--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; গণ প্ৰতিবাদত উত্তাল হৈছে চীনৰ ৰাজপথ৷  ৰাজপথলৈ ওলাই আহিছে সহস্ৰ জনতা৷ প্ৰতিবাদী নিনাদত কঁপি উঠিছে চীনৰ আকাশ-বতাহ৷ কিন্তু গণ প্ৰতিবাদ বন্ধ কৰাৰ নামত চীনত অত্যাচাৰ চলাৰ অভিযোগ উত্থাপন হৈছে। আৰু অত্যাচাৰৰ সন্মুখীন হৈছে বিবিচিৰ সাংবাদিক৷ 

বিবিচিৰ এগৰাকী সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ সমস্যাত পৰিছে। তেওঁক চীনা সুৰক্ষা বাহিনীয়ে হাতকেৰেয়া লগাই লৈ যোৱা পৰিলক্ষিত হৈছে। কেৱল সেয়াই নহয়, বিবিচিয়ে লগতে অভিযোগ কৰিছিল যে তেওঁলোকৰ সাংবাদিকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। সাংবাদিকজনৰ নাম এডৱাৰ্ড লৰেন্স। 

বেইজিঙে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত ব্ৰিটিছ সংবাদ সংস্থাই এই বিষয়ে এটা বিবৃতি জাৰি কৰিছিল। লৰেন্সে ছাংহাইত হোৱা গণ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল। তাতেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁক হাতকেৰেয়া পিন্ধাই গাড়ীলৈ টানি নিয়া হৈছিল। 

বিগত কেইদিনমানৰ পৰা চীনত লকডাউনৰ বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাংহাইত গণ প্ৰতিবাদ চলি আছে। কিন্তু তীব্ৰ প্ৰতিবাদ সত্বেও চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং শূন্য-কোভিড নীতিৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ সাজু নহয়। এই পৰিস্থিতিত চীনত জিনপিং বিৰোধী শ্ল'গান উঠিবলৈ আৰম্ভ কৰিছে। দেওবাৰে ছাংহাইৰ উৰুমকীত প্ৰতিবাদকাৰীসকল একত্ৰিত হৈছিল৷ 

প্ৰতিবাদকাৰীসকলে দাবী কৰিছিল যে লকডাউন তৎক্ষণাৎ উঠাই ল'ব লাগে। যেতিয়া মহামাৰী হ্ৰাস পাইছে আৰু সমগ্ৰ বিশ্বতে ৰাজহুৱা জীৱন স্বাভাৱিক হৈ আহিছে তেতিয়া বেইজিঙে কিয় লকডাউনৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰতিবাদকাৰীসকলে প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ লগতে এই আন্দোলনৰ পৰা মুক্তিৰ শ্ল'গানো উত্থাপন কৰা হৈছে।

এই গণ প্ৰতিবাদৰ মাজতে বিবিচিৰ এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ ঘটনা সংঘটিত হৈছে৷ ব্ৰিটেইনে চীনৰ ওপৰত চাপ বৃদ্ধি কৰিছে। ব্ৰিটিছ দূতাবাসে ইতিমধ্যে এই বিষয়ত বেইজিংৰ পৰা ব্যাখ্যা বিচাৰিছে। বিবিচিয়ে এক বিবৃতিত আমাৰ সাংবাদিকসকলে নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰিছে৷

বিশেষজ্ঞসকলে কয় যে ৰাষ্ট্ৰপতি জি জিনপিঙৰ বাবে এতিয়া আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান হৈছে শূন্য-কোভিড নীতিৰ বিৰুদ্ধে এই গণ প্ৰতিবাদ প্ৰতিৰোধ কৰা। ছাংহাইৰ পৰা আন্দোলন দেশৰ কেইবাখনো প্ৰদেশলৈ বিয়পি পৰিছে। বিশেষজ্ঞসকলে এইটোও আশংকা কৰে যে জিনপিঙে এই পৰিস্থিতিৰ পৰা মনোযোগ আঁতৰাবলৈ টাইৱান আক্ৰমণৰ নিৰ্দেশ দিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে