--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰ প্ৰসংগত ভাৰতক বিশ্বৰ সন্মুখত হেয় কৰিবলৈ বাৰে বাৰে অপচেষ্টা চলায়ো সফল হ’ব পৰা নাই পাকিস্তান। ৰাষ্ট্ৰসংঘৰ মজিয়াত বাৰে বাৰে কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰি মুখ থেকেচা খাবল’গীয়া হৈছে পাকিস্তানে। সেয়ে কাশ্মীৰ প্ৰসংগত বলে নোৱাৰি এইবাৰ ৰাম মন্দিৰৰ বিষয়কলৈ ৰাষ্ট্ৰসংঘৰ কাষ চাপিল পাকিস্তান। ভাৰতৰ   চুবুৰীয়া দেশখনে  এইবাৰ  ধৰ্মৰ কাৰ্ড খেলি ভাৰতক হেয় কৰিব বিচাৰিছে। 

ইছলামিক  মৌলবাদে গ্ৰাস কৰা পাকিস্তানে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতক কটু সমালোচনা কৰে।  সংখ্যালঘু হিন্দু আৰু খ্ৰীষ্টানসকলক নিৰাপত্তা দিব নোৱাৰা পাকিস্তানে ৰাষ্ট্ৰসংঘত এইবুলি কয় যে ভাৰতে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ ফলত শান্তি বিঘ্নিত হ’ব।  পাকিস্তানে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ভাৰতক তীব্ৰ গৰিহণা দি  ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতক জবাবদিহি কৰিবলৈ চেষ্টা কৰে। এই মন্দিৰ নিৰ্মাণে  আঞ্চলিক শান্তি বজাই ৰখাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বান হ’ব বুলি উল্লেখ কৰি পাকিস্তানে  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক  তীব্ৰ সমালোচনা কৰে। ৰাষ্ট্ৰসংঘৰ সভ্যতাৰ বিষয়ক এলায়েন্সৰ  পদাধিকাৰ  মিগুৱেল এঞ্জেল মৰাটিনোছলৈ লিখা এখন পত্ৰত ৰাষ্ট্ৰসংঘত থকা পাকিস্তানৰ প্ৰতিনিধি মুনিৰ আক্ৰামে ৰাম মন্দিৰৰ নিৰ্মাণ আৰু অভিষেকক "গৰিহণা" দিছে। পত্ৰ খনত আক্ৰামে কয় "এই প্ৰৱণতাই ভাৰতীয় মুছলমানসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কল্যাণৰ লগতে অঞ্চলটোৰ সম্প্ৰীতি আৰু শান্তিৰ বাবে এক গুৰুত্বপূৰ্ণ ভাবুকিৰ সৃষ্টি কৰিছে," । 


উল্লেখ্য  ইয়াৰ পূৰ্বেও  পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পূৰ্বে পাকিস্তানে কাশ্মীৰ সমস্যা সন্দৰ্ভত ৰাষ্ট্ৰসংঘত কেইবাবাৰো ভাৰতৰ বিৰুদ্ধে অভিযোগ  উত্থাপন কৰিছিল। কিন্তু প্ৰতিবাৰেই, দিল্লীয়ে ইছলামাবাদৰ সকলো নিন্দাৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দি আহিছে  যে দেশৰ আভ্যন্তৰীণ বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ সহ্য কৰা নহ'ব।
২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম লালাৰ বিশাল মন্দিৰ উদ্বোধন কৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু