--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত গংগাত পদক বিসৰ্জন দিয়াৰ সিদ্ধান্ত বাতিল কৰিলে প্ৰতিবাদী মল্লযোদ্ধাসকলে। নৰেশ টিকাইটকে ধৰি কেইবাজনো কৃষক নেতাই তেওঁলোকক হৰিদ্বাৰত লগ কৰে আৰু পদক বিসৰ্জন নিদিবলৈ অনুৰোধ কৰে।

পদক বিসৰ্জন নিদিলেও মল্লযুঁজাৰুসকলে কেন্দ্ৰক পাঁচ দিনৰ সময়সীমা দিছে। পাঁচ দিনৰ ভিতৰত তেওঁলোকৰ দাবী পূৰণ নহ’লে পুনৰ গংগাত পদক দলিয়াই দিয়াৰ হুংকাৰ দিছে।

উল্লেখ্য যে মঙলবাৰে পুৱাই অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিকে পদক বিসৰ্জনৰ কথা কৈছিল। তেওঁ কৈছিল- ''এই পদক আমাৰ জীৱন। আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীৱন-যাপনৰ কোনো লাভ নাই। গতিকে পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত অনশন কৰিম।"

তাৰপাছতে আবেলিলৈ হৰিদ্বাৰত উপস্থিত হৈছিল মল্লযোদ্ধাসকল। মল্লযুঁজাৰুসকলৰ ওচৰলৈ হৰিদ্বাৰৰ কেইবাজনো সাধু-সন্তও আগবাঢ়ি আহে। তেওঁলোকেও পদকসমূহ বিসৰ্জন নিদিবলৈ অনুৰোধ কৰে। সাধাৰণ জনতাইও মল্লযুঁজাৰুৰ সমৰ্থনত শ্লোগানেৰে উত্তাল কৰি তোলে।

হৰিদ্বাৰৰ হৰ কি পৌৰী ঘাটত মল্লযোদ্ধাসকলৰ মাজত আৱেগিক পৰিস্থিতিৰ সৃষ্টি হয়। সাক্ষী মালিক, বিনেশ ফগটে বুকুত পদকৰ বাকচত ৰাখি চকুলো টুকে। তেওঁলোকক পৰিয়ালৰ সদস্যই ঘেৰি ধৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু