--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্যৰ বাবে আদালতে দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ  সাংসদ পদ বাতিল কৰিছে। ফলত তেওঁ লোকসভাত উপস্থিত থাকিব নোৱাৰিব। কেৱল সেয়াই নহয়, সাংসদ পদ কৰ্তন হোৱাৰ বাবে ৰাহুল গান্ধীয়ে আনকি ছবছৰলৈ কোনো নিৰ্বাচনত ভাগ ল’ব নোৱাৰিব। 

উল্লেখ্য মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে চুৰাট জিলা আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ৰাহুলক  দুবছৰৰ কাৰাদণ্ড বিহিছিল। পিছত  আদালতে  ৰাহুলক ১০,০০০ টকাৰ জামিনত মুক্তি দিয়ে আৰু ৩০ দিনৰ ভিতৰত উচ্চতৰ আদালতত আপীল কৰিবলৈ অনুমতি দিয়ে। ইয়াৰ পিছতে লোকসভাৰ অধ্যক্ষই আইন অনুসৰি 'দোষী' ৰাহুলক সংসদৰ পৰা বৰ্খাস্ত কৰে। ঠিক দুমাহ আগতে  লক্ষদ্বীপৰ এনচিপিৰ সাংসদ মহম্মদ ফৈজলৰো সাংসদ পদ কৰ্তন কৰা হৈছিল। 

 ফৈজলক  হত্যাৰ চেষ্টাৰ বাবে ১০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল।কিন্তু কেৰালা উচ্চ ন্যায়ালয়ে ইতিমধ্যে লক্ষদ্বীপৰ নিম্ন আদালতৰ ৰায় স্থগিত ৰাখিছে।  কেৰালা উচ্চ ন্যায়ালয়ে লোকসভা সচিবালয়ক ফৈজলৰ সাংসদ পদ ঘূৰাই দিবলৈ নিৰ্দেশ দিছে। ফলস্বৰূপে ফৈজল পুনৰ  এজন সাংসদ হিচাপে লোকসভালৈ উভতি আহিবলৈ সাজু হৈছে। 

ৰাহুল গান্ধীৰ ক্ষেত্ৰতো যদি  উচ্চ আদালতে চুৰাট জিলা আদালতৰ সামগ্ৰিক ৰায়  স্থগিত ৰাখে আৰু কেৰালা উচ্চ ন্যায়ালয়ে ফৈজলৰ ক্ষেত্ৰত কৰাৰ দৰে   নিৰ্দেশনা জাৰি কৰে, তেন্তে ৰাহুলৰ বাবেও সাংসদৰ পদ ঘূৰাই পোৱাটো সম্ভৱ হ'ব পাৰে। অৱশ্যে, শুকুৰবাৰে চৰকাৰৰ অভূতপূৰ্ব পদক্ষেপ দেখি বিৰোধী নেতাসকলে অনুভৱ কৰিছে যে ৱায়ানাডত উপ-নিৰ্বাচন প্ৰক্ৰিয়া সোনকালেই আৰম্ভ কৰা হ'ব পাৰে। অৱশ্যে যদি উচ্চ ন্যায়ালয়ে এনে প্ৰক্ৰিয়া  স্থগিত ৰাখিলে ছবি খন কিছু সলনি হ’ব।

অতীতত উচ্চতম ন্যায়ালয়ে অধ্যক্ষৰ সিদ্ধান্ত খাৰিজ কৰাৰ বহু নজিৰ আছে। ডেৰ দশক আগতে কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ তথা বিজেপি নেতা কে জি বোপাইয়াই দলত্যাগ বিৰোধী আইনৰ অপব্যৱহাৰ কৰি কেইবাজনো বিৰোধী বিধায়কৰ বিধায়ক পদ খাৰিজ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তেওঁলোকে পুনৰ বিধায়কৰ পদ ঘূৰাই পাইছিল।

আইন বিশেষজ্ঞৰ এটা অংশৰ মতে বৃহস্পতিবাৰে গুজৰাট আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহাৰ  পিছত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)ই আৰু জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮ ৰ অধীনত ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তন কৰিছে। এয়া আপাত দৃষ্টিত অবৈধ নহয়।জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩)ত কোৱা হৈছে যে ফৌজদাৰী অপৰাধৰ বাবে দুবছৰতকৈ অধিক কাৰাদণ্ড লাভ কৰা  ব্যক্তি এজনে শাস্তি ঘোষণাৰ দিনৰ পৰা ৰাজহুৱা প্ৰতিনিধি হোৱাৰ অধিকাৰ হেৰুৱাব। আনকি কাৰাগাৰৰ পৰা  মুক্তিৰ পিছত কমেও ছয় বছৰ নিৰ্বাচনত প্ৰতিদ্বন্বিতা  কৰিব নোৱাৰে। কিন্তু যদি উচ্চতম ন্যায়ালয়ে সংসদৰ ঘোষণা স্থগিত ৰাখে তেন্তে ৰাহুলে পুনৰ ওভতাই পাব পাৰে সাংসদৰ পদ। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক