--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড প্ৰতিৰোধৰ বাবে কানাডা চৰকাৰে ভেকচিন গ্ৰহণ বাধ্যতামূলক কৰাৰ পাছতে দেশখনত সৃষ্টি হৈছে অভূতপূৰ্ব পৰিস্থিতিৰ৷ চৰকাৰৰ কঠোৰ ক’ভিডবিধিৰ বিৰুদ্ধে দেশখনৰ ট্ৰাকচালক আৰু জনসাধাৰণ ক্ষোভত ফাটি পৰিছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ প্ৰতিবাদৰ মুখামুখি হোৱাৰ ভয়ত অজ্ঞাত স্থানত আত্মগোপন কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে৷ কানাডা চৰকাৰে ট্ৰাক চালকৰ বাবে ভেকচিন বাধ্যতামূলক কৰাত জাঙুৰ খাই উঠিছে ট্ৰাকচালকসকল৷ শনিবাৰে ৰাজধানী অটোৱাত হাজাৰ হাজাৰ লোকে চৰকাৰৰ এই ক’ভিড নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু ২০ হাজাৰ ট্ৰাকেৰে ৫০ হাজাৰ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে প্ৰধানমন্ত্ৰী ট্ৰুডোৰ চৰকাৰী বাসভৱন৷ ২০ হাজাৰ ট্ৰাকেৰে ৫০ হাজাৰ প্ৰতিবাদকাৰীয়ে বাসভৱনৰ বাহিৰত সমবেত হৈ প্ৰতিবাদ আৰম্ভ কৰাৰ পাছত তৎমুহূৰ্ততে সেই স্থানৰ পৰা পৰিয়ালসহ পলায়ন কৰে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে৷ নিৰাপত্তাজনিত শংকা আৰু প্ৰতিবাদৰ মুখামুখি হোৱাৰ সাহসহীনতাৰ বাবেই প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে আশ্ৰয় লৈছে কোনো গোপন স্থানত৷ অভিযোগ অনুসৰি, ট্ৰাকচালকসকলৰ বাবে বাধ্যতামূলক ভেকচিনৰ নীতি প্ৰৱৰ্তন কৰাৰ পাছত ট্ৰাকচালকসকলৰ কাম-কাজ ব্যাহত হৈ পৰিছে৷ আমেৰিকালৈ অহা-যোৱা কৰা ট্ৰাকচালকসকলৰ বাবে ক’ভিডৰ ভেকচিন বাধ্যতামূলক কৰাৰ পাছতেই এই গণপ্ৰতিবাদৰ আৰম্ভণি হয়৷ কানাডা চৰকাৰৰ কৰ’না সম্পৰ্কীয় বিভিন্ন নিষেধাজ্ঞাৰ বিৰুদ্ধে ট্ৰাকচালকসকলে আৰম্ভ কৰা এই আন্দোলনক ‘ফ্ৰীডম কনভয়’ হিচাপে অভিহিত কৰা হৈছে৷ আন্দোলনকাৰীসকলে বাধ্যতামূলক ক’ভিড ভেকচিন গ্ৰহণ আৰু আন স্বাস্থ্যজনিত নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী কৰিছে৷ প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত এতিয়া ৰাজধানী অট’ৱাত জাৰি হৈছে হাই-এলাৰ্ট৷ ইপিনে, ক’ভিড নিষেধাজ্ঞাক ট্ৰাকচালকসকলে ‘ফেচিবাদ’ৰ সৈতে তুলনা কৰি কানাডাৰ পতাকাৰ সৈতে নাজী বাহিনীৰ প্ৰতীকো প্ৰদৰ্শন কৰে৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী ট্ৰুডোৱে ট্ৰাকচালকসকল বিজ্ঞানবিৰোধী, গুৰুত্বহীন সংখ্যালঘু লোক বুলি মন্তব্য কৰাৰ পাছতেই এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement