--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অভিযোগ-প্ৰতিঅভিযোগৰ ৰাজনীতিত উত্তপ্ত হৈ পৰিছে গোৱাৰ নিৰ্বাচনী প্ৰেক্ষাপট৷ গোৱা বিধানসভা নিৰ্বাচন'ত বিজেপিৰ হৈ প্ৰচাৰত নামিছে স্বয়ং প্ৰধানমন্ত্ৰী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে৷ তাৰ মাজতে বিজেপিয়ে দিগম্বৰ কামাতক গোৱাৰ মুখ্যমন্ত্ৰী হৈ থাকোতে খনন কেলেংকাৰিত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ অভিযোগ নস্যাৎ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামাতে দাবী কৰিছে যে ৰাজহুৱা হিচাপ সমিতিৰ কোনো প্ৰতিবেদন নাই, য’ত ৰাজ্যখনত ৩৫,০০০ কোটি টকাৰ খনন কেলেংকাৰিৰ কথা উল্লেখ কৰিছে। তেতিয়াৰ বিৰোধী দলৰ নেতা মনোহৰ পাৰিকৰে ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কামাতক কেলেংকাৰিটোৰে অভিযুক্ত কৰিছিল। ইপিনে, পানাজীত এখন সংবাদমেল সম্বোধন কৰি বিৰোধী দলৰ নেতাজনে কয় যে তেওঁ ৰাজ্যৰ খনি আৰু ভূ-বিজ্ঞান বিভাগক তেওঁক ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিবেদনৰ এটা প্ৰতিলিপি প্ৰদান কৰিবলৈ কৈছিল, কিন্তু আণ্ডাৰ ছেক্ৰেটেৰী (বিধানসভা)-এ লিখিতভাৱে জনাইছিল যে পিএচিৰ এনে কোনো প্ৰতিবেদন নাই৷ কিয়নো, ৰাজ্যিক বিধানসভাই এই বিষয়টোৰ খচৰা প্ৰতিবেদনো গ্ৰহণ কৰা নাছিল। কামাতে কয় যে, বিজেপিয়ে ৰাজ্যখনত ক্ষমতা লাভ কৰিবলৈ ২০১২ চনত এক অবিদ্যমান প্ৰতিবেদনৰ উদ্ধৃতি দিছিল। তেওঁ দাবী কৰে, বিজেপিয়ে প্ৰায়ে পিএচি প্ৰতিবেদন উদ্ধৃত কৰি আহিছে, যিখন আনকি দেখিবলৈয়ে নাই৷ বিজেপিয়ে মোক কেলেংকাৰিটোত জড়িত থকাৰ মিছা অভিযোগ উত্থাপন কৰিছিল। কেৱল কংগ্ৰেছৰ ওপৰত প্ৰতিশোধ ল’বলৈয়ে বিজেপিয়ে সমগ্ৰ খনন উদ্যোগটো বন্ধ কৰি দিছিল আৰু মানুহে ক্ষতিগ্ৰস্ত হ’ব লগা হৈছিল বুলি তেওঁ অভিযোগ কৰে। কিন্তু, যদি ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ ঘূৰি আহে, আমাৰ চৰকাৰে সমগ্ৰ প্ৰবঞ্চনাৰ তদন্ত কৰিব আৰু ইয়াক ৰাইজৰ সমুখলৈ আনিব, কামতে কয়। কেন্দ্ৰৰ দ্বাৰা নিযুক্ত শ্বাহ আয়োগকে ধৰি বিভিন্ন সমিতিয়ে উল্লেখ কৰা অনুসৰি অবৈধ খননৰ সৈতে জড়িত লোকসকলৰ ওপৰত অপৰাধমূলক দায়বদ্ধতা নিৰ্ধাৰণ কৰিবলৈ ২০১৩ চনৰ জুলাইত খনি আৰু ভূ-বিজ্ঞান বিভাগে এটা অভিযোগ দাখিল কৰিছিল। অপৰাধ শাখাই ২০১৩ চনৰ আগষ্টত কামাত কিছুমান বিষয়া খনি প্ৰতিষ্ঠান আৰু অন্যান্যকে ধৰি বিভিন্ন প্ৰতিবেদনত (শ্বাহ আয়োগ আৰু অন্যান্য সমিতি) নাম থকাসকলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু