--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্থনৈতিক সংকটে জুৰুলা কৰা শ্ৰীলংকাত এতিয়া বুভুক্ষু জনতাৰ ক্ষোভৰ উদগীৰণ। ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰতিকাৰ বিচাৰি দেশখনৰ জনতা পুনৰ নামি পৰিছে ৰাজপথত। দেশখনৰ এই সংকটাপন্ন অৱস্থাৰ সৈতে মোকাবিলা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা শাসকপক্ষৰ বিৰুদ্ধে জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিল আজি স্পষ্টৰূপত। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজধানী চহৰ কলম্বোত সমবেত হোৱা হাজাৰ হাজাৰ ক্ষোভিত জনতাই আজি আৰক্ষীৰ বাধা নেওচি ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত প্ৰৱেশ কৰিছে। 

ইতিপূৰ্বে চোৰাংচোৱাৰ দ্বাৰা আজিৰ এই গণ আন্দোলনৰ তথ্য লাভৰ পাছতে শুকুৰবাৰে নিশাই নিজা বাসভৱন এৰি সেনাৰ মুখ্য কাৰ্যালয়লৈ পলায়ন কৰিছিল ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই। শেহতীয়া খবৰ অনুসৰি জনতাৰ এই ৰুদ্ৰমূৰ্ত্তি দেখি আতংকিত হৈ পৰা  ৰাজপাক্ষেই দেশ এৰি পলায়ন কৰিছে। কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেই পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।

এই অভূতপূৰ্ব গণ আন্দোলনৰ পিছতে শ্ৰীলংকাৰ কিংবদন্তী ক্ৰিকেটাৰ তথা ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাকাৰাই প্ৰতিবাদৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে। ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত সমবেত প্ৰতিবাদকাৰীসকলৰ এটি সৰু ভিডিঅ' ক্লিপ টুইট কৰি তেওঁ লিখিছে "এয়া আমাৰ ভৱিষ্যতৰ বাবে।" তিনি ছেকেণ্ডৰ এই ভিডিঅ’ ক্লিপটোত দেশখনৰ ৰাষ্ট্ৰীয় পতাকা হাতত লৈ ৰাষ্ট্ৰপতি ভৱন ঘেৰাও কৰি থকা একাংশ  জনতাক সম্বোধন কৰি বিদ্ৰোহৰ নেতা এগৰাকীয়ে ভাষণ আগবঢ়াই থকা শুনিবলৈ পোৱা গৈছে।

উল্লেখ্য যে ছাংগাকাৰাৰ পূৰ্বে এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই ৰাজপথলৈ ওলাই আহিছিল শ্ৰীলংকান ক্ৰিকেটৰ দুই প্ৰাক্তন মহাৰথী সনথ জয়সূৰীয়া আৰু ৰোষণ মহানামাও। সনথ জয়সূৰ্যইও প্ৰতিবাদকাৰীসকলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি ৰাষ্ট্ৰপতিক "বিফল নেতা" বুলি অভিহিত কৰিছিল। অৱশ্যে তেওঁ  প্ৰতিবাদকাৰীসকলক শান্তিপূৰ্ণ পথেৰে আন্দোলনক আগবঢ়াই নিবলৈ আহ্বান জনাইছিল।

এক টুইটত জয়সূৰীয়াই লিখিছে, "মোৰ গোটেই জীৱনত মই কেতিয়াও এজন বিফল নেতাক দলিয়াই দিয়াৰ লক্ষ্যৰে দেশ এখনত এনেদৰে একত্ৰিত হোৱা দেখা নাই। মই সদায় শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে আছো। অতি সোনকালে আমি জয়ৰ আকাংক্ষিত দিনটো উদযাপন কৰিম।”

আনহাতে জয়সূৰীয়াৰ প্ৰাক্তন সতীৰ্থ মহানামাইও প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই এটা টুইটত লিখিছিল, ‘জাতি-ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰীলংকাবাসীক ৯ জুলাইত অনুষ্ঠিত হ'বলগীয়া অহিংস প্ৰতিবাদত যোগদান কৰিবলৈ আহ্বান জনাইছো। এই যুঁজ কেৱল জীয়াই থকাৰ বাবেই নহয়, ই ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰাৰ বাবেহে। ১৯৪৭ চনৰ পিছত আজি সমগ্ৰ দেশ ঐক্যবদ্ধ। দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক ব্যৱস্থা সলনি কৰাৰ বাবে হয়তো এয়াই শেষ সুযোগ। মই শ্ৰীলংকাক নৱপ্ৰজন্মৰ বাসস্থানৰ বাবে এখন উন্নত স্থান হিচাপে গঢ়ি তুলিব বিচাৰো আৰু সেয়ে প্ৰতিবাদত যোগদান কৰিছো।’

উল্লেখ্য যে পৰিকল্পিত ৰেলীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলি শ্ৰীলংকাৰ চোৰাংচোৱা সংস্থাই শুকুৰবাৰেই প্ৰতিবেদন দাখিল কৰিছিল। এই প্ৰতিবাদক অবৈধ ঘোষণা কৰিবলৈ আৰক্ষীয়ে জনোৱা অনুৰোধক অস্বীকাৰ কৰিছিল দেশখনৰ তিনিগৰাকী ন্যায়াধীশে। সাধাৰণ জনতাৰ লগতে দেশখনৰ কেইবাজনো সামৰিক কৰ্মীয়েও এই প্ৰতিবাদত যোগদান কৰি ৰাজপথত নামি পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি