--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে বহুতো পদ্ধতি গ্ৰহণ কৰে। কিছুমান মানুহে এয়াৰ কণ্ডিচনাৰৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান মানুহে নিজৰ ঘৰ বা গাড়ীৰ চাদত প্ৰাকৃতিক ঘাঁহৰ আৱৰণ সৃষ্টি কৰি ৰ’দৰ তীব্ৰ উত্তাপৰ পৰা ৰক্ষা পৰে।

কিন্তু শেহতীয়াকৈ এজন মানুহে এটা কাণ্ড কৰিছে, যিটো অত্যন্ত নতুন! মানুহজনে নিজৰ গাড়ীখনৰ বাহিৰৰ অংশটো গোবৰেৰে লেপি লৈছে, যাতে ভিতৰখন ঠাণ্ডা হৈ থাকে। তাৰ ছবিখন ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

মধ্য প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। পেছাত হোমিঅ’পেথিক চিকিৎসক সুশীল সাগৰে এই কাণ্ড কৰিছে। তেওঁ কয়- ''গৰমত উষ্ণতা বৃদ্ধি হ’লে গাড়ীৰ মূৰৰ ওপৰত থকা ধাতুৰ তৰপটোও গৰম হৈ পৰে। গতিকে গাড়ীৰ বাহিৰৰ ফালে এই গোবৰৰ আৱৰণ ৰাখিলে আভ্যন্তৰীণ জলবায়ু বহুত ঠাণ্ডা কৰি ৰখাত সহায় কৰে। তেল খৰচ কৰি গাড়ীৰ এচি অন নকৰাকৈ গাড়ীখন ঠাণ্ডা কৰি ৰাখিব পাৰি।"

গ্ৰামাঞ্চলত মাটিৰে লেপা ঘৰবোৰ ঠাণ্ডা কৰি ৰাখিবলৈ বেৰ বা মজিয়া গৰুৰ গোবৰেৰে ঢাকি ৰখাৰ প্ৰথা আছে। কিন্তু গাড়ীৰ ওপৰত গোবৰৰ ক্ষেত্ৰখন সঁচাকৈয়ে বেলেগ। সুশীলে কয়, “এই আৱৰণ লগোৱাৰ পিছত অত্যন্ত গৰমতো গাড়ীৰ এচি সোনকালে ঠাণ্ডা হৈ যায়, তেলৰো ৰাহি হয়। গাড়ীখন যদি ধুই বা বৰষুণ দিয়া নহয়, তেন্তে এটা আৱৰণেৰে একেৰাহে দুমাহলৈকে কাম কৰিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে