--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গণেশ চতুৰ্থী অৰ্থাৎ গৌৰীৰ পুত্ৰ গজাননৰ জন্ম দিৱস ৩১ আগষ্টত উদযাপন কৰা হ’ব। গণপতি বাপ্পাক পূজা কৰিলে বুদ্ধি-ঐশ্বৰ্য্য আৰু সুখ-সমৃদ্ধি বৃদ্ধি পায় বুলি কোৱা হয়। গণেশ উৎসৱত গণপতিক পূজা কৰিলে সকলো দুখ-কষ্টৰ দূৰ কৰি সৌভাগ্যশালী হয় বিশ্বাস কৰা হয়।

গণপতিৰ জন্মৰ কাহিনী সকলোৱে জানে, কিন্তু তেওঁৰ বিবাহ দুগৰাকীৰ লগত কিয় হৈছিল জানেনে? আহকচোন গণপতিৰ বিবাহৰ বিষয়ে জানো।

১. গণপতিৰ দুগৰাকীৰ লগত বিবাহ কিয় হৈছিল?

কিংবদন্তি অনুসৰি এবাৰ গণেশক তপস্যাত মুগ্ধ হোৱা দেখি তুলসীয়ে তেওঁৰ প্ৰতি আৰ্কষিত হৈ পৰিছিল। তুলসীয়ে গণপতিৰ সন্মুখত বিয়াৰ প্ৰস্তাৱ দিছিল যদিও গণেশে নিজকে বৈবাহিক বুলি দাবী কৰি বিবাহ কৰিবলৈ অস্বীকাৰ কৰিছিল। গণপতিৰ কথা শুনি তুলসীৰ খং উঠিল আৰু গজাননক অভিশাপ দিলে যে তোমাৰ দুগৰাকী সৈতে বিবাহ সম্পন্ন হ’ব।

২. ৰিদ্ধি-সিদ্ধি কেনেকৈ গণপতিৰ পত্নী হ’ল? (ভগৱান গণেশৰ বিবাহ কাহিনী)

আন এটা কাহিনী অনুসৰি ভগৱান গণেশৰ দেহৰ গঠনৰ বাবেই কোনেও বিয়া কৰাবলৈ সাজু নাছিল। সেয়েহে গণপতিয়ে দেৱতাসকলৰ বিবাহত বাধাৰ সৃষ্টি কৰিবলৈ ধৰিলে। গণপতিৰ এনে আচৰণৰ বাবেই দেৱতাসকলে নিজৰ সমস্যা লৈ ব্ৰহ্মাক জনাবলৈ ধৰিলে। ব্ৰহ্মায়ে তেওঁৰ দুই মানস কন্যা ৰিদ্ধি আৰু সিদ্ধিক গণেশৰ পৰা দীক্ষা ল’বলৈ পঠিয়াইছিল। গণেশৰ সন্মুখত যেতিয়া বিবাহৰ তথ্য আহিছিল, তেতিয়া ৰিদ্ধি আৰু সিদ্ধিয়ে তেওঁলোকৰ দৃষ্টি আঁতৰাই পেলাইছিল। পলত সকলোৰে বিবাহ কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ’ল যদিও গণেশে এই কথা গম পোৱাৰ লগে লগে তেওঁ ৰিদ্ধি আৰু সিদ্ধিৰ ওপৰত খং উঠিবলৈ ধৰিলে। তাৰ পাছত ব্ৰহ্মায়ে গণপতিৰ সন্মুখত ৰিদ্ধি-সিদ্ধিৰ লগত বিবাহৰ প্ৰস্তাৱ দিলে আৰু গণেশে সেই প্ৰস্তাৱ মানি লৈছিল। এইদৰে গণপতিৰ দুগৰাকী পত্নী হৈছিল। গণপতিৰ ৰিদ্ধি-সিদ্ধিৰ দুই সন্তান আছিল, যাৰ নাম আছিল শুভ আৰু লাভ আছিল। পৌৰাণিক বিশ্বাস অনুসৰি গণেশৰ আমোদ আৰু প্ৰমোদ নামৰ দুজন নাতিও আছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক