--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিড প্ৰতিৰোধৰ বাবে কানাডা চৰকাৰে ভেকচিন গ্ৰহণ বাধ্যতামূলক কৰাৰ পাছতে দেশখনত সৃষ্টি হৈছে অভূতপূৰ্ব পৰিস্থিতিৰ৷ চৰকাৰৰ কঠোৰ ক’ভিডবিধিৰ বিৰুদ্ধে দেশখনৰ ট্ৰাকচালক আৰু জনসাধাৰণ ক্ষোভত ফাটি পৰিছে৷ পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ প্ৰতিবাদৰ মুখামুখি হোৱাৰ ভয়ত অজ্ঞাত স্থানত আত্মগোপন কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে৷ কানাডা চৰকাৰে ট্ৰাক চালকৰ বাবে ভেকচিন বাধ্যতামূলক কৰাত জাঙুৰ খাই উঠিছে ট্ৰাকচালকসকল৷ শনিবাৰে ৰাজধানী অটোৱাত হাজাৰ হাজাৰ লোকে চৰকাৰৰ এই ক’ভিড নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু ২০ হাজাৰ ট্ৰাকেৰে ৫০ হাজাৰ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে প্ৰধানমন্ত্ৰী ট্ৰুডোৰ চৰকাৰী বাসভৱন৷ ২০ হাজাৰ ট্ৰাকেৰে ৫০ হাজাৰ প্ৰতিবাদকাৰীয়ে বাসভৱনৰ বাহিৰত সমবেত হৈ প্ৰতিবাদ আৰম্ভ কৰাৰ পাছত তৎমুহূৰ্ততে সেই স্থানৰ পৰা পৰিয়ালসহ পলায়ন কৰে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে৷ নিৰাপত্তাজনিত শংকা আৰু প্ৰতিবাদৰ মুখামুখি হোৱাৰ সাহসহীনতাৰ বাবেই প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে আশ্ৰয় লৈছে কোনো গোপন স্থানত৷ অভিযোগ অনুসৰি, ট্ৰাকচালকসকলৰ বাবে বাধ্যতামূলক ভেকচিনৰ নীতি প্ৰৱৰ্তন কৰাৰ পাছত ট্ৰাকচালকসকলৰ কাম-কাজ ব্যাহত হৈ পৰিছে৷ আমেৰিকালৈ অহা-যোৱা কৰা ট্ৰাকচালকসকলৰ বাবে ক’ভিডৰ ভেকচিন বাধ্যতামূলক কৰাৰ পাছতেই এই গণপ্ৰতিবাদৰ আৰম্ভণি হয়৷ কানাডা চৰকাৰৰ কৰ’না সম্পৰ্কীয় বিভিন্ন নিষেধাজ্ঞাৰ বিৰুদ্ধে ট্ৰাকচালকসকলে আৰম্ভ কৰা এই আন্দোলনক ‘ফ্ৰীডম কনভয়’ হিচাপে অভিহিত কৰা হৈছে৷ আন্দোলনকাৰীসকলে বাধ্যতামূলক ক’ভিড ভেকচিন গ্ৰহণ আৰু আন স্বাস্থ্যজনিত নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী কৰিছে৷ প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত এতিয়া ৰাজধানী অট’ৱাত জাৰি হৈছে হাই-এলাৰ্ট৷ ইপিনে, ক’ভিড নিষেধাজ্ঞাক ট্ৰাকচালকসকলে ‘ফেচিবাদ’ৰ সৈতে তুলনা কৰি কানাডাৰ পতাকাৰ সৈতে নাজী বাহিনীৰ প্ৰতীকো প্ৰদৰ্শন কৰে৷ উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী ট্ৰুডোৱে ট্ৰাকচালকসকল বিজ্ঞানবিৰোধী, গুৰুত্বহীন সংখ্যালঘু লোক বুলি মন্তব্য কৰাৰ পাছতেই এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু