--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; গণ প্ৰতিবাদত উত্তাল হৈছে চীনৰ ৰাজপথ৷  ৰাজপথলৈ ওলাই আহিছে সহস্ৰ জনতা৷ প্ৰতিবাদী নিনাদত কঁপি উঠিছে চীনৰ আকাশ-বতাহ৷ কিন্তু গণ প্ৰতিবাদ বন্ধ কৰাৰ নামত চীনত অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন হৈছে। আৰু অত্যাচাৰৰ সন্মুখীন হৈছে বিবিচিৰ সাংবাদিক৷ 

বিবিচিৰ এগৰাকী সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ সমস্যাত পৰিছে। তেওঁক চীনা সুৰক্ষা বাহিনীয়ে হাতকেৰেয়া লগাই লৈ যোৱা পৰিলক্ষিত হৈছে। কেৱল সেয়াই নহয়, বিবিচিয়ে লগতে অভিযোগ কৰিছিল যে তেওঁলোকৰ সাংবাদিকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। সাংবাদিকজনৰ নাম এডৱাৰ্ড লৰেন্স। 

বেইজিঙে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত ব্ৰিটিছ সংবাদ সংস্থাই এই বিষয়ে এটা বিবৃতি জাৰি কৰিছিল। লৰেন্সে ছাংহাইত হোৱা গণ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁক হাতকেৰেয়া পিন্ধাই গাড়ীলৈ টানি নিয়া হৈছিল। 

বিগত কেইদিনমানৰ পৰা চীনত লকডাউনৰ বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাংহাইত গণ প্ৰতিবাদ চলি আছে। কিন্তু তীব্ৰ প্ৰতিবাদ সত্বেও চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং শূন্য-কোভিড নীতিৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ সাজু নহয়। এই পৰিস্থিতিত চীনত জিনপিং বিৰোধী শ্ল'গান উঠিবলৈ আৰম্ভ কৰিছে। দেওবাৰে ছাংহাইৰ উৰুমকীত প্ৰতিবাদকাৰীসকল একত্ৰিত হৈছিল৷ 

প্ৰতিবাদকাৰীসকলে দাবী কৰিছিল যে লকডাউন তৎক্ষণাৎ উঠাই ল'ব লাগে। যেতিয়া মহামাৰী হ্ৰাস পাইছে আৰু সমগ্ৰ বিশ্বতে ৰাজহুৱা জীৱন স্বাভাৱিক হৈ আহিছে তেতিয়া বেইজিঙে কিয় লকডাউনৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰতিবাদকাৰীসকলে প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ লগতে এই আন্দোলনৰ পৰা মুক্তিৰ শ্ল'গানো উত্থাপন কৰা হৈছে।

এই গণ প্ৰতিবাদৰ মাজতে বিবিচিৰ এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ ঘটনা সংঘটিত হৈছে৷ ব্ৰিটেইনে চীনৰ ওপৰত চাপ বৃদ্ধি কৰিছে। ব্ৰিটিছ দূতাবাসে ইতিমধ্যে এই বিষয়ত বেইজিংৰ পৰা ব্যাখ্যা বিচাৰিছে। বিবিচিয়ে এক বিবৃতিত আমাৰ সাংবাদিকসকলে নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰিছে৷

বিশেষজ্ঞসকলে কয় যে ৰাষ্ট্ৰপতি জি জিনপিঙৰ বাবে এতিয়া আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান হৈছে শূন্য-কোভিড নীতিৰ বিৰুদ্ধে এই গণ প্ৰতিবাদ প্ৰতিৰোধ কৰা। ছাংহাইৰ পৰা আন্দোলন দেশৰ কেইবাখনো প্ৰদেশলৈ বিয়পি পৰিছে। বিশেষজ্ঞসকলে এইটোও আশংকা কৰে যে জিনপিঙে এই পৰিস্থিতিৰ পৰা মনোযোগ আঁতৰাবলৈ টাইৱান আক্ৰমণৰ নিৰ্দেশ দিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক