--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে। ৩৬ বছৰীয়া ছানিয়া মিৰ্জাৰ এই ঘোষণাত দুখী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। শুকুৰবাৰে তেওঁ খেলিলে জীৱনৰ অন্তিমখন খেল। ডুবাইত আয়োজিত টুৰ্ণামেণ্টত শেষৰখন খেল খেলিলে ছানিয়াই। অৱসৰৰ ঘোষণা কৰি চকুলো টুকিছিল ছানিয়াই। তেওঁ কৈছিল- কান্দিছো যদিও এয়া সুখৰ চকুপানী। জীৱনৰ অন্তিমখন খেলত তেওঁ জয় সাব্যস্ত কৰাৰ সপোন পুহি ৰাখিছিল কিন্তু সেই সপোন বাস্তৱত ৰূপায়িত নহ'ল। 

অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড ডাবলছৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত ছানিয়া মিৰ্জাই নিজকে আৱেগিক হোৱাৰ পৰা ৰোধ কৰিব নোৱাৰিলে। এইখনেই আছিল তেওঁৰ কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেম মেচ। ফাইনেলত জয়ী হৈ চিৰদিনৰ বাবে সেই দিনটো স্মৰণীয় কৰি তুলিব বিচাৰিছিল যদিও সেই সপোন 
তেওঁৰ পূৰণ নহ’ল। ছানিয়া মিৰ্জাই কান্দি কান্দি টেনিছক বিদায় জনালে। ছানিয়া মিৰ্জাৰ ব্যক্তিগত জীৱনতো বহু ধুমুহা চলি থকাৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ মাজতে যদি তেওঁ অষ্ট্ৰেলিয়ান অ’পেনত জয়ী হ’লহেঁতেন তেন্তে সেই ঘাঁবোৰ নিশ্চিতভাৱে অলপ হলেও ভাল হ’লহেঁতেন, কিন্তু সেয়া নহ’ল।

ইয়াৰ আগতেও ছানিয়া মিৰ্জা আৱেগিক হৈ পৰিছিল। প্ৰায় ৯ বছৰ আগতে ২০১৪ চনত ছানিয়া মিৰ্জাই এটা ৰাষ্ট্ৰীয় টিভি চেনেলত কান্দিছিল। সেই সময়ত ছানিয়া মিৰ্জাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল আৰু এই কথাই এই ভাৰতীয় তাৰকাগৰাকীক বৰকৈ কন্দুৱাইছিল। ছানিয়া মিৰ্জাই কান্দি কান্দি ক’বলগীয়া হৈছিল যে ''মই মৃত্যুৰ আগমুহূৰ্তলৈকে ভাৰতীয় হৈ থাকিম। জীৱনে-মৰণে মই ভাৰতীয়।''

২০১৪ চনত ছানিয়া মিৰ্জাক তেলেংগানা ৰাজ্যৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয়। এই সিদ্ধান্তৰ বিৰোধিতা আৰম্ভ হ’ল আৰু এগৰাকী নেতাৰ বক্তব্যই ছানিয়া মিৰ্জাক জোকাৰি গ’ল। ছানিয়া মিৰ্জাক পাকিস্তানৰ বোৱাৰী বুলি অভিহিত কৰি বিজেপি নেতা কে লক্ষ্মণে কয় যে তেওঁক তেলেংগানা ৰাজ্যৰ ব্ৰেণ্ড এম্বেছাদৰ কৰা উচিত নহয়। ইয়াৰ পিছত ছানিয়া মিৰ্জাই এটা ব্যক্তিগত টিভি চেনেলৰ আগত এক সাক্ষাৎকাৰত কয় যে কেতিয়ালৈকে তেওঁ ভাৰতীয় হোৱাৰ প্ৰমাণ দিব লাগিব। ছানিয়া মিৰ্জাই মৃত্যুৰ আগলৈকে ভাৰতীয় হৈ থাকিব বুলি কয় আৰু এই কথা কৈ থাকোঁতে তেওঁ সকলোৰে সন্মুখত কৈছিল।

এতিয়া প্ৰায় ৯ বছৰৰ পাছত ছানিয়া মিৰ্জাৰ চকুত আকৌ এবাৰ চকুলো দেখিলে জনসাধাৰণে কিন্তু এইবাৰ ভাৰতৰ প্ৰতিজন নাগৰিকে তেওঁক লৈ গৌৰৱ কৰিছে। কাৰণ ভাৰতীয় টেনিছত ছানিয়া মিৰ্জাৰ অনবদ্য অৱদান আছে। ছানিয়া মিৰ্জাই শেষৰখন গ্ৰেণ্ড শ্লেম মেচত পৰাজিত হ’ল যদিও তেওঁ নিজৰ খেল, মনোভাৱ আৰু এক দশকৰো অধিক সময়ৰ কেৰিয়াৰত নিজৰ চিন্তাধাৰাৰে দেশৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ছানিয়া মিৰ্জাই অৰ্জুন বঁটা, পদ্মশ্ৰী, পদ্মভূষণ, মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটাকে ধৰি বহুকেইটা সন্মানীয় বঁটা অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু