--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তনৰ পছোৱাই স্পৰ্শ কৰিছে অসমৰ ৰাজনীতি৷অসমত গত সময়চোৱাত দেখা গৈছে  এক পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ৷কিছু দিনৰ পূৰ্বে বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷তহবিলদাৰৰ স্বনিধনৰ পাছত অসমত এক নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ সজোৰে উচ্চাৰিত হৈছে৷এইসমূহৰ মাজতে বিজেপিত দেখা গৈছে পুৰণি বনাম নতুন সদস্যৰ সংঘাত৷যাৰ পাছত ৰাজ্যৰ বহু জ্যেষ্ঠ নেতাই  মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰে৷তদুপৰি এতিয়া অসমত মুখ্যমন্ত্ৰীৰ পত্নী আৰু চৰকাৰী ৰাজসাহায্যৰো এক বিষয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অৱতাৰণা কৰি বিতৰ্কৰ সূত্ৰপাত কৰে৷যাৰ পাছত অসমত এক পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ কামনা অসমৰ জনসাধাৰণে কৰা দেখা গৈছে৷


ইপিনে চৰকাৰৰ এইসমূহ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই প্ৰাক্তন সাংসদ ৰাণী নৰহক এক কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত চমন কৰে৷তদুপৰি আজি ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰকো চিআইডি-এ চমন জাৰি কৰে৷বৰ্তমান সময়ত বহুবাৰ কেন্দ্ৰত থকা চৰকাৰখনৰ বিৰুদ্ধে দেশৰ তদন্তকাৰী সংস্থাসমূহক বিৰোধী নেতাসকলৰ বিৰুদ্ধে অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ঠিক তেনে এই পৰিবেশৰ সৃষ্টি অসম মুলুকতো কৰা হৈছে৷তাক লৈয়ো বহুতো সচেতন ব্যক্তিৰ মাজত প্ৰশ্নৰ উদয় হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু