--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক চোকা সমালোচনা কৰে। মোদীয়ে দাবী কৰে যে কংগ্ৰেছ দলে এতিয়া "উত্তৰ-দক্ষিণৰ বিভাজন" সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। মোদীয়ে কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ '৪০০ অতিক্ৰম কৰিম' ভাষণৰ প্ৰত্যুত্তৰ দি কয় যে কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত  ৪০ খন আসন লাভ কৰিব পাৰিবনে নাই তাকেলৈ সন্দেহ আছে। 

 কংগ্ৰেছে ৪০ খন আসনো লাভ কৰিব নোৱাৰিব বুলি তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী কিছুদিন পূৰ্বে উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে মমতাৰ সুৰতে সুৰ কয় যে কংগ্ৰেছে ৪০ খন আসনো লাভ কৰাৰ আশা নাই।  মোদীয়ে তেওঁৰ ভাষণত কয় যে বি আৰ আম্বেদকাৰে কেৱল তেতিয়াহে ভাৰত ৰত্ন লাভ কৰিছিল যেতিয়া কেন্দ্ৰত বিজেপিৰ সমৰ্থন থকা চৰকাৰ গঠন কৰা হৈছিল। কিন্তু কংগ্ৰেছৰ চৰকাৰে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা নাছিল।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক দলিত, পিছপৰা আৰু জনজাতীয় লোকৰ বিৰুদ্ধে কাম কৰা দল বুলি অভিযোগ কৰে৷ উল্সেখ্য কংগ্ৰেছ বংগত মিত্ৰজোঁটত আছে। ইণ্ডিয়া মিত্ৰজোঁটৰ 'সহযোগী' তৃণমূলে কংগ্ৰেছক  দুখনতকৈ অধিক আসন এৰি দিবলৈ ইচ্ছুক নহয়। এতিয়া  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'কটা ঘাঁত নিমখ' ঢালি  মমতা বেনাৰ্জীৰ সুৰতে সুৰ মিলাই কৈছে "কংগ্ৰেছে দেশৰ ৪০ খন আসনতো জিকিব পাৰিবনে তাত সন্দেহ আছে" । 

 কিছুদিন পূৰ্বে আসন ভাগ-বতৰাৰ বিষয়টোক লৈ মমতাই শতিকা প্ৰাচীন  দলটোক আক্ৰমণ কৰিছিল। মমতাই কৈছিল "কংগ্ৰেছ, মই নাজানো আপোনালোকে  ৪০ খন আসন পাব নে নাই,যদিও  সমগ্ৰ ভাৰততে ৩০০ খন আসনত কংগ্ৰেছে যুঁজ দিব। ’’প্ৰধানমন্ত্ৰীয়ে বিৰোধী ঐক্যৰ অন্যতম মুখ মমতাৰ সুৰতে সুৰ মিলাই কয় "কংগ্ৰেছে বংগত ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কোৱা হৈছে যে তেওঁলোকে সমগ্ৰ দেশতে ৪০ খন আসন পাব নে নাই সন্দেহ আছে। "মই প্ৰাৰ্থনা কৰিছো যাতে কংগ্ৰেছে কমেও ৪০ খন আসন দখল কৰিব পাৰে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক