--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছে। ভাৰতীয় দূতাবাসৰ দায়িত্বত থকা অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰদূত বেৰী অ'ফাৰেলে পদকটো ৰতন টাটাক প্ৰদান কৰে৷ জানিব পৰা মতে ভাৰত-অষ্ট্ৰেলিয়া দ্বিপাক্ষিক সম্পৰ্কত ৰতন টাটাৰ অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে। 

টাটা গোটৰ প্ৰাক্তন অধ্যক্ষজনে দুয়োখন দেশৰ মাজত ব্যৱসায়িক সম্পৰ্কৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছে। তদুপৰি তেওঁ বিভিন্ন সময়ত কেংগাৰুৰ দেশখনত বিভিন্ন সমাজ সেৱাৰ কাম কৰিছে।ৰাষ্ট্ৰদূত বেৰী অ'ফাৰেলে ৰতন টাটাক অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া (এঅ') পদক প্ৰদান কৰাৰ এখন ফটো শ্বেয়াৰ কৰিছে। তেওঁ কয় যে কেৱল ভাৰততে নহয়, ৰতন টাটাৰ কামে তেওঁক অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ মাজতো জনপ্ৰিয় কৰিছে৷  ৰতন টাটাক ২০০৮ চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।

তেওঁক বাবে ভাৰত ৰত্নৰ দাবীও উঠিছিল৷  অৱশ্যে, প্ৰবীণ উদ্যোগপতিজনে নিজেই ভাৰত ৰত্নৰ দাবীৰ প্ৰতি সঁহাৰি দিয়া নাছিল৷  এই দাবী এইবাৰ  পুনৰ উত্থাপন কৰা হৈছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ লিখা এখন পত্ৰত ৱাইএছআৰ কংগ্ৰেছৰ সাংসদ ৰঘু ৰামকৃষ্ণ ৰাজুৱে ৰতন টাটাৰ বাবে ভাৰত ৰত্ন দাবী কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন