--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে। ৩৬ বছৰীয়া ছানিয়া মিৰ্জাৰ এই ঘোষণাত দুখী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। শুকুৰবাৰে তেওঁ খেলিলে জীৱনৰ অন্তিমখন খেল। ডুবাইত আয়োজিত টুৰ্ণামেণ্টত শেষৰখন খেল খেলিলে ছানিয়াই। অৱসৰৰ ঘোষণা কৰি চকুলো টুকিছিল ছানিয়াই। তেওঁ কৈছিল- কান্দিছো যদিও এয়া সুখৰ চকুপানী। জীৱনৰ অন্তিমখন খেলত তেওঁ জয় সাব্যস্ত কৰাৰ সপোন পুহি ৰাখিছিল কিন্তু সেই সপোন বাস্তৱত ৰূপায়িত নহ'ল। 

অষ্ট্ৰেলিয়ান অ’পেনৰ মিক্সড ডাবলছৰ ফাইনেলত পৰাস্ত হোৱাৰ পিছত ছানিয়া মিৰ্জাই নিজকে আৱেগিক হোৱাৰ পৰা ৰোধ কৰিব নোৱাৰিলে। এইখনেই আছিল তেওঁৰ কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেম মেচ। ফাইনেলত জয়ী হৈ চিৰদিনৰ বাবে সেই দিনটো স্মৰণীয় কৰি তুলিব বিচাৰিছিল যদিও সেই সপোন 
তেওঁৰ পূৰণ নহ’ল। ছানিয়া মিৰ্জাই কান্দি কান্দি টেনিছক বিদায় জনালে। ছানিয়া মিৰ্জাৰ ব্যক্তিগত জীৱনতো বহু ধুমুহা চলি থকাৰ খবৰ পোৱা গৈছে আৰু ইয়াৰ মাজতে যদি তেওঁ অষ্ট্ৰেলিয়ান অ’পেনত জয়ী হ’লহেঁতেন তেন্তে সেই ঘাঁবোৰ নিশ্চিতভাৱে অলপ হলেও ভাল হ’লহেঁতেন, কিন্তু সেয়া নহ’ল।

ইয়াৰ আগতেও ছানিয়া মিৰ্জা আৱেগিক হৈ পৰিছিল। প্ৰায় ৯ বছৰ আগতে ২০১৪ চনত ছানিয়া মিৰ্জাই এটা ৰাষ্ট্ৰীয় টিভি চেনেলত কান্দিছিল। সেই সময়ত ছানিয়া মিৰ্জাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল আৰু এই কথাই এই ভাৰতীয় তাৰকাগৰাকীক বৰকৈ কন্দুৱাইছিল। ছানিয়া মিৰ্জাই কান্দি কান্দি ক’বলগীয়া হৈছিল যে ''মই মৃত্যুৰ আগমুহূৰ্তলৈকে ভাৰতীয় হৈ থাকিম। জীৱনে-মৰণে মই ভাৰতীয়।''

২০১৪ চনত ছানিয়া মিৰ্জাক তেলেংগানা ৰাজ্যৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয়। এই সিদ্ধান্তৰ বিৰোধিতা আৰম্ভ হ’ল আৰু এগৰাকী নেতাৰ বক্তব্যই ছানিয়া মিৰ্জাক জোকাৰি গ’ল। ছানিয়া মিৰ্জাক পাকিস্তানৰ বোৱাৰী বুলি অভিহিত কৰি বিজেপি নেতা কে লক্ষ্মণে কয় যে তেওঁক তেলেংগানা ৰাজ্যৰ ব্ৰেণ্ড এম্বেছাদৰ কৰা উচিত নহয়। ইয়াৰ পিছত ছানিয়া মিৰ্জাই এটা ব্যক্তিগত টিভি চেনেলৰ আগত এক সাক্ষাৎকাৰত কয় যে কেতিয়ালৈকে তেওঁ ভাৰতীয় হোৱাৰ প্ৰমাণ দিব লাগিব। ছানিয়া মিৰ্জাই মৃত্যুৰ আগলৈকে ভাৰতীয় হৈ থাকিব বুলি কয় আৰু এই কথা কৈ থাকোঁতে তেওঁ সকলোৰে সন্মুখত কৈছিল।

এতিয়া প্ৰায় ৯ বছৰৰ পাছত ছানিয়া মিৰ্জাৰ চকুত আকৌ এবাৰ চকুলো দেখিলে জনসাধাৰণে কিন্তু এইবাৰ ভাৰতৰ প্ৰতিজন নাগৰিকে তেওঁক লৈ গৌৰৱ কৰিছে। কাৰণ ভাৰতীয় টেনিছত ছানিয়া মিৰ্জাৰ অনবদ্য অৱদান আছে। ছানিয়া মিৰ্জাই শেষৰখন গ্ৰেণ্ড শ্লেম মেচত পৰাজিত হ’ল যদিও তেওঁ নিজৰ খেল, মনোভাৱ আৰু এক দশকৰো অধিক সময়ৰ কেৰিয়াৰত নিজৰ চিন্তাধাৰাৰে দেশৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ছানিয়া মিৰ্জাই অৰ্জুন বঁটা, পদ্মশ্ৰী, পদ্মভূষণ, মেজৰ ধ্যানচাঁদ খেলৰত্ন বঁটাকে ধৰি বহুকেইটা সন্মানীয় বঁটা অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement