--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীক আজি লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ কথাই দেশৰ ৰাজনীতি তোলপাৰ লগাইছে। কংগ্ৰেছৰ অন্যতম নেতা  ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰাৰ পিছতে বিৰোধী শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই শুকুৰবাৰে ৰাহুল গান্ধীক সংসদৰ পৰা অপসাৰণ কৰা কাৰ্যক  "গণতন্ত্ৰৰ হত্যা" বুলি অভিহিত কৰে। থাকৰেৰ মতে, "চোৰক চোৰ বুলি কোৱা"টোও এতিয়া এই দেশত অপৰাধ হৈ পৰিছে। তেওঁ লগতে ইয়াক  একনায়কত্বৰ সমাপ্তিৰ আৰম্ভণি বুলিও মন্তব্য কৰে।।থাকৰেই কয় "ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ অৱশেষত বাতিল কৰা হৈছে। চোৰক চোৰ বুলি কোৱাটো আমাৰ দেশত অপৰাধ হৈ পৰিছে। দেশ লুণ্ঠন কৰা চোৰবোৰ এতিয়াও মুক্ত হৈ আছে আৰু ৰাহুল গান্ধীক শাস্তি দিয়া হৈছে। এয়া গণতন্ত্ৰক পোনপটীয়াকৈ হত্যাৰ চেষ্টা" । 

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় "সকলো চৰকাৰী প্ৰণালী চাপত আছে। এয়া হৈছে একনায়কত্বৰ সমাপ্তিৰ আৰম্ভণি," । শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে  এই কাৰ্য্যক "প্ৰতিশোধমূলক আৰু ঘৃণনীয়" বুলি অভিহিত কৰিছে। গুজৰাটৰ নিম্ন আদালতে মোদীৰ উপাধি সম্পৰ্কে কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীক  দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছত গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। 

 পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ বাবে কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰিছে। টিএমচি ৰ মুৰব্বীগৰাকীয়ে  ৰাহুলৰ নাম নোলোৱাকৈ কয়  যে দেশখনে সাংবিধানিক গণতন্ত্ৰত এক নতুন বিপদ  প্ৰত্যক্ষ কৰিছে। মমতাই কয় "প্ৰধানমন্ত্ৰী মোদীৰ নতুন ভাৰতৰ অধীনত বিৰোধী নেতাসকল বিজেপিৰ প্ৰধান লক্ষ্য হৈ পৰিছে,"  টুইটাৰ পোষ্টত মমতাই লগতে কয়, "আজি আমি আমাৰ সাংবিধানিক গণতন্ত্ৰৰ বাবে এক নতুন বিপদ দেখিছো" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু