--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  গোৱাত ‘অ'এনজিচি ইনষ্টিটিউট’ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’টো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।  মোদীয়ে কেন্দ্ৰটোৱে অনুষ্ঠিত কৰা পানীৰ তলৰ উদ্ধাৰ অনুশীলন আৰু প্ৰশিক্ষণ সম্পৰ্কীয় এক চমু প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:"গোৱাত ‘অ'এনজিচি’ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’টো দেশবাসীলৈ উচৰ্গা কৰিবলৈ পাই আনন্দিত হৈছো। এই অত্যাধুনিক কেন্দ্ৰটোৰ উদ্বোধনৰ মুহূৰ্তটো ভাৰতৰ বাবে সাগৰত জীৱন ৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পেলাব পৰা এক পট-পৰিৱৰ্তনকাৰী মুহূৰ্ত। কঠোৰ আৰু অতীব জৰুৰীকালীন  পৰিস্থিতি চম্ভলাৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণেৰে কেন্দ্ৰটোৱে সময় সাপেক্ষভাবে বহুতো জীৱন ৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰিব।"

অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে গোৱাৰ মুখ্যমন্ত্ৰী  প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম, তেল আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীও উপস্থিত থাকে।

অ’এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰে ভাৰতীয় ‘ছী ছাৰ্ভাইভেল পৰিস্থিতি’তন্ত্ৰক বিশ্বমানৰ কৰি গঢ়ি তোলাৰ বাবে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’টোক এই ধৰণৰ এক মাত্ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’ হিচাপে বিকশিত কৰা হৈছে। ইয়াত বছৰি ১০,০০০-১৫,০০০ কৰ্মচাৰীক প্ৰশিক্ষণ দিব পৰা যাব বুলি আশা কৰা হৈছে। এই কেন্দ্ৰই কৃত্ৰিম ভাবে গঢ়ি তোলা আৰু নিয়ন্ত্ৰিত ৰূপত সৃষ্টি কৰা বতৰৰ কঠোৰ পৰিস্থিতিত অনুশীলনৰ জৰিয়তে সাগৰাঞ্চলত প্ৰশিক্ষাৰ্থীসকলৰ জীয়াই থকাৰ দক্ষতা বৃদ্ধি কৰিব আৰু এনেদৰে বাস্তৱ জীৱনৰ দুৰ্যোগসমূহৰ পৰা সুৰক্ষিত ভাৱে ওলাই অহাৰ সম্ভাৱনাও বৃদ্ধি কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু