--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ কেইবাখনো ৰাজ্যত হৈ থকা বিধানসভা নিৰ্বাচনত জনতাৰ সঁহাৰি আশাপ্ৰদ নহয়। ইতিমধ্যে উত্তৰাখণ্ড, পঞ্জাব আৰু গোৱাত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ গ’ল। উত্তৰ প্ৰদেশত ভোটগ্ৰহণ আৰম্ভ হ’ল যদিও আটাই কেইটা পৰ্যায় সম্পন্ন হোৱা নাই। ভোটগ্ৰহণৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ভোটদানৰ প্ৰতি ভোটাৰৰ আগ্ৰহ যথেষ্ট হ্ৰাস পাইছে। পঞ্জাবৰ পূৰ্বৰ বিধানসভা নিৰ্বাচন ২০১৭ চনত সম্পন্ন হৈছিল। তেতিয়া ভোটদানৰ হাৰ আছিল ৭৮.৬২ শতাংশ। এই বৰ্ষত অনুষ্ঠিত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ ৬৯.৬৫ শতাংশইহে ভোটদান কৰিলে। পূৰ্বৰ তুলনাত এইবাৰৰ নিৰ্বাচনত প্ৰায় ৯ শতাংশ লোকে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা দূৰত থাকিল। আনফালে গোৱা আৰু উত্তৰাখণ্ডতো অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ সমীক্ষালৈ লক্ষ্য কৰিলেও দেখিবলৈ পোৱা যায় যে, পূৰ্বৰ তুলনাত বহু লোকে ভোটদান কৰাৰ পৰা বিৰত থাকিল। উত্তৰ প্ৰদেশত এতিয়াও চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হ’বলৈ বাকী আছে, তেনেকৈ মণিপুৰৰ ক্ষেত্ৰতো নিৰ্বাচনৰ পাছত সমীক্ষা প্ৰকাশ পাব। এতিয়ালৈ প্ৰকাশ হোৱা সমীক্ষাৰ পৰা এইটো স্পষ্ট হ’ব পাৰি যে ভোটদানৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ কমি আহিছে। কিয় অস্বাভাৱিক হাৰত এনেকৈ ভোটদানৰ হাৰ কমি আহিছে, সেই কথা ঠিৰাংকৈ কোৱা টান। কিন্তু জনসাধাৰণে একাংশ নেতা-মন্ত্ৰীৰ কাৰু-কাৰ্যত যে বিতুষ্ট হৈছে, সেই কথা বহু আগৰে পৰাই চৰ্চাত আছে। গণতান্ত্ৰিক দেশ এখনত ৰাইজেই ৰজা। ৰাইজে জনসাধাৰণৰ মাজৰ পৰা এজনক নিৰ্বাচন কৰি শাসনৰ ক্ষমতা দিয়ে। একাৰ্থত তেওঁ জনতাৰ ওচৰত দায়বদ্ধ আৰু ৰাইজৰ সেৱাৰ প্ৰতি উচৰ্গিত। কিন্তু লাহে লাহে এইবোৰ যেন কেৱল কিতাপ আৰু মুখৰ কথাতেই সীমাবদ্ধ থাকিল। জনতাই নিৰ্বাচন কৰি পঠোৱা প্ৰতিনিধিসকলে শাসনৰ ক্ষমতা লাভ কৰি ৰাইজৰ উন্নয়ন আৰু কল্যাণৰ কথা পাহৰি পেলায়। আজিৰ সময়ত এনে বহু নেতা-মন্ত্ৰীৰ উদাহৰণ ৰাইজৰ চকুৰ সন্মুখতে পৰি আছে। ৰাইজৰ হিতাৰ্থে কাম কৰা আৰু দুৰ্নীতি-অনীতিৰ পৰা দূৰত থকা নেতা আঙুলিৰ মূৰত গণিব পৰা বিধৰ। জনসাধাৰণৰ সেৱাৰ বাবে নিৰ্বাচিত হৈ নামী-বেনামী অলেখ সম্পত্তিৰ পাহাৰ গঢ়ি মাত্ৰ ৫ বছৰতেই ধনী মানুহৰ শাৰী পূৰণ কৰিবলৈ সমৰ্থ হোৱা ৰাইজে দেখিছে। এনেবোৰ কাৰণতেই হয়তো জনসাধাৰণ ভোটদানৰ জৰিয়তে গণতন্ত্ৰৰ অংশীদাৰ হোৱাৰ পৰা আঁতৰত আছে। এজন যোগ্য প্ৰতিনিধিক নিৰ্বাচন কৰি পঠোৱাৰ দায়িত্ব জনসাধাৰণৰ আছে। এই দায়িত্ব পালন কৰিবলৈ প্ৰত্যেকজন নাগৰিক সচেতন হোৱাটো প্ৰয়োজনীয়। কিন্তু ভোটদানৰ পৰা আঁতৰি থাকি গণতন্ত্ৰত অংশ নোলোৱাটো ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি কোনো পধ্যেই শুভ লক্ষণ নহয়। ইয়াৰ বাবে বহুতেই দেশৰ ৰাজনৈতিক নেতাসকলকেই দোষাৰোপ কৰিব খোজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ