--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰ প্ৰসংগত ভাৰতক বিশ্বৰ সন্মুখত হেয় কৰিবলৈ বাৰে বাৰে অপচেষ্টা চলায়ো সফল হ’ব পৰা নাই পাকিস্তান। ৰাষ্ট্ৰসংঘৰ মজিয়াত বাৰে বাৰে কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰি মুখ থেকেচা খাবল’গীয়া হৈছে পাকিস্তানে। সেয়ে কাশ্মীৰ প্ৰসংগত বলে নোৱাৰি এইবাৰ ৰাম মন্দিৰৰ বিষয়কলৈ ৰাষ্ট্ৰসংঘৰ কাষ চাপিল পাকিস্তান। ভাৰতৰ   চুবুৰীয়া দেশখনে  এইবাৰ  ধৰ্মৰ কাৰ্ড খেলি ভাৰতক হেয় কৰিব বিচাৰিছে। 

ইছলামিক  মৌলবাদে গ্ৰাস কৰা পাকিস্তানে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতক কটু সমালোচনা কৰে।  সংখ্যালঘু হিন্দু আৰু খ্ৰীষ্টানসকলক নিৰাপত্তা দিব নোৱাৰা পাকিস্তানে ৰাষ্ট্ৰসংঘত এইবুলি কয় যে ভাৰতে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ ফলত শান্তি বিঘ্নিত হ’ব।  পাকিস্তানে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ভাৰতক তীব্ৰ গৰিহণা দি  ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতক জবাবদিহি কৰিবলৈ চেষ্টা কৰে। এই মন্দিৰ নিৰ্মাণে  আঞ্চলিক শান্তি বজাই ৰখাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলি উল্লেখ কৰি পাকিস্তানে  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক  তীব্ৰ সমালোচনা কৰে। ৰাষ্ট্ৰসংঘৰ সভ্যতাৰ বিষয়ক এলায়েন্সৰ  পদাধিকাৰ  মিগুৱেল এঞ্জেল মৰাটিনোছলৈ লিখা এখন পত্ৰত ৰাষ্ট্ৰসংঘত থকা পাকিস্তানৰ প্ৰতিনিধি মুনিৰ আক্ৰামে ৰাম মন্দিৰৰ নিৰ্মাণ আৰু অভিষেকক "গৰিহণা" দিছে। পত্ৰ খনত আক্ৰামে কয় "এই প্ৰৱণতাই ভাৰতীয় মুছলমানসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কল্যাণৰ লগতে অঞ্চলটোৰ সম্প্ৰীতি আৰু শান্তিৰ বাবে এক গুৰুত্বপূৰ্ণ ভাবুকিৰ সৃষ্টি কৰিছে," । 


উল্লেখ্য  ইয়াৰ পূৰ্বেও  পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পূৰ্বে পাকিস্তানে কাশ্মীৰ সমস্যা সন্দৰ্ভত ৰাষ্ট্ৰসংঘত কেইবাবাৰো ভাৰতৰ বিৰুদ্ধে অভিযোগ  উত্থাপন কৰিছিল। কিন্তু প্ৰতিবাৰেই, দিল্লীয়ে ইছলামাবাদৰ সকলো নিন্দাৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দি আহিছে  যে দেশৰ আভ্যন্তৰীণ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ সহ্য কৰা নহ'ব।
২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম লালাৰ বিশাল মন্দিৰ উদ্বোধন কৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক