--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া আই পি এলৰ জ্বৰ। ইতিমধ্যে ৫৪খন মেচ সম্পূৰ্ণ হৈছে। গ্ৰুপ পৰ্যায়ত ১৭খন খেল বাকী আছে। এতিয়াও কোনো দলে প্লে অফৰ স্থান নিশ্চিত কৰিব পৰা নাই। এতিয়াও ১০টা দলেই অন্তিম চাৰিটা স্থানৰ দৌৰত নামিছে।

প্লে অফৰ আটাইতকৈ ওচৰ চাপিছে গুজৰাট টাইটানছ। আই পি এলৰ পইণ্ট টেবুললৈ চালে দেখা যায় যে ১৬ পইণ্টেৰে শীৰ্ষত আছে গুজৰাট। ৮ পইণ্টেৰে অন্তিম স্থানত আছে দিল্লী কেপিটেলছ। এতিয়ালৈকে চাৰিটা দলে ১০ পইণ্ট লাভ কৰিছে। দুটা দলে ৮ পইণ্ট লাভ কৰিছে।

গুজৰাট টাইটানছঃ ১১খন খেলৰ পৰা সংগ্ৰহ কৰিছে ১৬ পইণ্ট। বাকী খেলসমূহ মুম্বাই ইণ্ডিয়ানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ বিৰুদ্ধে। আৰু এখন মেচত জয়লাভ কৰিলেই প্লে অফত স্থান পাব হাৰ্দিক পাণ্ডিয়াৰ দলে।

চেন্নাই ছুপাৰ কিংছঃ ১১খন খেলৰ পৰা সংগ্ৰহ ১৩ পইণ্ট।  এতিয়াও খেলিবলগীয়া আছে দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দুখন। প্লে অফত প্ৰৱেশ কৰিবলৈ ধোনী বাহিনীয়ে কমেও দুখন মেচত জয়লাভ কৰিব লাগিব।

মুম্বাই ইণ্ডিয়ানছঃ ১১খন খেলৰ পৰা সংগ্ৰহ ১২পইণ্ট। আৰম্ভণি বেয়া হোৱাৰ পাছতো প্লে অফৰ যুঁজত ভাল প্ৰদৰ্শন কৰিছে ৰোহিত শৰ্মা বাহিনীয়ে। তেওঁলোকৰ শেষৰ তিনিখন মেচ গুজৰাট টাইটানছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ ১১খন খেলৰ পৰা সংগ্ৰহ ১১ পইণ্ট। আঘাতৰ বাবে বাহিৰ হৈছে অধিনায়ক লোকেশ ৰাহুল। এতিয়াও ছানৰাইজাৰ্ছ হায়দৰাবাদ, মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিবলৈ বাকী আছে। তিনিখন মেচ জিকিলে ১৭ পইণ্টত উপনীত হ’ব পাৰে।

ৰাজস্থান ৰয়েলছঃ ১১খন খেলৰ পৰা সংগ্ৰহ ১০ পইণ্ট। যোৱা তিনিখন মেচত পৰাস্ত হৈছে সঞ্জু চেমছনছ বাহিনী। বাকী খেলসমূহ কলকাতা নাইট ৰাইডাৰ্ছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ বিৰুদ্ধে।

কলকাতা নাইট ৰাইডাৰ্ছ : ১১খন খেলৰ পৰা সংগ্ৰহ ১০ পইণ্ট। এই ছিজনত কেকেআৰে ধাৰাবাহিকতা দেখুৱাব পৰা নাই। তেওঁলোকৰ পৰৱৰ্তী তিনিখন মেচ হ’ব ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে। এই তিনিখন মেচত জয়ী হ’লে সৰ্বাধিক ১৬ পইণ্টলৈ যাব পাৰিব।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু : ১১খন খেলৰ পৰা সংগ্ৰহ ১০ পইণ্ট। বিৰাট কোহলীৰ দল এতিয়াও ৰাজস্থান ৰয়েলছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিবলৈ বাকী আছে। এই চাৰিখন মেচত জয়ী হ’লে সৰ্বাধিক ১৮ পইণ্টলৈ যাব পাৰিব। তেনে ক্ষেত্ৰত প্লে অফৰ স্থান পাব।

পঞ্জাব কিংছঃ ১১খন খেলৰ পৰা সংগ্ৰহ ১০ পইণ্ট। শিখৰ ধাৱানৰ অৱস্থা আৰচিবি আৰু মুম্বাইৰ দৰেই। তেওঁলোকৰ পৰৱৰ্তী মেচ আছে দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে। এই তিনিখন মেচত জয়ী হ’লে সৰ্বাধিক ১৬ পইণ্টলৈ যাব পাৰিব।

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১০খন খেলৰ পৰা সংগ্ৰহ ৮ পইণ্ট। হায়দৰাবাদৰ বাকী খেলসমূহ গুজৰাট টাইটানছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে। এই চাৰিখন মেচত জয়ী হ’লে সৰ্বাধিক ১৬ পইণ্টলৈ যাব পাৰিব। কিন্তু তাৰ পাছতো প্লে অফৰ নিশ্চয়তা নাথাকিব৷

দিল্লী কেপিটেলছঃ ১০খন খেলৰ পৰা সংগ্ৰহ ৮ পইণ্ট। তলৰ স্থানত থকাৰ পিছতো সৌৰভ গাংগুলীৰ দলটোৱে প্লে অফলৈ যোৱাৰ সুযোগ এতিয়াও আছে। বাকী চাৰিখন খেলৰ ভিতৰত দুখন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আৰু দুখন পঞ্জাব কিংছৰ বিৰুদ্ধে। এই চাৰিখন মেচত জয়ী হ’লে সৰ্বাধিক ১৬ পইণ্টলৈ যাব পাৰিব।

এইবাৰৰ আই পি এলত পইণ্ট টেবুলত ৰান ৰেটে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। অৰ্থাৎ পইণ্ট তালিকাত একে স্থানত থাকিলেও ৰান ৰেটৰ দ্বাৰাই এটা দলে প্লে অফত স্থান লাভ কৰিব পাৰে আৰু আন এটা দলক আই পি এলৰ পৰা বাহিৰ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ