--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত এইবেলি মাত্ৰ তিনি খন বিৰোধী শাসিত ৰাজ্যৰহে প্ৰতীকপট নিৰ্বাচিত হোৱাৰ কথাই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এইবেলি বিৰোধী শাসিত  পশ্চিম বংগ, দিল্লী আৰু পঞ্জাৱৰ প্ৰতীকপটে গণৰাজ্য দিৱসৰ কুচকাৱাজত স্থান নাপাব। চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ পিছত ১৬  খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত মাত্ৰ তিনিখনহে  বিৰোধী দলৰ দ্বাৰা শাসিত ৰাজ্যবোৰ নাম আহিছে।

 এই তিনিখন ৰাজ্য হৈছে কংগ্ৰেছ শাসিত তেলেংগানা, জেএমএম-কংগ্ৰেছ শাসিত ঝাৰখণ্ড আৰু ডিএমকে শাসিত তামিলনাডু।প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ২৬ জানুৱাৰীত দিল্লীৰ কৰ্তব্য পথত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ সময়ত ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীক পট  প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ বাহিৰে  বাকী ১৫  খন ৰাজ্যৰ ভিতৰৰে ১০ খন বিজেপি বা বিজেপি মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্য।

  ইয়াৰ ভিতৰত আছে গুজৰাট, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ছত্তীশগড়, মধ্য প্ৰদেশ আৰু ৰাজস্থান। বিৰোধী শাসিত তেলেংগানা, তামিলনাডু আৰু ঝাৰখণ্ডৰ উপৰি ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশৰ প্ৰতীক পট  থাকিব। উল্লেখ্য  এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বিষয়বস্তু হৈছে 'উন্নত ভাৰত'। পশ্চিম বংগই  নাৰী শিক্ষাৰ আৰম্ভণিৰ পৰা কন্যাশ্ৰী আঁচনি সামৰি এখন প্ৰতীক পট  প্ৰেৰণ কৰিছিল। অৱশ্যে সেয়া নাকচ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু