--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজ্যত ৰাজনৈতিক দলবোৰৰ ততপৰতা তুংগত উঠিছে। প্ৰাৰ্থীৰ তালিকাক লৈও চলিছে নানা জল্পনা-কল্পনা। ইতিমধ্যেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে দলসমূহে। উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ নিৰ্বাচন প্ৰায় একে সময়তে অনুষ্ঠিত হ’ব আৰু একেদিনাই অৰ্থাত ১০ মাৰ্চত এই পাঁচোখন ৰাজ্যৰ নিৰ্বাচননী ফলাফল ঘোষণা কৰা হ’ব। এতিয়া গোৱা বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা পাছতে এটা বিষযে ব্যাপক চৰ্চা লাভ কৰিছে। গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ পুত্ৰ উতপল পাৰিকৰৰ নাম এই তালিকাত নথকাক লৈ চৰ্চা চলিছে দলৰ ভিতৰচ’ৰাত। মনোহৰ পাৰিকৰ তিনিবাৰকৈ গোৱাৰ মুখ্যমন্ত্ৰী হৈছিল আৰু তেওঁ মোদী মন্ত্ৰীৰসভাৰো গুৰু দায়িত্বত আছিল। ২০১৯চনত মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ মৃত্যু হয় আৰু তেওঁৰ আসনখনৰ পৰা নিৰ্বাচিত হয় কংগ্ৰেছৰ বাবুশ্ব মোনছেৰাট। কিন্তু পাছত তেওঁ যোগ দিয়ে বিজেপি দলত। এইবাৰ এই আসনখনৰ পৰা মনোহৰ পাৰিকৰৰ পুত্ৰ উতপল পাৰিকৰে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল যদিও বিজেপিয়ে সেই সুযোগ নিদিলে। এইবাৰো মনোহৰ পাৰিকৰে ২৫বছৰ প্ৰতিনিধিত্ব কৰা আসনখন দিয়া হৈছে এটানাছিঅ’ বাবুশ্ব মোনছেৰাটক। মন কৰিবলগীয়া যে, পাৰিকৰ পুত্ৰই এইবাৰ প্ৰত্যক্ষভাৱে এই আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল। পিতৃয়ে প্ৰতিনিধিত্ব কৰি যোৱা পানাজী আসনখনৰ পৰা উতপল পাৰিকৰে প্ৰতিদ্বন্দ্বিতা কৰাক লৈ প্ৰায় নিশ্চিত আছিল যদিও বিজেপিয়ে তেওঁ বিমুখ কৰিলে। এই পদক্ষেপৰ পাছতে এতিয়া উতপল পাৰিকৰে নতুন সিদ্ধান্ত লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে তেওঁ স্পষ্ট কৰি দিছে যে, তেওঁ সোনকালেই এই সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰিব। গোৱাৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ এগৰাকী শীৰ্ষতম পৰ্যায়ৰ নেতাৰ পুত্ৰক এনেদৰে বিমুখ কৰা কথাটো সহজভাৱে লোৱা নাই বিজেপিৰ নিষ্ঠাৱান আৰপ পুৰণি কৰ্মীসকলে। পূৰ্বে উল্লেখ কৰাৰ দৰে তেওঁ ২৫বছৰ পানাজী আসনখনক প্ৰতিনিধিত্ব কৰিছিল। বিজেপিয়ে নিজৰ দলৰ নিষ্ঠাৱান নেতাৰ প্ৰতি সৌজন্য প্ৰকাশ নকৰা বিষয়টো এইক্ষেত্ৰত স্পষ্ট হৈ পৰা বুলি বিভিন্নজনে অভিযোগ কৰিছে। কংগ্ৰেছৰ পৰা অহা এজন নেতাৰ বাবে মনোহৰ পাৰিকৰৰ আসনখন কাঢ়ি লোৱাটো এটা সহজভাৱে ল’ব নোৱৰা কথা হৈ পৰিছে বিজেপিৰ পুৰণি কৰ্মীসকলৰ বাবে। উল্লেখ্য যে,ইঞ্জিনিয়াৰিঙৰ স্নাতক পাৰিকৰৰ পুত্ৰ উতপল পাৰিকৰে এই সমষ্টিটোত কাম-কাজো আৰম্ভ কৰিছিল আৰু বিগত সময়ছোৱাত বিভিন্ন লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁ মন্দিৰ আৰু আন আন উপাসনাগৃহবোৰো ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। মনোহৰ পাৰিকৰৰ পুত্ৰক বিজেপিয়ে টিকট নিদিয়া কথাটো সহজে তল পৰাৰ সম্ভাৱনা নাই। বিজেপিৰ গোৱাৰ তত্ত্বাৱধায়ক দেবেন্দ্ৰ ফাড়নবিছে যদিও কৈছে যে, কেৱল বিজেপি নেতাৰ পৰিয়ালৰ সদস্য হোৱা বাবেই কোনেও প্ৰাৰ্থীত্ব আশা কৰা উচিত নহয়। তেওঁ কয়, ‘মনোহৰ পাৰিকৰে গোৱাত বিজেপিত প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট কৰিছে। কিন্তু কোনেও মনোহৰ পাৰিকৰ বা আন কোনো নেতাৰ সন্তান হোৱা বাবেই টিকট লাভ নকৰে। যদি তেওঁলোকে কাম কৰে তেন্তে তেওঁলোকৰ কথা বিবেচনা কৰা হ’ব।’ নীতিগত দিশৰ পৰা ফাড়নবিছৰ কথাখিনি ঠিক যেন লাগিলেও এটা প্ৰশ্নবোধক এইখিনিতেই উঠে। কিয়নো কংগ্ৰেছৰ পৰা আহি পানাজীত টিকট পোৱা বাবুশ্ব মোনছেৰাটৰ পত্নীকো টিকট দিছে বিজেপিয়ে। জেনিফাৰ মোনছেৰাটে টেলেইগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। গোৱাৰ মন্ত্ৰী বিশ্বজিত ৰাণেৰ পত্নী দিব্যা বিশ্বজিতকো পোৰিয়েম সমষ্টিৰ পৰা টিকট দিয়া হৈছে। যিয়ে নিজৰেই শহুৰৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিব। কিন্তু বিপৰীতে মনোহৰ পাৰিকৰৰ দৰে বিজেপিৰ অতি গুৰু্ত্বপূৰ্ণ নেতাৰ পুত্ৰৰ বাবে টিকট এটা জোগাৰ নোহোৱাটোৱে যেন বিজেপিৰ পৰিৱৰ্তিত চেহেৰাটোকে প্ৰতিফলিত কৰিছে। দেশজুৰি সেই পৰিৱৰ্তিত চেহেৰা প্ৰতিফলিত হৈছে। সেয়া লাগিলে অসমেই হওক বা গোৱাই হওক। বিজেপিৰ পুৰণি নিষ্ঠাৱান নেতাৰ হাতৰ পৰা সকলো ক্ষমতা কাঢ়ি নি এচাম ন-বিজেপিয়ে ক্ষমতা কুক্ষিগত কৰাটো দলটোৰ বাবে কিমান শুভলক্ষণ বিবেচিত হ’ব সেয়া সময়েহে ক’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ