--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গছত ফল-ফুল লগা শুনিছে কিন্তু কেতিয়াবা শুনিছেনে গছত চকী লগা। আচৰিত লাগিছে নহয়নে। আপুনি আচৰিত হলেও প্ৰকৃতিয়ে কিন্তু সঁচাকৈয়ে এনেকুৱা এজোপা গছ সৃষ্টি কৰিছে, যি গছত লাগে চকী। আমি কাঠৰ চকী দেখিছো বা অন্য ধাতুৰ চকী দেখিছো যি চকী কাৰিকৰে তৈয়াৰ কৰে। কিন্তু এইজোপা গছে নিজে নিজে সৃষ্টি কৰে চকী। ইংলেণ্ডত পোৱা যায় এই আচৰিত গছজোপা। গছজোপাৰ নাম উইলো। এই গছৰ ডালবোৰ যথেষ্ট নমনীয় আৰু বক্ৰ। গছৰ ডালবোৰ বাঢ়ি অহাৰ লগে লগে ই চকী এখনৰ আকাৰ লয়। এই গছৰ চকীবোৰ যথেষ্ট আৰামদায়ক আৰু কাৰখানাত বনোৱা চকীতকৈ অধিক আৰাম দিয়ে। ইংলেণ্ডৰ ডাৰ্বিশায়াৰ ডিলচ চহৰত বাস কৰা গেভিন মুনৰো নামৰ এজন ব্যক্তিয়ে চকী গজোৱা গছজোপাক লৈ এক সুন্দৰ ব্যৱসায় কৰি আছে। গেভিন মুনৰোয়ে চকী বনাবলৈ এটা লোৰ ফ্ৰেম ব্যৱহাৰ কৰে আৰু সেই ফ্ৰেমৰ ভিতৰত গছৰ ডালবোৰ খাপ খায় পৰি অধিক সুন্দৰ আকৃতিৰ চকী গঢ় লয়। গছজোপাত এখন চকী গঢ় লবলৈ সাতৰ পৰা ন বছৰ সময় লাগে। গতিকে গেভিনে কয় যে যদি কোনোবাই চকী এখন অৰ্ডাৰ দিব লগা হয়, তেন্তে তেওঁ এতিয়াৰ পৰা প্ৰায় ৮ বছৰ অপেক্ষা কৰিব লাগিব।। উইলো গছৰ এখন চকীৰ মূল্য ৪ লাখৰ পৰা ৪.৫০ লাখ টকা। উইলোৰ গছ পাঁচ বছৰৰ বাবে কোনো বাধা অবিহনে সাধাৰণ ধৰণে বাঢ়ে। ইয়াৰ পিছত গছৰ বিকাশ নিয়ন্ত্ৰণ কৰিবলৈ কাটি দিয়া হয়। ইয়াৰ পাছত নতুন ডাল ওলাবলৈ আৰম্ভ কৰে, যাক চকীলৈ ৰূপান্তৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ