--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীয়ে গণৰাজ্য  দিৱস উপলক্ষে  আয়োজন কৰা গণৰাজ্য দিৱস অনলাইন দবা প্ৰতিযোগিতাত  সুহান পাতিয়ে ৬ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি খিতাপ দখল কৰিছে। টাইবেৰীয়া ডি ও  সম সংখ্যক  ৰাউণ্ডৰ পৰা ৫ পইণ্ট  সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। 

স্বপ্নীল কৰে ৪.৫ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে। এমিল বৰগোহাঁই আৰু জয়ৰাজ বৰ্মন উভয়ে ৪ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে  চতুৰ্থ  আৰু পঞ্চম ঘোষণা কৰা হয়। 
মৃণ্ময়ী ধৰে ৩.৫ পইণ্ট সংগ্ৰহ কৰি  ছোৱালী শাখাত প্ৰথম স্থান লাভ কৰে। নৱিষ্টা হাজৰিকাই ছোৱালী শাখাত দ্বিতীয় স্থান লাভ কৰে।

 অনুৰ্ধ ১৫ বছৰ শাখাত মায়াঙ্ক গোস্বামীয়ে ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। এইটো শাখাত জীয়ন জ্যোতিষ্মান শইকীয়াই ৩ পইণ্টৰে দ্বিতীয় আৰু প্ৰায়ুষ পাঠকে ২ পইণ্টৰে তৃতীয় স্থান লাভ কৰে। 
হৃষিক দাসে ২.৫ পইণ্ট সংগ্ৰহ কৰি অনুৰ্ধ  ১৩ বছৰ শাখাত  প্ৰথম স্থান লাভ কৰে। 

অনুৰ্ধ ১১ বছৰ শাখাত অথৰ্ব মহন্তই ২.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰৈ। যীচু ৰাজ নয়ন কলিতাই ২ পইণ্ট সংগ্ৰহ কৰি এইটো শাখাত দ্বিতীয় স্থান আৰু আহ্লাদ গৰ্গ আচাৰ্য্যই ১ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে ।অনুৰ্ধ ৯ বছৰ শাখাত দীয়ান ঠাকুৰীয়াই ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। মনোদীপ ধৰ আৰু হৃদাঙ্কজ্যোতি পাঠকেও  ৩ পইণ্টকৈ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।অনুৰ্ধ ৭ বছৰ শাখাত হৃয়াংশ ডেকাই ২.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান দখল কৰে। 

প্ৰতিযোগিতাখন অনলাইন যোগে  chess.com ত আয়োজন কৰা হৈছিল।  প্ৰতিযোগিতাখন ছুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে অনুষ্ঠিত হৈছিল।  অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মূঠ ২৯জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খন   ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু