--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন চিকিৎসকৰ আত্মহত্যা। মানসিক অশান্তি সহিব নোৱাৰি চিকিৎসকগৰাকীয়ে নিজৰ ক্লিনিকতে চিপ লৈ আত্মহত্যা কৰে। চিকিৎসকগৰাকীৰ মৃতদেহ তেওঁৰ ক্লিনিকত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।  

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ফান্দৰ পৰা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ক্লিনিকৰ পৰা তেওঁৰ ছুইচাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই ছুইচাইড নোটত চিকিৎসকে তেওঁৰ মৃত্যুৰ বাবে পত্নী আৰু পত্নীৰ ভনীয়েক-ভায়েকক জগৰীয়া কৰিছে। চিকিৎসকৰ পিতৃয়ে বৰ্তমান পত্নী, ভনীয়েক আৰু ভায়েকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ছুইচাইড নোট আৰু অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উত্তৰ প্ৰদেশৰ নগৰ কোটৱালি অঞ্চলৰ নিউ ইন্দিৰা নগৰ কলনীৰ বাসিন্দা ডাঃ দেৱী দয়ালে (৪০ বছৰ) নিজ ঘৰতে ক্লিনিক চলাইছিল। পৰিয়ালটোও একেলগে থাকিছিল যদিও যোৱা কেইদিনমানৰ পৰা পত্নীয়ে তেওঁক পৰিয়ালৰ পৰা আঁতৰি থাকিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল। এই বিষয়টোক লৈ চিকিৎসক আৰু তেওঁৰ পত্নীৰ মাজত বহু সময়ত বিবাদ হৈছিল।

কিছুদিন পূৰ্বে চিকিৎসকজনক মৃত্যুৰ ভাবুকি দিছিল পত্নী প্ৰিয়া যাদৱ আৰু প্ৰিয়াৰ ভনীয়েক-ভায়েকে। এই কথাত ডাঃ দেৱী দয়াল অতিশয় চিন্তিত হৈ পৰিল। পত্নীৰ হাৰাশাস্তিত অশান্ত হৈ আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ক্লিনিকত নিশা চিপ লগাই আত্মহত্যা কৰে ডাঃ দেৱী দয়ালে। পুৱা যেতিয়া তেওঁৰ মৃতদেহ ক্লিনিকত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তেতিয়া স্থানীয় অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হয়।

মৃতকৰ পিতৃ শ্যামনাথ যাদৱে ডাঃ দেৱী দয়ালৰ পত্নী আৰু পত্নীৰ ভাতৃ-ভগ্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু