--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এন এফ আৰৰ চি পি আৰ অ' কপিঞ্জল শর্মাই কয় যে বিভিন্ন ৰে'লত বিভিন্ন শ্ৰেণীৰ অতিৰিক্ত দবাও সংযোগ কৰা হৈছে।

ডিজিটেল ডেস্ক: ইণ্ডিগ' বিমানৰ যাতায়াত বাতিলৰ বাবে দেশত দেখা দিয়া যাত্রা সন্দৰ্ভত অভাৱনীয় পৰিস্থিতিৰ বাবে উত্তৰ-পূব ৰে'লৱে (এন এফ আৰ) বিশেষ ৰে'ল চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে এন এফ আৰৰ মুখ্য মুখপাত্রই এই কথা জনায়।


এন এফ আৰৰ চি পি আৰ অ' কপিঞ্জল শর্মাই কয় যে বিভিন্ন ৰে'লত বিভিন্ন শ্ৰেণীৰ অতিৰিক্ত দবাও সংযোগ কৰা হৈছে। তেওঁ কয়, 'ইণ্ডিগ'ৰ বিমান বাতিলৰ পৰিপ্ৰেক্ষিতত এন এফ আৰে এই পদক্ষেপ গ্রহণ কৰিছে।' তেওঁ জনায় যে সোমবাৰে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী আৰু গুৱাহাটীৰ পৰা হাওৰালৈ দুখন বিশেষ ৰে'ল চলোৱা হ'ব। তেওঁ আৰু কয়, 'ইয়াৰ উপৰি যাত্ৰীৰ ভিৰ হ্ৰাস কৰিবলৈ ১৮খন পৃথক পৃথক ৰে'লত ২০টা অতিৰিক্ত দবা সংলগ্ন কৰা হ'ব।


উল্লেখযোগ্য যে ইণ্ডিগ'ৰ বিমান বাতিলৰ বাবে ভাৰতীয় ৰে'ল বিভাগে সমগ্র দেশজুৰি ৮৯খন বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰিছে। শনিবাৰে আৰম্ভ কৰা এই ব্যৱস্থা থাকিব তিনি দিন। এই সময়ছোৱাত উক্ত ৰে'লসমূহে ৰে'লৰ বিভিন্ন মণ্ডলত শতাধিক ট্ৰিপ সম্পূর্ণ কৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ