰ হৈ থাকে আৰু বিষৰ পৰা উপশম পায়।

দৈঃ জিভা জ্বলাৰ উত্তম ঘৰুৱা ঔষধ দৈ। ইয়াৰ শীতল গুণ আছে। জিভা জ্বলা-পোৰা কৰাৰ লগে লগে এচামুচ দৈ খাব লাগে। এচামুচ দৈ লৈ কেইমিনিটমান জিভাত ৰাখি গিলিলে সকাহ পাব।

পদিনাঃ পদিনাৰ মেন্থল গুণ থাকে যিয়ে বিৰক্তিকৰ অংশটোৰ প্ৰদাহ হ্ৰাস কৰে। পদিনাত থকা এন্টিবেক্টেৰিয়েল গুণে ছালখনক ক্ষতিৰ পৰা ৰক্ষা কৰে। জ্বলা জিভাত পদিনা টুথপেষ্ট লগাব পাৰে, ইয়াৰ ফলত আপুনি সকাহ পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক