--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এন এফ আৰৰ চি পি আৰ অ' কপিঞ্জল শর্মাই কয় যে বিভিন্ন ৰে'লত বিভিন্ন শ্ৰেণীৰ অতিৰিক্ত দবাও সংযোগ কৰা হৈছে।

ডিজিটেল ডেস্ক: ইণ্ডিগ' বিমানৰ যাতায়াত বাতিলৰ বাবে দেশত দেখা দিয়া যাত্রা সন্দৰ্ভত অভাৱনীয় পৰিস্থিতিৰ বাবে উত্তৰ-পূব ৰে'লৱে (এন এফ আৰ) বিশেষ ৰে'ল চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে এন এফ আৰৰ মুখ্য মুখপাত্রই এই কথা জনায়।


এন এফ আৰৰ চি পি আৰ অ' কপিঞ্জল শর্মাই কয় যে বিভিন্ন ৰে'লত বিভিন্ন শ্ৰেণীৰ অতিৰিক্ত দবাও সংযোগ কৰা হৈছে। তেওঁ কয়, 'ইণ্ডিগ'ৰ বিমান বাতিলৰ পৰিপ্ৰেক্ষিতত এন এফ আৰে এই পদক্ষেপ গ্রহণ কৰিছে।' তেওঁ জনায় যে সোমবাৰে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী আৰু গুৱাহাটীৰ পৰা হাওৰালৈ দুখন বিশেষ ৰে'ল চলোৱা হ'ব। তেওঁ আৰু কয়, 'ইয়াৰ উপৰি যাত্ৰীৰ ভিৰ হ্ৰাস কৰিবলৈ ১৮খন পৃথক পৃথক ৰে'লত ২০টা অতিৰিক্ত দবা সংলগ্ন কৰা হ'ব।


উল্লেখযোগ্য যে ইণ্ডিগ'ৰ বিমান বাতিলৰ বাবে ভাৰতীয় ৰে'ল বিভাগে সমগ্র দেশজুৰি ৮৯খন বিশেষ ৰে'লৰ চলাচলৰ ব্যৱস্থা কৰিছে। শনিবাৰে আৰম্ভ কৰা এই ব্যৱস্থা থাকিব তিনি দিন। এই সময়ছোৱাত উক্ত ৰে'লসমূহে ৰে'লৰ বিভিন্ন মণ্ডলত শতাধিক ট্ৰিপ সম্পূর্ণ কৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু