--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান তৃতীয়বাৰৰ বাবে পিতৃ হ'বলৈ ওলাইছে। তেওঁ নিজেই এই খবৰ ৰাজহুৱা কৰিছে। গণৰাজ্য  দিৱসত ৰাইজক সম্বোধন কৰি ভগৱন্ত মানে কয়, "মই এটা ব্যক্তিগত ঘোষণা কৰিব বিচাৰো। সুখ মোৰ ঘৰলৈও আহিব, মাৰ্চ মাহত। মোৰ পত্নী ডাঃ গুৰপ্ৰীত কৌৰ ৭ মাহৰ গৰ্ভৱতী। কিন্তু আপুনি জানি আচৰিত হ'ব যে আমি এতিয়াও নাজানো যে সন্তান  লৰা নে ছোৱালী হ’ব  আৰু সেয়া জানিবও নিবিচাৰো।  কেৱল যি আহে, স্বাস্থ্যৱান হওঁক, তাকেই কামনা কৰিছো।’’

মুখ্যমন্ত্ৰী মানে  জনসাধাৰণক আহ্বান জনায় যে যিসকলে  মোৰ কথা শুনি আছে, মই তেওঁলোকক ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নাৰাখিবলৈ আহ্বান জনাইছো। পঞ্জাৱ চৰকাৰ নাৰী শক্তিৰ বিকাশৰ বাবে গ্ৰহণ কৰা  সংকল্পত অটল থাকিব। 


গণৰাজ্য  দিৱসৰ দিনা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে  লুধিয়ানাৰ পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ (পিএইউ) খেলপথাৰত উপস্থিত থাকে । ইয়াতেই  তেওঁ ৰাষ্ট্ৰীয় পতাকা  উত্তোলন কৰে। অনুষ্ঠানত  মুখ্যমন্ত্ৰীয়ে পেৰেডৰ পৰা অভিবাদনো গ্ৰহণ কৰে। ভাষণত  মুখ্যমন্ত্ৰী মানে কয় যে  ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট পঞ্জাৱৰ বাবে বিশেষ দিন। কাৰণ আমি এই দুটা দিনৰ  ওপৰত আমাৰ অধিকাৰ দাবী কৰোঁ।স্বাধীনতা আন্দোলনত পঞ্জাৱৰ অৱদান অপৰিসীম।  দুখৰ বিষয় যে ২৬ জানুৱাৰী আৰু ১৫ আগষ্টৰ পেৰেডৰ পৰা পঞ্জাৱৰ টাবলৌ  আঁতৰোৱা  হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক