--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোক আৰু ক্ষোভৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্কঃ গোৱাৰ অৰপোৰাৰ এটা নাইট ক্লাবত সংঘটিত হোৱা মৰ্মান্তিক অগ্নিকাণ্ডত এই পৰ্যন্ত ২৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ জন লোক আহত হৈছে। 


আহতসকল বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোক আৰু ক্ষোভৰ সৃষ্টি হৈছে।


এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।তেওঁ লিখিছে, "আৰ্পোৰাত সংঘটিত অগ্নিকাণ্ডৰ পৰিস্থিতি মই তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছো, য'ত ২৫ জন লোকৰ প্ৰাণহানি আৰু আহত ৬ জন। আহত আটাইকেইজন সুস্থিৰ আৰু সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদান কৰা হৈছে। সমগ্ৰ ঘটনাটোৰ কাৰণ আৰু দায়ীসকলক চিনাক্ত কৰিবলৈ দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।" মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ভুক্তভোগীৰ পৰিয়ালৰ সৈতে থিয় দিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু 


গোৱা আৰক্ষীৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত আছে ৪ গৰাকী পৰ্যটক আৰু ১৪ গৰাকী ক্লাবৰ কৰ্মচাৰী। আন ৭ জনৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই। ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে বিষয়টোৰ তদন্ত কৰি প্ৰাথমিক প্ৰতিবেদন প্ৰস্তুত কৰি থকা হৈছে।



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তক ফোন কৰি দুৰ্ঘটনাটোৰ সম্পূৰ্ণ তথ্য লাভ কৰাৰ লগতে আহতসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ক্ষতিপূৰণ ঘোষণা কৰা হয়। 

এই ঘটনাই নৈশজীৱন আৰু পৰ্যটনস্থলীৰ নিৰাপত্তা আৰু অগ্নি নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ক্লাবটো ছীল কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ