--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে গণৰাজ্য  দিৱস উপলক্ষে  আয়োজন কৰা গণৰাজ্য দিৱস অনলাইন দবা প্ৰতিযোগিতাত  সুহান পাতিয়ে ৬ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰিছে। টাইবেৰীয়া ডি ও  সম সংখ্যক  ৰাউণ্ডৰ পৰা ৫ পইণ্ট  সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। 

স্বপ্নীল কৰে ৪.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। এমিল বৰগোহাঁই আৰু জয়ৰাজ বৰ্মন উভয়ে ৪ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে  চতুৰ্থ  আৰু পঞ্চম ঘোষণা কৰা হয়। 
মৃণ্ময়ী ধৰে ৩.৫ পইণ্ট সংগ্ৰহ কৰি  ছোৱালী শাখাত প্ৰথম স্থান লাভ কৰে। নৱিষ্টা হাজৰিকাই ছোৱালী শাখাত দ্বিতীয় স্থান লাভ কৰে।

 অনুৰ্ধ ১৫ বছৰ শাখাত মায়াঙ্ক গোস্বামীয়ে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। এইটো শাখাত জীয়ন জ্যোতিষ্মান শইকীয়াই ৩ পইণ্টৰে দ্বিতীয় আৰু প্ৰায়ুষ পাঠকে ২ পইণ্টৰে তৃতীয় স্থান লাভ কৰে। 
হৃষিক দাসে ২.৫ পইণ্ট সংগ্ৰহ কৰি অনুৰ্ধ  ১৩ বছৰ শাখাত  প্ৰথম স্থান লাভ কৰে। 

অনুৰ্ধ ১১ বছৰ শাখাত অথৰ্ব মহন্তই ২.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰৈ। যীচু ৰাজ নয়ন কলিতাই ২ পইণ্ট সংগ্ৰহ কৰি এইটো শাখাত দ্বিতীয় স্থান আৰু আহ্লাদ গৰ্গ আচাৰ্য্যই ১ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে ।অনুৰ্ধ ৯ বছৰ শাখাত দীয়ান ঠাকুৰীয়াই ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। মনোদীপ ধৰ আৰু হৃদাঙ্কজ্যোতি পাঠকেও  ৩ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।অনুৰ্ধ ৭ বছৰ শাখাত হৃয়াংশ ডেকাই ২.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। 

প্ৰতিযোগিতাখন অনলাইন যোগে  chess.com ত আয়োজন কৰা হৈছিল।  প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মূঠ ২৯জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খন   ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক