--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰৰ দ্ৰৱীভূত খনিজ পদাৰ্থবোৰ প্ৰস্ৰাৱৰ জৰিয়তে ওলাই আহিব নোৱাৰে, তেতিয়া বৃক্কত জমা হ'বলৈ আৰম্ভ কৰে। ইয়াৰ বাবেই বৃক্কত পাথৰৰ সৃষ্টি হয়। বৃক্কত পাথৰৰ সমস্যা আজিকালি অতি সাধাৰণ হৈ পৰিছে আৰু সকলো বয়সৰ লোক বৃক্কত পাথৰ হোৱা সমস্যাত ভুগি থকা দেখা যায়। বহু সময়ত প্ৰস্ৰাৱৰ জৰিয়তে বৃক্কৰ পাথৰ নিজাববীয়াকৈ ওলাই আহে, কিন্তু কিছুমানৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ জৰিয়তে আঁতৰোৱাৰ প্ৰয়োজন হয়। বৃক্কত পাথৰ হোৱা ৰোগীয়ে গ্ৰীষ্মকালত বিশেষ যত্ন লোৱা উচিত। কাৰণ এই বতৰত পাথৰৰ বিষৰ সূচনা হ'ব পাৰে। ইয়াৰ বাহিৰেও গ্ৰীষ্মকালত বৃক্কত পাথৰ গঠন হোৱাৰ সম্ভাৱনা অতি বেছি। ইয়াৰ কাৰণ কি আৰু কেনেকৈ ইয়াৰ পৰা হাত সাৰিব পাৰি এই বিষয়ে চিকিৎসকৰ পৰা জানো আহক।

দিল্লীৰ মিনিমাল এক্সেছ স্মাৰ্ট চাৰ্জাৰী হস্পিতালৰ ইউৰ'লজী বিভাগৰ মুৰব্বী ডাঃ অংকিত গোৱালে কয় যে গৰমৰ দিনত কিডনীত পাথৰৰ সমস্যা বাঢ়ি যায়, কাৰণ গৰমৰ দিনত আমাৰ শৰীৰে অধিক ঘাম নিঃসৰণ কৰাৰ ফলত শৰীৰত পানীৰ অভাৱ হয়। এনে অৱস্থাত বৃক্কৰ পাথৰৰ বিষৰ সম্ভাৱনা বাঢ়ি যোৱাৰ উপৰি গ্ৰীষ্মকালত কিডনীত পাথৰ গঠন হোৱাৰ আশংকাও বেছি, কাৰণ এই বতৰত পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাৰ বাবে প্ৰস্ৰাৱ অধিক ঘন হৈ পৰে। ইয়াৰ বাবে খনিজ পদাৰ্থবোৰ স্ফটিকীয় হ'বলৈ আৰম্ভ কৰি শিলৰ ৰূপ লয়। বিশেষকৈ কম পানী খোৱা লোকসকলৰ গৰমৰ দিনত কিডনীত পাথৰ হোৱাৰ আশংকা বেছি।

ডাঃ অংকিত গোৱালে কয় যে গ্ৰীষ্মকালত কিডনীত পাথৰ হোৱাৰ পৰা হাত সাৰিবলৈ মানুহে দৈনিক ২.৫ৰ পৰা ৩ লিটাৰ পানী খোৱা উচিত। ইয়াৰ উপৰি নিমখৰ পৰিমাণ কমাই স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে। কেলচিয়াম আৰু অক্সালেট সমৃদ্ধ খাদ্য যেনে-শুকান ফলৰ পৰিমাণ সুষম পৰিমাণত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। এইবোৰ অতিমাত্ৰা সেৱন কৰিলেও ক্ষতিকাৰক হ'ব পাৰে। নিয়মীয়াকৈ ব্যায়াম কৰাৰৰ অভ্যাস কৰক। ইয়াৰ ফলত আপোনাৰ সামগ্ৰিক স্বাস্থ্য উপকৃত হোৱাৰ লগতে কিডনীৰ পাথৰ পৰা আঁতৰি থকাটো সহায়ক হ'ব। যদি আপুনি ইতিমধ্যে কিডনী পাথৰৰ সমস্যাত ভুগিছে, তেন্তে ইউৰ'লজিষ্টৰ কাষ চাপক। চিকিৎসকৰ পৰামৰ্শ মানি চলক আৰু শৰীৰক জলসঞ্চিত কৰি ৰাখক। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু