--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীক আজি লোকসভাৰ সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ কথাই দেশৰ ৰাজনীতি তোলপাৰ লগাইছে। কংগ্ৰেছৰ অন্যতম নেতা  ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰাৰ পিছতে বিৰোধী শিবিৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।  

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই শুকুৰবাৰে ৰাহুল গান্ধীক সংসদৰ পৰা অপসাৰণ কৰা কাৰ্যক  "গণতন্ত্ৰৰ হত্যা" বুলি অভিহিত কৰে। থাকৰেৰ মতে, "চোৰক চোৰ বুলি কোৱা"টোও এতিয়া এই দেশত অপৰাধ হৈ পৰিছে। তেওঁ লগতে ইয়াক  একনায়কত্বৰ সমাপ্তিৰ আৰম্ভণি বুলিও মন্তব্য কৰে।।থাকৰেই কয় "ৰাহুল গান্ধীৰ সংসদৰ সদস্যপদ অৱশেষত বাতিল কৰা হৈছে। চোৰক চোৰ বুলি কোৱাটো আমাৰ দেশত অপৰাধ হৈ পৰিছে। দেশ লুণ্ঠন কৰা চোৰবোৰ এতিয়াও মুক্ত হৈ আছে আৰু ৰাহুল গান্ধীক শাস্তি দিয়া হৈছে। এয়া গণতন্ত্ৰক পোনপটীয়াকৈ হত্যাৰ চেষ্টা" । 

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় "সকলো চৰকাৰী প্ৰণালী চাপত আছে। এয়া হৈছে একনায়কত্বৰ সমাপ্তিৰ আৰম্ভণি," । শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে  এই কাৰ্য্যক "প্ৰতিশোধমূলক আৰু ঘৃণনীয়" বুলি অভিহিত কৰিছে। গুজৰাটৰ নিম্ন আদালতে মোদীৰ উপাধি সম্পৰ্কে কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীক  দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছত গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। 

 পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ বাবে কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰিছে। টিএমচি ৰ মুৰব্বীগৰাকীয়ে  ৰাহুলৰ নাম নোলোৱাকৈ কয়  যে দেশখনে সাংবিধানিক গণতন্ত্ৰত এক নতুন বিপদ  প্ৰত্যক্ষ কৰিছে। মমতাই কয় "প্ৰধানমন্ত্ৰী মোদীৰ নতুন ভাৰতৰ অধীনত বিৰোধী নেতাসকল বিজেপিৰ প্ৰধান লক্ষ্য হৈ পৰিছে,"  টুইটাৰ পোষ্টত মমতাই লগতে কয়, "আজি আমি আমাৰ সাংবিধানিক গণতন্ত্ৰৰ বাবে এক নতুন বিপদ দেখিছো" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement