--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোক আৰু ক্ষোভৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্কঃ গোৱাৰ অৰপোৰাৰ এটা নাইট ক্লাবত সংঘটিত হোৱা মৰ্মান্তিক অগ্নিকাণ্ডত এই পৰ্যন্ত ২৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ জন লোক আহত হৈছে। 


আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোক আৰু ক্ষোভৰ সৃষ্টি হৈছে।


এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।তেওঁ লিখিছে, "আৰ্পোৰাত সংঘটিত অগ্নিকাণ্ডৰ পৰিস্থিতি মই তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছো, য'ত ২৫ জন লোকৰ প্ৰাণহানি আৰু আহত ৬ জন। আহত আটাইকেইজন সুস্থিৰ আৰু সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদান কৰা হৈছে। সমগ্ৰ ঘটনাটোৰ কাৰণ আৰু দায়ীসকলক চিনাক্ত কৰিবলৈ দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।" মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থিয় দিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু 


গোৱা আৰক্ষীৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত আছে ৪ গৰাকী পৰ্যটক আৰু ১৪ গৰাকী ক্লাবৰ কৰ্মচাৰী। আন ৭ জনৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই। ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে বিষয়টোৰ তদন্ত কৰি প্ৰাথমিক প্ৰতিবেদন প্ৰস্তুত কৰি থকা হৈছে।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তক ফোন কৰি দুৰ্ঘটনাটোৰ সম্পূৰ্ণ তথ্য লাভ কৰাৰ লগতে আহতসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ক্ষতিপূৰণ ঘোষণা কৰা হয়। 

এই ঘটনাই নৈশজীৱন আৰু পৰ্যটনস্থলীৰ নিৰাপত্তা আৰু অগ্নি নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ক্লাবটো ছীল কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু