--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত গংগাত পদক বিসৰ্জন দিয়াৰ সিদ্ধান্ত বাতিল কৰিলে প্ৰতিবাদী মল্লযোদ্ধাসকলে। নৰেশ টিকাইটকে ধৰি কেইবাজনো কৃষক নেতাই তেওঁলোকক হৰিদ্বাৰত লগ কৰে আৰু পদক বিসৰ্জন নিদিবলৈ অনুৰোধ কৰে।

পদক বিসৰ্জন নিদিলেও মল্লযুঁজাৰুসকলে কেন্দ্ৰক পাঁচ দিনৰ সময়সীমা দিছে। পাঁচ দিনৰ ভিতৰত তেওঁলোকৰ দাবী পূৰণ নহ’লে পুনৰ গংগাত পদক দলিয়াই দিয়াৰ হুংকাৰ দিছে।

উল্লেখ্য যে মঙলবাৰে পুৱাই অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিকে পদক বিসৰ্জনৰ কথা কৈছিল। তেওঁ কৈছিল- ''এই পদক আমাৰ জীৱন। আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীৱন-যাপনৰ কোনো লাভ নাই। গতিকে পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত অনশন কৰিম।"

তাৰপাছতে আবেলিলৈ হৰিদ্বাৰত উপস্থিত হৈছিল মল্লযোদ্ধাসকল। মল্লযুঁজাৰুসকলৰ ওচৰলৈ হৰিদ্বাৰৰ কেইবাজনো সাধু-সন্তও আগবাঢ়ি আহে। তেওঁলোকেও পদকসমূহ বিসৰ্জন নিদিবলৈ অনুৰোধ কৰে। সাধাৰণ জনতাইও মল্লযুঁজাৰুৰ সমৰ্থনত শ্লোগানেৰে উত্তাল কৰি তোলে।

হৰিদ্বাৰৰ হৰ কি পৌৰী ঘাটত মল্লযোদ্ধাসকলৰ মাজত আৱেগিক পৰিস্থিতিৰ সৃষ্টি হয়। সাক্ষী মালিক, বিনেশ ফগটে বুকুত পদকৰ বাকচত ৰাখি চকুলো টুকে। তেওঁলোকক পৰিয়ালৰ সদস্যই ঘেৰি ধৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে