--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পানী অবিহনে জীৱনৰ কথা কল্পনা কৰিব নোৱাৰি। পানীয়ে আমাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে বহুতো কামত সহায় কৰে। কিন্তু পানী খোৱাৰ সুফল পাবলৈ হ’লে সঠিক পদ্ধতিৰে পানী খোৱাটো প্ৰয়োজনীয়। অষ্টাংগ সাধক তথা প্ৰাণায়ামৰ শিক্ষক প্ৰশান্তৰ আয়েংগাৰ মতে ৮৫ শতাংশতকৈ অধিক লোকে ভুলকৈ পানী খায়। যাৰ ফলত তেওঁলোকৰ চুলি সৰা, কোষ্ঠকাঠিন্য আৰু হৃদৰোগ আদি বহুতো সমস্যা হ’ব পাৰে।

ভুল পদ্ধতিৰে পানী খোৱাৰ ফলত গাঠিৰ বিষ, হৃদৰোগ, কোষ্ঠকাঠিন্য, বদহজম, পেটৰ সমস্যা, ছালৰ সমস্যা, চুলি সৰা সমস্যা আদি হ'ব পাৰে।‌

এই ক্ষেত্ৰত আপুনি কি কৰিব জানক

১) থিয় হৈ পানী খাব নালাগে: অধিকাংশ লোকে খৰখেদাকৈ পানী খায়। আনকি কিছুমান মানুহে দৌৰি থাকোঁতে বা খোজ কাঢ়ি থাকোঁতে পানী খায়। কিন্তু এনে কৰিলে বৃক্কৰ ক্ষতি হ’ব পাৰে। কাৰণ, এই অৱস্থাত কিডনীয়ে পানী ফিল্টাৰ কৰিবলৈ সক্ষম নহয়। যাৰ ফলত বৃক্ক ফুলাৰ দৰে সমস্যা হয় আৰু শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্যতা বিঘ্নিত হয়। তৰল পদাৰ্থৰ ভাৰসাম্য অৱনতি ঘটিলে গাঁঠিৰ বিষ বা বাতবিষ হ’ব পাৰে।

২) বহি পানী খাব লাগে: বিশেষজ্ঞসকলৰ মতে, বহি বহি পানী খাব লাগে।  এই অৱস্থাত বৃক্ক ভাৰসাম্য ৰক্ষা কৰি শিথিলতা লাভ কৰে। কাৰণ, তেওঁলোকে নিতম্ব আৰু ভৰিৰ সমৰ্থন পায়। পেটৰ পেশীবোৰো এই অৱস্থাত শিথিল হৈ থাকে।

৩) তীব্ৰ বেগত পানী নাখাব: পানী খৰকৈ খালে শৰীৰে পানী সঠিকভাৱে শোষণ আৰু বাহিৰ কৰিবলৈ সক্ষম নহয়। এইদৰে আপুনি খোৱা পানীৰ সুফল নাপায় আৰু হজম নহয়। আৰু পানী হজম নহ'লে পেটৰ বিষ, গেছ, পেট ফুলা আদি সমস্যাৰ সৃষ্টি হয়। সেয়েহে পানী সদায় ধীৰে ধীৰে খাব লাগে।

৪) ফ্ৰীজৰ পৰা ঠাণ্ডা পানী নাখাব: ফ্ৰীজৰ পৰা ঠাণ্ডা পানী খালে ডিঙি বন্ধ হৈ পৰে আৰু কাহ আৰু শ্লেষ্মাৰ সমস্যা হয়। ঠাণ্ডা পানী খালে ৰক্তবাহী নলীকাবোৰ সংকুচিত হয় আৰু পাচনতন্ত্ৰত তেজ পোৱাত বাধা দিয়ে। যাৰ বাবে খাদ্য হজম নহয়। খাদ্যৰ লগত ঠাণ্ডা পানী খালে চৰ্বিবোৰ কঠিন হৈ পৰে আৰু বদহজম হয়। ইয়াৰ ফলত গাঁঠিৰ বিষ আৰু হৃদৰোগ হ’ব পাৰে। সেয়ে কেৱল স্বাভাৱিক বা কুমলীয়া পানী খাব লাগে আৰু তামৰ পাত্ৰত পানী ৰাখি খাব পাৰে।

কেতিয়া পানী খাব ? 
বিশেষজ্ঞসকলৰ মতে যেতিয়াই পিয়াহ লাগে তেতিয়াই পানী খাব লাগে। কিন্তু ৰাতিপুৱা পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। সাৰ পোৱাৰ লগে লগে ১ৰ পৰা ২ গিলাচ পানী খাব লাগে। একে সময়তে খাদ্য খোৱাৰ ৩০-৪০ মিনিট আগতে আৰু খোৱাৰ ৪০ মিনিট পিছত পানী খাব লাগে 

কিমান পানী খাব লাগে: আপোনাৰ বয়স, লিংগ, শাৰীৰিক কাৰ্যকলাপ, উচ্চতা আদিৰ ওপৰত নিৰ্ভৰ কৰে এদিনত আপোনাক কিমান পানীৰ প্ৰয়োজন। কিন্তু গড়ে এজন ব্যক্তিয়ে প্ৰতিদিনে ২ৰ পৰা ৩ লিটাৰ পানী খাব লাগে। কিন্তু এটা কথা মনত ৰাখিব যে ফল-মূল, শাক-পাচলিৰ পৰাও পানী পায়। গতিকে প্ৰয়োজনীয় পৰিমাণৰ পানী জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু