--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গছত ফল-ফুল লগা শুনিছে কিন্তু কেতিয়াবা শুনিছেনে গছত চকী লগা। আচৰিত লাগিছে নহয়নে। আপুনি আচৰিত হলেও প্ৰকৃতিয়ে কিন্তু সঁচাকৈয়ে এনেকুৱা এজোপা গছ সৃষ্টি কৰিছে, যি গছত লাগে চকী। আমি কাঠৰ চকী দেখিছো বা অন্য ধাতুৰ চকী দেখিছো যি চকী কাৰিকৰে তৈয়াৰ কৰে। কিন্তু এইজোপা গছে নিজে নিজে সৃষ্টি কৰে চকী। ইংলেণ্ডত পোৱা যায় এই আচৰিত গছজোপা। গছজোপাৰ নাম উইলো। এই গছৰ ডালবোৰ যথেষ্ট নমনীয় আৰু বক্ৰ। গছৰ ডালবোৰ বাঢ়ি অহাৰ লগে লগে ই চকী এখনৰ আকাৰ লয়। এই গছৰ চকীবোৰ যথেষ্ট আৰামদায়ক আৰু কাৰখানাত বনোৱা চকীতকৈ অধিক আৰাম দিয়ে। ইংলেণ্ডৰ ডাৰ্বিশায়াৰ ডিলচ চহৰত বাস কৰা গেভিন মুনৰো নামৰ এজন ব্যক্তিয়ে চকী গজোৱা গছজোপাক লৈ এক সুন্দৰ ব্যৱসায় কৰি আছে। গেভিন মুনৰোয়ে চকী বনাবলৈ এটা লোৰ ফ্ৰেম ব্যৱহাৰ কৰে আৰু সেই ফ্ৰেমৰ ভিতৰত গছৰ ডালবোৰ খাপ খায় পৰি অধিক সুন্দৰ আকৃতিৰ চকী গঢ় লয়। গছজোপাত এখন চকী গঢ় লবলৈ সাতৰ পৰা ন বছৰ সময় লাগে। গতিকে গেভিনে কয় যে যদি কোনোবাই চকী এখন অৰ্ডাৰ দিব লগা হয়, তেন্তে তেওঁ এতিয়াৰ পৰা প্ৰায় ৮ বছৰ অপেক্ষা কৰিব লাগিব।। উইলো গছৰ এখন চকীৰ মূল্য ৪ লাখৰ পৰা ৪.৫০ লাখ টকা। উইলোৰ গছ পাঁচ বছৰৰ বাবে কোনো বাধা অবিহনে সাধাৰণ ধৰণে বাঢ়ে। ইয়াৰ পিছত গছৰ বিকাশ নিয়ন্ত্ৰণ কৰিবলৈ কাটি দিয়া হয়। ইয়াৰ পাছত নতুন ডাল ওলাবলৈ আৰম্ভ কৰে, যাক চকীলৈ ৰূপান্তৰ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু