--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হৈছে। ভাৰতীয় দূতাবাসৰ দায়িত্বত থকা অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰদূত বেৰী অ'ফাৰেলে পদকটো ৰতন টাটাক প্ৰদান কৰে৷ জানিব পৰা মতে ভাৰত-অষ্ট্ৰেলিয়া দ্বিপাক্ষিক সম্পৰ্কত ৰতন টাটাৰ অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান প্ৰদান কৰা হৈছে। 

টাটা গোটৰ প্ৰাক্তন অধ্যক্ষজনে দুয়োখন দেশৰ মাজত ব্যৱসায়িক সম্পৰ্কৰ বিকাশত যথেষ্ট অৰিহণা যোগাইছে। তদুপৰি তেওঁ বিভিন্ন সময়ত কেংগাৰুৰ দেশখনত বিভিন্ন সমাজ সেৱাৰ কাম কৰিছে।ৰাষ্ট্ৰদূত বেৰী অ'ফাৰেলে ৰতন টাটাক অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া (এঅ') পদক প্ৰদান কৰাৰ এখন ফটো শ্বেয়াৰ কৰিছে। তেওঁ কয় যে কেৱল ভাৰততে নহয়, ৰতন টাটাৰ কামে তেওঁক অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ মাজতো জনপ্ৰিয় কৰিছে৷  ৰতন টাটাক ২০০৮ চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।

তেওঁক বাবে ভাৰত ৰত্নৰ দাবীও উঠিছিল৷  অৱশ্যে, প্ৰবীণ উদ্যোগপতিজনে নিজেই ভাৰত ৰত্নৰ দাবীৰ প্ৰতি সঁহাৰি দিয়া নাছিল৷  এই দাবী এইবাৰ  পুনৰ উত্থাপন কৰা হৈছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ লিখা এখন পত্ৰত ৱাইএছআৰ কংগ্ৰেছৰ সাংসদ ৰঘু ৰামকৃষ্ণ ৰাজুৱে ৰতন টাটাৰ বাবে ভাৰত ৰত্ন দাবী কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে