--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি দৈনন্দিন জীৱনত বহুতো সমস্যাৰ সন্মুখীন হওঁ কিন্তু প্ৰতিটো সমস্যাৰ বাবে ডাক্তৰৰ ওচৰলৈ যাবলৈ ভাল নাপাওঁ। ঘৰুৱা মছলা খালে কিছু স্বাস্থ্যজনিত সমস্যাৰ পৰা উপশম পাব পাৰি। তেনে এটা মছলা হ'ল হিং, যিটো খাদ্যত দিলে সুগন্ধি বৃদ্ধি পায়, কিন্তু আপুনি জানেনে যে হিং ব্যৱহাৰ কৰি আমি বহুতো ৰোগৰ পৰা মুক্তি পাব পাৰো, কাৰণ ই ঔষধি গুণৰ ভাণ্ডাৰ। বহু বিশেষজ্ঞৰ মতে আমি যদি গৰম পানীৰ লগত মিহলাই হিং খাওঁ, তেন্তে স্বাস্থ্যৰ বাবে বহুতো আচৰিত উপকাৰ হ’ব পাৰে।

হিং পানী কেনেকৈ প্ৰস্তুত কৰিব?

আপুনি ঘৰতে হিং পানী প্ৰস্তুত কৰিব পাৰে আৰু ইয়াৰ বাবে বিশেষ কষ্টৰ প্ৰয়োজন নহ’ব। আপুনি এগিলাচ পানী অলপ গৰম কৰি তাৰ পিছত তাত এচিকুট হিং মিহলাই খালী পেটত খাব।

হিং পানীৰ উপকাৰিতা

১) মূৰৰ বিষঃ যিসকল লোকে প্ৰায়ে মূৰৰ বিষৰ অভিযোগ কৰে তেওঁলোকৰ বাবে হিং পানী অতি উপযোগী হ’ব পাৰে। এই মছলাবিধৰ প্ৰদাহ নিবাৰণকাৰী গুণ থকা দেখা যায়। লগতে মূৰৰ ৰক্তবাহী নলী ফুলা কমায়, যাৰ ফলত মূৰৰ বিষৰ পৰা সকাহ পোৱা যায়।

২) চৰ্দি আৰু কাহঃ শ্বাস-প্ৰশ্বাসজনিত সমস্যা গৰম পানী আৰু হিং সেৱন কৰি দূৰ কৰিব পাৰি। যদি আপোনাৰ চৰ্দি, কাহ হয় তেন্তে ই আপোনাৰ বাবে ঔষধ হিচাপে প্ৰমাণিত হ’ব পাৰে। পৰিৱৰ্তিত বতৰত নিয়মিতভাৱে ইয়াক খাব লাগে।

৩) ওজন হ্ৰাসঃ আপুনি হয়তো নাজানে যে হিং পানীৰ সহায়ত আপুনি বৃদ্ধি পোৱা ওজনো হ্ৰাস কৰিব পাৰে, কাৰণ ই তেজত বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু ওজন নিয়ন্ত্ৰণত ৰাখে। 

৪) হৃদৰোগঃ হিং পানী সেৱন কৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনাও বহুত কমি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক