--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামালৈ জন্মদিৰ শুভেচ্ছা জ্ঞাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়াকৈ জন্মদিন সন্দৰ্ভত চীনে দিয়া বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে। ভাৰতে প্ৰকাশ কৰিছে যে তেওঁলোকে  দালাই লামাক ভাৰতৰ সন্মানীয় অতিথি হিচাপে গন্য কৰি আহিছে। তিব্বতৰ আধ্যাত্মিক নেতাজনক সন্মান জনোৱাটো পূৰ্বৰে পৰা ভাৰতৰ  ধাৰাবাহিক প্ৰথা হৈ চলি আছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা দালাই লামাৰ জন্মদিনৰ শুভেচ্ছাক এই বৃহত্তৰ ৰূপৰেখাৰে চোৱা উচিত”।

বিষয়াগৰাকীয়ে লগতে কয়  ভাৰতত পৰম মিত্ৰ দালাই লামাক তেওঁৰ আধ্যাত্মিক আৰু ধৰ্মীয় অনুশীলনসমূহ ভাৰতত চলাবলৈ ভাৰতে প্ৰয়োজনীয় সকলো সৌজন্যতা আৰু ব্যক্তিগত স্বাধীনতা প্ৰদান কৰি আহিছে।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনৰ জৰিয়তে পৰম পৱিত্ৰ দালাই লামাৰ জন্মদিনৰ শুভেচ্ছা জনায়।একেৰাহে দ্বিতীয় বছৰৰ বাবে মোদীয়ে দালাই লামালৈ আহ্বান জনোৱা ৰাজহুৱাভাৱে প্ৰকাশ কৰাটোৱেই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) কাষেৰে চলি থকা সামৰিক সংঘাতৰ ফলত ভাৰত-চীনৰ সম্পৰ্কৰ অৱনতি ঘটাৰ লগত মিলি গৈছিল। 

বেইজিঙে দালাই লামাক "বিভাজনবাদী" বুলি গণ্য কৰে। তেওঁলৈ কৰা এই ফোন কল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰা কথাবোৰৰ ৰাজনৈতিক লগতে কূটনৈতিক তাৎপৰ্য্যও আছে বুলি কোৱা হৈছিল।

ভাৰতে জোৰ দি কৈছে যে চুবুৰীয়া দেশ দুখনে নিজৰ “পাৰস্পৰিক সংবেদনশীলতা, পছন্দ, আৰু বিবেচনা”ৰ প্ৰতি বিবেচনা কৰা উচিত।

হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ প্ৰাথমিক বৌদ্ধ মন্দিৰ ছুগলাগখাঙত দালাই লামাৰ জন্মদিন উদযাপন কৰা হয়। কেন্দ্ৰীয় তিব্বতী প্ৰশাসনে আয়োজন কৰা জন্মদিনত সমাৱেশত সন্ন্যাসী,ছাত্ৰ-ছাত্ৰী, দালাই লামাৰ বিদেশী ভক্তকে ধৰি শতাধিক তিব্বতীবাসীয়ে অংশগ্ৰহণ কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে কেইবাগৰাকীও মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে দালাই লামালৈ শুভেচ্ছা জ্ঞাপন কৰে। তিব্বতৰ আধ্যাত্মিক নেতাগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা পঠোৱাসকলৰ ভিতৰত আছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক,আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী।

চীনে ভাৰতক বাৰে বাৰে এল এ চিৰ (LAC) দ্বিপাক্ষিক সম্পৰ্কৰ বাকী অংশত প্ৰভাৱ পেলাবলৈ নিদিবলৈ কয়। সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা ৰখাৰ ঊদ্দেশ্যে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত ভাৰত ভ্ৰমণ কৰিছিল। অৱশ্যে সীমা বিবাদ নিষ্পত্তি নোহোৱা পৰ্যন্ত দ্বিপাক্ষিক সম্পৰ্ক পুনৰ স্থাপন কৰিব নোৱাৰিব বুলি জোৰ দি নতুন দিল্লীয়ে কৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৭ সংখ্যক জন্মদিনত দালাই লামাক শুভেচ্ছা জনোৱাৰ বাবে চীনে তীব্ৰ সমালোচনাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁলোকে কৈছে ভাৰতে  তিব্বতী আধ্যাত্মিক নেতাজনৰ "বিচ্ছিন্নতাবাদী স্বভাৱ" সম্পূৰ্ণৰূপে বুজিব লাগে।চীনৰ বিষয়ববীয়া সকলে কয় যে তিব্বত সম্পৰ্কীয় বিষয়সমূহ উত্থাপন কৰি চীনৰ আভ্যন্তৰীণ বিষয়ত ভাৰতে “হস্তক্ষেপ” কৰা উচিত নহয়।’

জি-২০ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ সৈতে সংগতি ৰাখি বালিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ ঠিক পিছতেই চীনৰ এই এই সঁহাৰি আহিছে। ২০১০ চনৰ পৰা চীন চৰকাৰৰ  লগত দালাই লামা বা তেওঁৰ প্ৰতিনিধিৰ মাজত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই।

দালাই লামাক বেইজিঙে এজন পৃথক ব্যক্তি হিচাপে গন্য কৰি আহিছে। ইয়াৰ পূৰ্বেও তেওঁৰ বিৰুদ্ধে "বিচ্ছিন্নতাবাদী" কাৰ্য্যকলাপত লিপ্ত হোৱাৰ লগতে তিব্বতক বিভাজিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
 
ইয়াৰ উত্তৰত নতুন দিল্লীয়ে কয় যে  পৰম পৱিত্ৰ দালাই লামাক দেশত সন্মানীয় অতিথি হিচাপে গণ্য কৰি আহিছে। দালাই লামাই ভাৰতক এক মহান সভ্যতা শক্তি হিচাপে দেখে। তেওঁ দেশখনকো নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰিছে।

তদুপৰি, নিজৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ অংশ হিচাপে ভাৰতে হয়তো বিশ্বৰ অৰ্ধপৰিবাহী নিৰ্মাতা টাইৱানৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিবলৈ চেষ্টা কৰিব পাৰে। সম্পৰ্ক তীব্ৰতৰ কৰিলে ভাৰতৰ অৰ্থনীতি উপকৃত হ’ব আৰু লগতে চীনৰ বাবে সতৰ্কবাণী হিচাপেও কাম কৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক