--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে ৰাজ্যখনত কালাৰ্ড গোবি মাঞ্চুৰিয়ান আৰু কটন কেণ্ডী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে কৰ্ণাটকৰ স্বাস্থ্য বিভাগে। ৰোডামাইন-বি আদি কৃত্ৰিম ৰং কৰা দ্ৰব্যৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কয় স্বাস্থ্য বিভাগে।

সংবাদমেলত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী দীনেশ গুণ্ডুৰাৱে বিভিন্ন খাদ্য সামগ্ৰীত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ উপস্থিতিক লৈ বৃদ্ধি পোৱা উদ্বেগৰ বাবে স্বাস্থ্যৰ বাবে সুৰক্ষিত খাদ্য গ্ৰহণৰ গুৰুত্বৰ ওপৰত হেঁচা প্ৰয়োগ কৰে।

গুণ্ডুৰাৱে অসুৰক্ষিত খাদ্য পদ্ধতিৰ ফলত হোৱা বিপদৰ কথা আঙুলিয়াই দিয়ে। শেহতীয়াকৈ স্বাস্থ্য বিভাগৰ বিষয়াসকলে কটন কেণ্ডি আৰু গোবি মাঞ্চুৰিয়ানক লৈ তদন্ত কৰে।

এই খাদ্য সামগ্ৰীৰ প্ৰায় ১৭১টা নমুনা বিভিন্ন খাদ্যৰ পৰা সংগ্ৰহ কৰা হয়। এই তথ্যত প্ৰকাশ পাইছে যে এই খাদ্যসমূহত প্ৰায় ১০৭টা অসুৰক্ষিত কৃত্ৰিম ৰং পোৱা গৈছে।

গুণ্ডুৰাৱে কয়, ‘ৰোডামাইন-বি, টাৰ্ট্ৰাজিন আদি এনেধৰণৰ ৰাসায়নিক পদাৰ্থ এনে খাদ্য সামগ্ৰী প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু ই অসুৰক্ষিত।

খাদ্য প্ৰস্তুতৰ বাবে এনে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা দেখা পোৱা যিকোনো খাদ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়। ‘খাদ্যত এনে ৰাসায়নিক পদাৰ্থ পোৱা গ’লে খাদ্য সুৰক্ষাৰ দলে গোচৰ পঞ্জীয়ন কৰিব।’-গুন্দুৰাৱে কয়।

কৰ্ণাটক চৰকাৰে এই নিৰ্দেশ উলংঘা কৰা যিকোনো ব্যক্তিক (খাদ্য কৰ্তৃপক্ষই) সাত বছৰৰ কাৰাদণ্ড বিহা হ’ব বুলি উল্লেখ কৰি কয় যে যিসকলে এই আদেশ মানি নচলে তেওঁলোকৰ অনুজ্ঞাপত্ৰও বাতিল হ’ব পাৰে।

আনহাতে হোৱাইট কটন কেণ্ডী বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছে।

যোৱা মাহৰ আৰম্ভণিতে গোৱাতো কালাৰ্ড গোবি মাঞ্চুৰিয়ান নিষিদ্ধ কৰা হৈছিল। গোৱাৰ মাপুছা পৌৰ নিগমে গোবি মাঞ্চুৰিয়ানক ষ্টল আৰু খাদ্যৰ দোকানত নিষিদ্ধ কৰাৰ সময়ত কৃত্ৰিম ৰং আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মানদণ্ডৰ ব্যৱহাৰ চিন্তাৰ বিষয় হৈ পৰিছিল।

ইয়াৰ পূৰ্বে ২০২২ চনত শ্ৰী দামোদৰ মন্দিৰত অনুষ্ঠিত হোৱা ভাস্কো সপ্তাহ মেলাৰ সময়ত খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে মৰমুগাঁও পৌৰ নিগমক মাঞ্চুৰিয়ান খাদ্যৰ বিক্ৰী নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ