--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি ৰাজ্যখনৰ ভোটাৰসকললৈ ভোটদানৰ দিনটোত জনোৱা এক বাৰ্তাত কয় যে, যদি তেওঁলোকে (ভোটাৰ) উত্তৰ প্ৰদেশত পাঁচ বছৰৰ ৰাজত্ব বৃদ্ধি কৰিবলৈ ভোটদান কৰাত বিফল হয়, তেন্তে উত্তৰ প্ৰদেশ কাশ্মীৰ, কেৰালা আৰু বংগ হ’বলৈ বেছি সময় নালাগিব৷ যোগীৰ এই মন্তব্যৰ পাছতেই দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে উভতি ধৰি কয় যে, উত্তৰ প্ৰদেশ সিমান পৰ্যায়ত ভাগ্যৱান হোৱা উচিত৷ কিয়নো, কাশ্মীৰৰ সৌন্দৰ্য, বংগৰ সংস্কৃতি আৰু কেৰালাৰ শিক্ষাই ঠাইখনৰ বাবে আশ্চৰ্যকৰ কাম কৰিব। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ৰাজ্যখনৰ বিধানসভাৰ বিৰোধী দলৰ নেতা ভি ডি সথিচানে যোগী আদিত্যনাথক তীব্ৰ সমালোচনা কৰি কয় যে, যদি ভোটাৰসকলে নিৰ্বাচনত কোনো ভুল কৰে তেন্তে উত্তৰ ভাৰতৰ ৰাজ্যখন শীঘ্ৰেই কাশ্মীৰ, বংগ বা কেৰালা হৈ পৰিব পাৰে। আদিত্যনাথক প্ৰত্যুত্তৰ দি বিজয়নে কয় যে, যদি উত্তৰ ভাৰতৰ ৰাজ্যখন কেৰালাৰ দৰে বিকশিত হয়, তেন্তে তাৰ মানুহে শান্তিৰে উন্নত জীৱন উপভোগ কৰিব। কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা টুইটত লিখিছে এনেদৰে, যদি উত্তৰ প্ৰদেশ যোগী আদিত্যনাথে আশংকা কৰাৰ ধৰণে কেৰালালৈ পৰিণত হয়, তেন্তে ৰাজ্যখনৰ বাসিন্দাই সৰ্বশ্ৰেষ্ঠ শিক্ষা, স্বাস্থ্যসেৱা, সমাজ কল্যাণ, জীৱন ধাৰণৰ মান উপভোগ কৰিব আৰু এক সুসংগত সমাজ থাকিব, য’ত ধৰ্ম আৰু জাতিৰ নামত মানুহক হত্যা কৰা নহ’ব। উত্তৰ প্ৰদেশৰ ৰাইজেও সেয়াই বিচাৰিব বুলি বিজয়নে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু