--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  গোৱাত ‘অ'এনজিচি ইনষ্টিটিউট’ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’টো আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।  মোদীয়ে কেন্দ্ৰটোৱে অনুষ্ঠিত কৰা পানীৰ তলৰ উদ্ধাৰ অনুশীলন আৰু প্ৰশিক্ষণ সম্পৰ্কীয় এক চমু প্ৰদৰ্শনীও পৰিদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:"গোৱাত ‘অ'এনজিচি’ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’টো দেশবাসীলৈ উচৰ্গা কৰিবলৈ পাই আনন্দিত হৈছো। এই অত্যাধুনিক কেন্দ্ৰটোৰ উদ্বোধনৰ মুহূৰ্তটো ভাৰতৰ বাবে সাগৰত জীৱন ৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ পৰিস্থিতিতন্ত্ৰত প্ৰভাৱ পেলাব পৰা এক পট-পৰিৱৰ্তনকাৰী মুহূৰ্ত। কঠোৰ আৰু অতীব জৰুৰীকালীন  পৰিস্থিতি চম্ভলাৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণেৰে কেন্দ্ৰটোৱে সময় সাপেক্ষভাবে বহুতো জীৱন ৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰিব।"

অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে গোৱাৰ মুখ্যমন্ত্ৰী  প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম, তেল আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীও উপস্থিত থাকে।

অ’এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰে ভাৰতীয় ‘ছী ছাৰ্ভাইভেল পৰিস্থিতি’তন্ত্ৰক বিশ্বমানৰ কৰি গঢ়ি তোলাৰ বাবে ‘অ'এনজিচি ছী ছাৰ্ভাইভেল চেণ্টাৰ’টোক এই ধৰণৰ এক মাত্ৰ ‘ইণ্টিগ্ৰেটেড ছী ছাৰ্ভাইভেল ট্ৰেইনিং চেণ্টাৰ’ হিচাপে বিকশিত কৰা হৈছে। ইয়াত বছৰি ১০,০০০-১৫,০০০ কৰ্মচাৰীক প্ৰশিক্ষণ দিব পৰা যাব বুলি আশা কৰা হৈছে। এই কেন্দ্ৰই কৃত্ৰিম ভাবে গঢ়ি তোলা আৰু নিয়ন্ত্ৰিত ৰূপত সৃষ্টি কৰা বতৰৰ কঠোৰ পৰিস্থিতিত অনুশীলনৰ জৰিয়তে সাগৰাঞ্চলত প্ৰশিক্ষাৰ্থীসকলৰ জীয়াই থকাৰ দক্ষতা বৃদ্ধি কৰিব আৰু এনেদৰে বাস্তৱ জীৱনৰ দুৰ্যোগসমূহৰ পৰা সুৰক্ষিত ভাৱে ওলাই অহাৰ সম্ভাৱনাও বৃদ্ধি কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক