--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত সৃষ্টি হ’ল অভিলেখ। মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) নিলামত এইবেলি বিচিচিআইয়ে মুঠ নিবিদাত ৪৬৬৯.৯৯ কোটি টকা উপাৰ্জন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই ধনৰ পৰিমাণে ২০০৮ চনৰ পুৰুষৰ আই পি এলৰ  ৰেকৰ্ড ভংগ কৰিছে। 

বিচিচিআইয়ে মহিলা প্ৰিমিয়াৰ লীগত (ডব্লিউপিএল) পাঁচটা দল নিলামৰ  বাবে ৪৬৬৯.৯৯ কোটি টকা উপাৰ্জন কৰে। আদানি স্পৰ্টছলাইনে এইবেলি  ১২৮৯ কোটি টকাত আটাইতকৈ ব্যয়বহুল ফ্ৰেঞ্চাইজি ক্ৰয় কৰিছে।  আদানি স্পৰ্টছলাইন আহমেদাবাদ ফ্ৰেঞ্চাইজিৰ গৰাকী হ'ব। বৰ্তমানৰ পুৰুষৰ আই পি এল দলৰ মুম্বাই ইণ্ডিয়ানছ (এমআই), ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি) আৰু দিল্লী কেপিটেলছ (ডিচি)য়েও ডব্লিউপিএলেও ক্ৰমান্বয়ে ৯১২.৯৯ কোটি টকা, ৯০১ কোটি টকা আৰু ৮১০ কোটি টকাৰ সফল প্ৰতিযোগিতা খনত নিজৰ নিজৰ বাবে ঠাই উলিয়াই ল'বলৈ সক্ষম হৈছে। একে সময়তে কেপ্ৰি গ্লোবেল হোল্ডিংছৰ ডব্লিউপিএলত নতুনকৈ প্ৰৱেশ ঘটিছে। সংস্থাটোৱে  লক্ষ্ণৌ ফ্ৰেঞ্চাইজি ৭৫৭  কোটি টকাত ক্ৰয়  কৰিছে। এইবেলিৰ নিলামৰ  কেইটামান চমকপ্ৰদ দল তথা নিলামৰ ধনৰ পৰিমাণ এনেধৰণৰ 

আদানি স্পৰ্টছলাইন প্ৰাইভেট লিমিটেড - আহমেদাবাদ - ১২৮৯ কোটি টকা। ইণ্ডিয়াউইন স্পৰ্টছ প্ৰাইভেট লিমিটেড - মুম্বাই - ৯১২.৯৯ কোটি টকা।  ৰয়েল চেলেঞ্জাৰ্ছ স্পৰ্টছ প্ৰাইভেট লিমিটেড - বেংগালুৰু - ৯০১  কোটি টকা । জে.এছ.ডব্লিউ. জি.এম.আৰ. ক্ৰিকেট প্ৰাইভেট লিমিটেড - দিল্লী - ৮১০  কোটি টকা। কেপ্ৰি গ্লোবেল হোল্ডিংছ প্ৰাইভেট লিমিটেড - লক্ষ্ণৌ - ৭৫৭  কোটি টকা

বিচিচিআইৰ সচিব জয় শ্বাহে টুইটত কয় যে মহিলাৰ টি-২০ লীগক মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) বুলি কোৱা হ'ব । টুইটত শ্বাহে লিখিছে "আজি ক্ৰিকেটৰ এক ঐতিহাসিক দিন কিয়নো উদ্বোধনী  ডব্লিউপিএল দলসমূহৰ বাবে বিডিঙে ২০০৮ চনত উদ্বোধনী পুৰুষৰ আই পি এলৰ অভিলেখ ভংগ কৰিছে!

বিজয়ীসকলক অভিনন্দন যিহেতু আমি মুঠ নিবিদাত ৪৬৬৯.৯৯ কোটি টকা সংগ্ৰহ কৰিছো। ই মহিলা ক্ৰিকেটত এক বিপ্লৱৰ আৰম্ভণি চিহ্নিত কৰে আৰু কেৱল আমাৰ মহিলা ক্ৰিকেটাৰসকলৰ বাবেই নহয়, সমগ্ৰ ক্ৰীড়া সম্প্ৰদায়ৰ বাবে এক পৰিৱৰ্তনশীল যাত্ৰাৰ পথ প্ৰশস্ত কৰে।.."।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ