--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি ৰাজ্যখনৰ ভোটাৰসকললৈ ভোটদানৰ দিনটোত জনোৱা এক বাৰ্তাত কয় যে, যদি তেওঁলোকে (ভোটাৰ) উত্তৰ প্ৰদেশত পাঁচ বছৰৰ ৰাজত্ব বৃদ্ধি কৰিবলৈ ভোটদান কৰাত বিফল হয়, তেন্তে উত্তৰ প্ৰদেশ কাশ্মীৰ, কেৰালা আৰু বংগ হ’বলৈ বেছি সময় নালাগিব৷ যোগীৰ এই মন্তব্যৰ পাছতেই দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে উভতি ধৰি কয় যে, উত্তৰ প্ৰদেশ সিমান পৰ্যায়ত ভাগ্যৱান হোৱা উচিত৷ কিয়নো, কাশ্মীৰৰ সৌন্দৰ্য, বংগৰ সংস্কৃতি আৰু কেৰালাৰ শিক্ষাই ঠাইখনৰ বাবে আশ্চৰ্যকৰ কাম কৰিব। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ৰাজ্যখনৰ বিধানসভাৰ বিৰোধী দলৰ নেতা ভি ডি সথিচানে যোগী আদিত্যনাথক তীব্ৰ সমালোচনা কৰি কয় যে, যদি ভোটাৰসকলে নিৰ্বাচনত কোনো ভুল কৰে তেন্তে উত্তৰ ভাৰতৰ ৰাজ্যখন শীঘ্ৰেই কাশ্মীৰ, বংগ বা কেৰালা হৈ পৰিব পাৰে। আদিত্যনাথক প্ৰত্যুত্তৰ দি বিজয়নে কয় যে, যদি উত্তৰ ভাৰতৰ ৰাজ্যখন কেৰালাৰ দৰে বিকশিত হয়, তেন্তে তাৰ মানুহে শান্তিৰে উন্নত জীৱন উপভোগ কৰিব। কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা টুইটত লিখিছে এনেদৰে, যদি উত্তৰ প্ৰদেশ যোগী আদিত্যনাথে আশংকা কৰাৰ ধৰণে কেৰালালৈ পৰিণত হয়, তেন্তে ৰাজ্যখনৰ বাসিন্দাই সৰ্বশ্ৰেষ্ঠ শিক্ষা, স্বাস্থ্যসেৱা, সমাজ কল্যাণ, জীৱন ধাৰণৰ মান উপভোগ কৰিব আৰু এক সুসংগত সমাজ থাকিব, য’ত ধৰ্ম আৰু জাতিৰ নামত মানুহক হত্যা কৰা নহ’ব। উত্তৰ প্ৰদেশৰ ৰাইজেও সেয়াই বিচাৰিব বুলি বিজয়নে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু