--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনতৰ প্ৰতিবাদত কঁপি উঠিছে চীন। এই কম্পন লাহে লাহে অধিক তীব্ৰ হৈ পৰিছে।  কোভিড সংক্ৰমণ নতুনকৈ  বৃদ্ধিৰ লগে লগে চীনৰ বিভিন্ন প্ৰান্তত কঠোৰ লকডাউন আৰোপ কৰা হৈছে। একে সময়তে কোভিড পৰীক্ষাৰ ক্ষেত্ৰতো আৰোপ কৰা হৈছে অধিক  কঠোৰতা। সাধাৰণ মানুহ গৃহবন্দী হৈ থাকিবলগীয়া হোৱাত অতিষ্ঠ হৈ পৰিছে। এনে পৰিস্থিতিত মানুহ উত্তেজিত হৈ পৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ লকডাউন ভাঙি ৰাজপথলৈ ওলাই আহিছে। 

চীনৰ ঝি  জিনপিং চৰকাৰে কৰোনা ভাইৰাছৰ বিৰুদ্ধে দি থকা যুঁজত 'কোভিড-মুক্ত নীতি' গ্ৰহণ কৰিছে। সেয়ে গ্ৰহণ কৰা হৈছে অধিক কঠোৰ পদক্ষেপ। চৰকাৰৰ কঠোৰ কোভিড নিয়মৰ বিৰুদ্ধে  জনতাৰ প্ৰতিবাদ সমগ্ৰ দেশতে বিয়পি পৰিছে। চৰকাৰৰ বিৰুদ্ধে এনে স্বতঃস্ফূৰ্ত গণ আন্দোলন চীনত বিৰল বুলি ক'ব পাৰি। আনকি কোভিডৰ প্ৰথম সংক্ৰমণৰ সময়তো তেনে হোৱা নাছিল। 

চৰকাৰৰ কোভিড নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বেইজিং আৰু ছাংহাইত  হাজাৰ হাজাৰ মাউহে ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে জিনপিং চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছে। ইফালে, বৃহস্পতিবাৰে উৰুমকী চহৰত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বহুতে দাবী কৰিছে যে কঠোৰ লকডাউনৰ বাবে   উৰুমকীৰ জুই নুমুৱাবলৈ অগ্নি নিৰ্বাপক বাহিনী সেই ঠাইলৈ যাব পৰা নাছিল। অৱশ্যে, এই দাবী চৰকাৰে নাকচ কৰিছে।

দেওবাৰেও বেইজিং চহৰৰ এখন নদীৰ পাৰত প্ৰতিবাদ কৰিবলৈ কমেও ৪০০ জন লোক একত্ৰিত হৈছিল। তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আছে। ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীৰ হেঁচাত প্ৰতিবাদকাৰীসকলে পিছত অঞ্চলটো ত্যাগ কৰিছে।
আনহাতে, চীনৰ কৰোনা পৰিস্থিতিও বৰ সুবিধাজনক নহয়। দেওবাৰে, চীনত ৩৯,৫০৫ জন লোক নতুনকৈ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। একে সময়তে ৰাইজৰ ক্ষোভে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিছে।

ছাংহাইতো প্ৰতিবাদ হোৱা দেখা গৈছে। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে।   ছাংহাইৰ ৰাজপথত " জিনপিঙে পদত্যাগ কৰক " শ্লোগানো শুনা গৈছে। প্ৰতিবাদকাৰীসকলে শনিবাৰে নিশাৰ পৰা ছাংহাইৰ ৰাজপথত অৱস্থান কৰি আছে। চীনৰ প্ৰতিবাদৰ ফটো আৰু ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জিনপিঙৰ চৰকাৰৰ বিৰুদ্ধে চীনা নাগৰিকৰ এনে স্বতঃস্ফূৰ্ত প্ৰতিবাদে বেইজিঙক কঁপাই তুলিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে