--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু গায়ানা ৰিপাব্লিকৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ৰ মাজত হাইড্ৰ’কাৰ্বনৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰত অনুমোদন জনাইছে।প্ৰস্তাৱিত বুজাবুজিৰ চুক্তিখনে গায়ানাত খাৰুৱা তেলৰ উৎসৰ সন্ধান, গায়ানাৰ অন্বেষণ আৰু উৎপাদন (E&P) খণ্ডত ভাৰতীয় কোম্পানীসমূহৰ অংশগ্ৰহণ, খাৰুৱা তেলৰ শোধন, সামৰ্থ্য বিকাশ, দ্বিপাক্ষিক বাণিজ্যৰ সুদৃঢ়কৰণ, প্ৰাকৃতিক গেছ খণ্ডত সহযোগিতা, গায়ানাত তেল আৰু গেছ খণ্ডত নিয়ন্ত্ৰণ নীতিৰ কাঠামো বিকশিতকৰণত সহযোগিতা, জৈৱ ইন্ধনকে প্ৰমুখ্য কৰি স্বচ্ছ শক্তিৰ লগতে সৌৰশক্তি আদিকে ধৰি নবীকৰণযোগ্য শক্তি খণ্ডত সহযোগিতা প্ৰশস্ত কৰিব।

গায়ানাৰ সৈতে হাইড্ৰ’কাৰ্বন খণ্ডত সহযোগিতাৰ বুজাবুজিৰ চুক্তিয়ে দ্বিপাক্ষিক বাণিজ্য সুদৃঢ় কৰিব, পৰস্পৰে-পৰস্পৰক বিনিয়োগক লাভান্বিত কৰিব আৰু খাৰুৱা তেলৰ উৎসৰ বৈচিত্ৰ্যতা বৃদ্ধিত সহায় কৰিব, যাৰ ফলত শক্তি আৰু যোগানৰ সুৰক্ষা বৃদ্ধি পাব। ইয়াৰ উপৰিও, ই ভাৰতীয় কোম্পানীক গায়ানাৰ ইএণ্ডপি খণ্ডত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিব, আপষ্ট্ৰিম প্ৰকল্পত বৈশ্বিক তেল আৰু গেছ কোম্পানীসমূহৰ সৈতে কাম কৰি অভিজ্ঞতা লাভত সহায় কৰিব, যাৰ ফলত “আত্মনিৰ্ভৰ ভাৰত”ৰ দৃষ্টিভংগীয়ে উদ্দীপনা লাভ কৰিব।

এই বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ দিনৰপৰাই এয়া বলবৎ হ’ব আৰু পাঁচ বছৰৰ বাবে কাৰ্য্যকৰী হ’ব তথা তাৰ পিছত পঞ্চবাৰ্ষিক ভিত্তিত স্বয়ংক্ৰিয়ভাৱে নবীকৰণ কৰা হ’ব যদিহে কোনো এটা পক্ষয়েই নিজৰ উদ্দেশ্যৰ তিনিমাহ আগতে আন পক্ষক লিখিত জাননী নিদিয়ে এই বুজাবুজিৰ অন্ত পেলাবলৈ।শেহতীয়াকৈ গায়ানাই তেল আৰু গেছ খণ্ডত উল্লেখযোগ্য স্থান লাভৰে বিশ্বৰ নতুন তেল উৎপাদক দেশ হিচাপে পৰিগণিত হৈছে। ১১.২ বিলিয়ন বেৰেল তেলৰ সমতুল্য নতুন আৱিষ্কাৰ, বিশ্বৰ মুঠ তেল আৰু গেছৰ আৱিষ্কাৰৰ ১৮% আৰু আৱিষ্কৃত তেলৰ ৩২% অংশ গায়ানাৰ। অ’পেক ৱৰ্ল্ড অইল আউটলুক, ২০২২ অনুসৰি, গায়ানাত উৎপাদন যথেষ্ট বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে, ২০২১ত তৰল পদাৰ্থৰ যোগান ০.১ এমবি/দিনৰপৰা ২০২৭ত ০.৯ এমবি/দিনলৈ বৃদ্ধি পাব।

ইয়াৰ উপৰিও, বিপি ষ্টেটিষ্টিকেল ৰিভিউ অৱ ৱৰ্ল্ড এনাৰ্জি, ২০২২ অনুসৰি, ভাৰত বিশ্বৰ ৩য় সৰ্ববৃহৎ শক্তি উপভোক্তা, ৩য় সৰ্ববৃহৎ তেল উপভোক্তা আৰু ৪ৰ্থ সৰ্ববৃহৎ শোধনকাৰী আৰু বৰ্ধিত শক্তিৰ প্ৰয়োজনীয়তাৰে দ্ৰুত বৰ্ধমান প্ৰধান অৰ্থনীতি। বিপি এনাৰ্জি আউটলুক আৰু আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাই অনুমান কৰিছে যে ভাৰতৰ শক্তিৰ চাহিদা ২০৪০লৈকে বছৰি প্ৰায় ৩% বৃদ্ধি পাব, যি বিশ্বব্যাপী ১% হাৰত বৃদ্ধি পাব। ইয়াৰ উপৰিও, ২০২০-২০৪০ৰ ভিতৰত বিশ্ব শক্তিৰ চাহিদা বৃদ্ধিৰ প্ৰায় ২৫-২৮ শতাংশ ভাৰতে লাভৰ সম্ভাৱনা আছে।

দেশৰ শক্তি সুৰক্ষাৰ আধাৰত শক্তিৰ সুবিধা, উপলব্ধতা, নাগৰিকক ব্যয়সাধ্যতা নিশ্চিতকৰণৰ বাবে অধিক গতি প্ৰদানৰ লক্ষ্যৰে ভাৰতে খাৰুৱা তেলৰ উৎসৰ বৈচিত্ৰ্যৰ জৰিয়তে আৰু গুণগত বহিঃৰাষ্ট্ৰৰ সম্পত্তি আহৰণৰ জৰিয়তে উভয়তে হাইড্ৰ’কাৰ্বন খণ্ডত নতুন অংশীদাৰিত্ব গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত একক ভৌগোলিক/অৰ্থনৈতিক এককৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হৈ পৰিব আৰু ভাৰতৰ কৌশলগত পন্থাৰ বৰ্ধন ঘটিব।

গায়ানাৰ তাৎপৰ্য্য লক্ষ্য কৰি আৰু হাইড্ৰ’কাৰ্বন খণ্ডত দ্বিপাক্ষিক সম্পৰ্কৰ নৱীকৃত গতি তথা সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰৰ পৰিসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি হাইড্ৰ’কাৰ্বন খণ্ডত সহযোগিতা সন্দৰ্ভত গায়ানাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ প্ৰস্তাৱ জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক