--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক চোকা সমালোচনা কৰে। মোদীয়ে দাবী কৰে যে কংগ্ৰেছ দলে এতিয়া "উত্তৰ-দক্ষিণৰ বিভাজন" সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। মোদীয়ে কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ '৪০০ অতিক্ৰম কৰিম' ভাষণৰ প্ৰত্যুত্তৰ দি কয় যে কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত  ৪০ খন আসন লাভ কৰিব পাৰিবনে নাই তাকেলৈ সন্দেহ আছে। 

 কংগ্ৰেছে ৪০ খন আসনো লাভ কৰিব নোৱাৰিব বুলি তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী কিছুদিন পূৰ্বে উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে মমতাৰ সুৰতে সুৰ কয় যে কংগ্ৰেছে ৪০ খন আসনো লাভ কৰাৰ আশা নাই।  মোদীয়ে তেওঁৰ ভাষণত কয় যে বি আৰ আম্বেদকাৰে কেৱল তেতিয়াহে ভাৰত ৰত্ন লাভ কৰিছিল যেতিয়া কেন্দ্ৰত বিজেপিৰ সমৰ্থন থকা চৰকাৰ গঠন কৰা হৈছিল। কিন্তু কংগ্ৰেছৰ চৰকাৰে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা নাছিল।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক দলিত, পিছপৰা আৰু জনজাতীয় লোকৰ বিৰুদ্ধে কাম কৰা দল বুলি অভিযোগ কৰে৷ উল্সেখ্য কংগ্ৰেছ বংগত মিত্ৰজোঁটত আছে। ইণ্ডিয়া মিত্ৰজোঁটৰ 'সহযোগী' তৃণমূলে কংগ্ৰেছক  দুখনতকৈ অধিক আসন এৰি দিবলৈ ইচ্ছুক নহয়। এতিয়া  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'কটা ঘাঁত নিমখ' ঢালি  মমতা বেনাৰ্জীৰ সুৰতে সুৰ মিলাই কৈছে "কংগ্ৰেছে দেশৰ ৪০ খন আসনতো জিকিব পাৰিবনে তাত সন্দেহ আছে" । 

 কিছুদিন পূৰ্বে আসন ভাগ-বতৰাৰ বিষয়টোক লৈ মমতাই শতিকা প্ৰাচীন  দলটোক আক্ৰমণ কৰিছিল। মমতাই কৈছিল "কংগ্ৰেছ, মই নাজানো আপোনালোকে  ৪০ খন আসন পাব নে নাই,যদিও  সমগ্ৰ ভাৰততে ৩০০ খন আসনত কংগ্ৰেছে যুঁজ দিব। ’’প্ৰধানমন্ত্ৰীয়ে বিৰোধী ঐক্যৰ অন্যতম মুখ মমতাৰ সুৰতে সুৰ মিলাই কয় "কংগ্ৰেছে বংগত ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কোৱা হৈছে যে তেওঁলোকে সমগ্ৰ দেশতে ৪০ খন আসন পাব নে নাই সন্দেহ আছে। "মই প্ৰাৰ্থনা কৰিছো যাতে কংগ্ৰেছে কমেও ৪০ খন আসন দখল কৰিব পাৰে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু