--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত সৃষ্টি হ’ল অভিলেখ। মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) নিলামত এইবেলি বিচিচিআইয়ে মুঠ নিবিদাত ৪৬৬৯.৯৯ কোটি টকা উপাৰ্জন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই ধনৰ পৰিমাণে ২০০৮ চনৰ পুৰুষৰ আই পি এলৰ  ৰেকৰ্ড ভংগ কৰিছে। 

বিচিচিআইয়ে মহিলা প্ৰিমিয়াৰ লীগত (ডব্লিউপিএল) পাঁচটা দল নিলামৰ  বাবে ৪৬৬৯.৯৯ কোটি টকা উপাৰ্জন কৰে। আদানি স্পৰ্টছলাইনে এইবেলি  ১২৮৯ কোটি টকাত আটাইতকৈ ব্যয়বহুল ফ্ৰেঞ্চাইজি ক্ৰয় কৰিছে।  আদানি স্পৰ্টছলাইন আহমেদাবাদ ফ্ৰেঞ্চাইজিৰ গৰাকী হ'ব। বৰ্তমানৰ পুৰুষৰ আই পি এল দলৰ মুম্বাই ইণ্ডিয়ানছ (এমআই), ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি) আৰু দিল্লী কেপিটেলছ (ডিচি)য়েও ডব্লিউপিএলেও ক্ৰমান্বয়ে ৯১২.৯৯ কোটি টকা, ৯০১ কোটি টকা আৰু ৮১০ কোটি টকাৰ সফল প্ৰতিযোগিতা খনত নিজৰ নিজৰ বাবে ঠাই উলিয়াই ল'বলৈ সক্ষম হৈছে। একে সময়তে কেপ্ৰি গ্লোবেল হোল্ডিংছৰ ডব্লিউপিএলত নতুনকৈ প্ৰৱেশ ঘটিছে। সংস্থাটোৱে  লক্ষ্ণৌ ফ্ৰেঞ্চাইজি ৭৫৭  কোটি টকাত ক্ৰয়  কৰিছে। এইবেলিৰ নিলামৰ  কেইটামান চমকপ্ৰদ দল তথা নিলামৰ ধনৰ পৰিমাণ এনেধৰণৰ 

আদানি স্পৰ্টছলাইন প্ৰাইভেট লিমিটেড - আহমেদাবাদ - ১২৮৯ কোটি টকা। ইণ্ডিয়াউইন স্পৰ্টছ প্ৰাইভেট লিমিটেড - মুম্বাই - ৯১২.৯৯ কোটি টকা।  ৰয়েল চেলেঞ্জাৰ্ছ স্পৰ্টছ প্ৰাইভেট লিমিটেড - বেংগালুৰু - ৯০১  কোটি টকা । জে.এছ.ডব্লিউ. জি.এম.আৰ. ক্ৰিকেট প্ৰাইভেট লিমিটেড - দিল্লী - ৮১০  কোটি টকা। কেপ্ৰি গ্লোবেল হোল্ডিংছ প্ৰাইভেট লিমিটেড - লক্ষ্ণৌ - ৭৫৭  কোটি টকা

বিচিচিআইৰ সচিব জয় শ্বাহে টুইটত কয় যে মহিলাৰ টি-২০ লীগক মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) বুলি কোৱা হ'ব । টুইটত শ্বাহে লিখিছে "আজি ক্ৰিকেটৰ এক ঐতিহাসিক দিন কিয়নো উদ্বোধনী  ডব্লিউপিএল দলসমূহৰ বাবে বিডিঙে ২০০৮ চনত উদ্বোধনী পুৰুষৰ আই পি এলৰ অভিলেখ ভংগ কৰিছে!

বিজয়ীসকলক অভিনন্দন যিহেতু আমি মুঠ নিবিদাত ৪৬৬৯.৯৯ কোটি টকা সংগ্ৰহ কৰিছো। ই মহিলা ক্ৰিকেটত এক বিপ্লৱৰ আৰম্ভণি চিহ্নিত কৰে আৰু কেৱল আমাৰ মহিলা ক্ৰিকেটাৰসকলৰ বাবেই নহয়, সমগ্ৰ ক্ৰীড়া সম্প্ৰদায়ৰ বাবে এক পৰিৱৰ্তনশীল যাত্ৰাৰ পথ প্ৰশস্ত কৰে।.."।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক