--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন চিকিৎসকৰ আত্মহত্যা। মানসিক অশান্তি সহিব নোৱাৰি চিকিৎসকগৰাকীয়ে নিজৰ ক্লিনিকতে চিপ লৈ আত্মহত্যা কৰে। চিকিৎসকগৰাকীৰ মৃতদেহ তেওঁৰ ক্লিনিকত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।  

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো ফান্দৰ পৰা নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ক্লিনিকৰ পৰা তেওঁৰ ছুইচাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে। এই ছুইচাইড নোটত চিকিৎসকে তেওঁৰ মৃত্যুৰ বাবে পত্নী আৰু পত্নীৰ ভনীয়েক-ভায়েকক জগৰীয়া কৰিছে। চিকিৎসকৰ পিতৃয়ে বৰ্তমান পত্নী, ভনীয়েক আৰু ভায়েকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ছুইচাইড নোট আৰু অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উত্তৰ প্ৰদেশৰ নগৰ কোটৱালি অঞ্চলৰ নিউ ইন্দিৰা নগৰ কলনীৰ বাসিন্দা ডাঃ দেৱী দয়ালে (৪০ বছৰ) নিজ ঘৰতে ক্লিনিক চলাইছিল। পৰিয়ালটোও একেলগে থাকিছিল যদিও যোৱা কেইদিনমানৰ পৰা পত্নীয়ে তেওঁক পৰিয়ালৰ পৰা আঁতৰি থাকিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল। এই বিষয়টোক লৈ চিকিৎসক আৰু তেওঁৰ পত্নীৰ মাজত বহু সময়ত বিবাদ হৈছিল।

কিছুদিন পূৰ্বে চিকিৎসকজনক মৃত্যুৰ ভাবুকি দিছিল পত্নী প্ৰিয়া যাদৱ আৰু প্ৰিয়াৰ ভনীয়েক-ভায়েকে। এই কথাত ডাঃ দেৱী দয়াল অতিশয় চিন্তিত হৈ পৰিল। পত্নীৰ হাৰাশাস্তিত অশান্ত হৈ আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰি নিজৰ ক্লিনিকত নিশা চিপ লগাই আত্মহত্যা কৰে ডাঃ দেৱী দয়ালে। পুৱা যেতিয়া তেওঁৰ মৃতদেহ ক্লিনিকত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তেতিয়া স্থানীয় অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হয়।

মৃতকৰ পিতৃ শ্যামনাথ যাদৱে ডাঃ দেৱী দয়ালৰ পত্নী আৰু পত্নীৰ ভাতৃ-ভগ্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক