--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনতৰ প্ৰতিবাদত কঁপি উঠিছে চীন। এই কম্পন লাহে লাহে অধিক তীব্ৰ হৈ পৰিছে।  কোভিড সংক্ৰমণ নতুনকৈ  বৃদ্ধিৰ লগে লগে চীনৰ বিভিন্ন প্ৰান্তত কঠোৰ লকডাউন আৰোপ কৰা হৈছে। একে সময়তে কোভিড পৰীক্ষাৰ ক্ষেত্ৰতো আৰোপ কৰা হৈছে অধিক  কঠোৰতা। সাধাৰণ মানুহ গৃহবন্দী হৈ থাকিবলগীয়া হোৱাত অতিষ্ঠ হৈ পৰিছে। এনে পৰিস্থিতিত মানুহ উত্তেজিত হৈ পৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ লকডাউন ভাঙি ৰাজপথলৈ ওলাই আহিছে। 

চীনৰ ঝি  জিনপিং চৰকাৰে কৰোনা ভাইৰাছৰ বিৰুদ্ধে দি থকা যুঁজত 'কোভিড-মুক্ত নীতি' গ্ৰহণ কৰিছে। সেয়ে গ্ৰহণ কৰা হৈছে অধিক কঠোৰ পদক্ষেপ। চৰকাৰৰ কঠোৰ কোভিড নিয়মৰ বিৰুদ্ধে  জনতাৰ প্ৰতিবাদ সমগ্ৰ দেশতে বিয়পি পৰিছে। চৰকাৰৰ বিৰুদ্ধে এনে স্বতঃস্ফূৰ্ত গণ আন্দোলন চীনত বিৰল বুলি ক'ব পাৰি। আনকি কোভিডৰ প্ৰথম সংক্ৰমণৰ সময়তো তেনে হোৱা নাছিল। 

চৰকাৰৰ কোভিড নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বেইজিং আৰু ছাংহাইত  হাজাৰ হাজাৰ মাউহে ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে জিনপিং চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছে। ইফালে, বৃহস্পতিবাৰে উৰুমকী চহৰত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। বহুতে দাবী কৰিছে যে কঠোৰ লকডাউনৰ বাবে   উৰুমকীৰ জুই নুমুৱাবলৈ অগ্নি নিৰ্বাপক বাহিনী সেই ঠাইলৈ যাব পৰা নাছিল। অৱশ্যে, এই দাবী চৰকাৰে নাকচ কৰিছে।

দেওবাৰেও বেইজিং চহৰৰ এখন নদীৰ পাৰত প্ৰতিবাদ কৰিবলৈ কমেও ৪০০ জন লোক একত্ৰিত হৈছিল। তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আছে। ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীৰ হেঁচাত প্ৰতিবাদকাৰীসকলে পিছত অঞ্চলটো ত্যাগ কৰিছে।
আনহাতে, চীনৰ কৰোনা পৰিস্থিতিও বৰ সুবিধাজনক নহয়। দেওবাৰে, চীনত ৩৯,৫০৫ জন লোক নতুনকৈ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। একে সময়তে ৰাইজৰ ক্ষোভে চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিছে।

ছাংহাইতো প্ৰতিবাদ হোৱা দেখা গৈছে। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে।   ছাংহাইৰ ৰাজপথত " জিনপিঙে পদত্যাগ কৰক " শ্লোগানো শুনা গৈছে। প্ৰতিবাদকাৰীসকলে শনিবাৰে নিশাৰ পৰা ছাংহাইৰ ৰাজপথত অৱস্থান কৰি আছে। চীনৰ প্ৰতিবাদৰ ফটো আৰু ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। জিনপিঙৰ চৰকাৰৰ বিৰুদ্ধে চীনা নাগৰিকৰ এনে স্বতঃস্ফূৰ্ত প্ৰতিবাদে বেইজিঙক কঁপাই তুলিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য