--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ কেইবাখনো ৰাজ্যত হৈ থকা বিধানসভা নিৰ্বাচনত জনতাৰ সঁহাৰি আশাপ্ৰদ নহয়। ইতিমধ্যে উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ গ’ল। উত্তৰ প্ৰদেশত ভোটগ্ৰহণ আৰম্ভ হ’ল যদিও আটাই কেইটা পৰ্যায় সম্পন্ন হোৱা নাই। ভোটগ্ৰহণৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ভোটদানৰ প্ৰতি ভোটাৰৰ আগ্ৰহ যথেষ্ট হ্ৰাস পাইছে। পঞ্জাবৰ পূৰ্বৰ বিধানসভা নিৰ্বাচন ২০১৭ চনত সম্পন্ন হৈছিল। তেতিয়া ভোটদানৰ হাৰ আছিল ৭৮.৬২ শতাংশ। এই বৰ্ষত অনুষ্ঠিত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ ৬৯.৬৫ শতাংশইহে ভোটদান কৰিলে। পূৰ্বৰ তুলনাত এইবাৰৰ নিৰ্বাচনত প্ৰায় ৯ শতাংশ লোকে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা দূৰত থাকিল। আনফালে গোৱা আৰু উত্তৰাখণ্ডতো অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ সমীক্ষালৈ লক্ষ্য কৰিলেও দেখিবলৈ পোৱা যায় যে, পূৰ্বৰ তুলনাত বহু লোকে ভোটদান কৰাৰ পৰা বিৰত থাকিল। উত্তৰ প্ৰদেশত এতিয়াও চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ’বলৈ বাকী আছে, তেনেকৈ মণিপুৰৰ ক্ষেত্ৰতো নিৰ্বাচনৰ পাছত সমীক্ষা প্ৰকাশ পাব। এতিয়ালৈ প্ৰকাশ হোৱা সমীক্ষাৰ পৰা এইটো স্পষ্ট হ’ব পাৰি যে ভোটদানৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ কমি আহিছে। কিয় অস্বাভাৱিক হাৰত এনেকৈ ভোটদানৰ হাৰ কমি আহিছে, সেই কথা ঠিৰাংকৈ কোৱা টান। কিন্তু জনসাধাৰণে একাংশ নেতা-মন্ত্ৰীৰ কাৰু-কাৰ্যত যে বিতুষ্ট হৈছে, সেই কথা বহু আগৰে পৰাই চৰ্চাত আছে। গণতান্ত্ৰিক দেশ এখনত ৰাইজেই ৰজা। ৰাইজে জনসাধাৰণৰ মাজৰ পৰা এজনক নিৰ্বাচন কৰি শাসনৰ ক্ষমতা দিয়ে। একাৰ্থত তেওঁ জনতাৰ ওচৰত দায়বদ্ধ আৰু ৰাইজৰ সেৱাৰ প্ৰতি উচৰ্গিত। কিন্তু লাহে লাহে এইবোৰ যেন কেৱল কিতাপ আৰু মুখৰ কথাতেই সীমাবদ্ধ থাকিল। জনতাই নিৰ্বাচন কৰি পঠোৱা প্ৰতিনিধিসকলে শাসনৰ ক্ষমতা লাভ কৰি ৰাইজৰ উন্নয়ন আৰু কল্যাণৰ কথা পাহৰি পেলায়। আজিৰ সময়ত এনে বহু নেতা-মন্ত্ৰীৰ উদাহৰণ ৰাইজৰ চকুৰ সন্মুখতে পৰি আছে। ৰাইজৰ হিতাৰ্থে কাম কৰা আৰু দুৰ্নীতি-অনীতিৰ পৰা দূৰত থকা নেতা আঙুলিৰ মূৰত গণিব পৰা বিধৰ। জনসাধাৰণৰ সেৱাৰ বাবে নিৰ্বাচিত হৈ নামী-বেনামী অলেখ সম্পত্তিৰ পাহাৰ গঢ়ি মাত্ৰ ৫ বছৰতেই ধনী মানুহৰ শাৰী পূৰণ কৰিবলৈ সমৰ্থ হোৱা ৰাইজে দেখিছে। এনেবোৰ কাৰণতেই হয়তো জনসাধাৰণ ভোটদানৰ জৰিয়তে গণতন্ত্ৰৰ অংশীদাৰ হোৱাৰ পৰা আঁতৰত আছে। এজন যোগ্য প্ৰতিনিধিক নিৰ্বাচন কৰি পঠোৱাৰ দায়িত্ব জনসাধাৰণৰ আছে। এই দায়িত্ব পালন কৰিবলৈ প্ৰত্যেকজন নাগৰিক সচেতন হোৱাটো প্ৰয়োজনীয়। কিন্তু ভোটদানৰ পৰা আঁতৰি থাকি গণতন্ত্ৰত অংশ নোলোৱাটো ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি কোনো পধ্যেই শুভ লক্ষণ নহয়। ইয়াৰ বাবে বহুতেই দেশৰ ৰাজনৈতিক নেতাসকলকেই দোষাৰোপ কৰিব খোজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু