--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তনৰ পছোৱাই স্পৰ্শ কৰিছে অসমৰ ৰাজনীতি৷অসমত গত সময়চোৱাত দেখা গৈছে  এক পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ৷কিছু দিনৰ পূৰ্বে বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷তহবিলদাৰৰ স্বনিধনৰ পাছত অসমত এক নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ সজোৰে উচ্চাৰিত হৈছে৷এইসমূহৰ মাজতে বিজেপিত দেখা গৈছে পুৰণি বনাম নতুন সদস্যৰ সংঘাত৷যাৰ পাছত ৰাজ্যৰ বহু জ্যেষ্ঠ নেতাই  মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰে৷তদুপৰি এতিয়া অসমত মুখ্যমন্ত্ৰীৰ পত্নী আৰু চৰকাৰী ৰাজসাহায্যৰো এক বিষয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে অৱতাৰণা কৰি বিতৰ্কৰ সূত্ৰপাত কৰে৷যাৰ পাছত অসমত এক পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ কামনা অসমৰ জনসাধাৰণে কৰা দেখা গৈছে৷


ইপিনে চৰকাৰৰ এইসমূহ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই প্ৰাক্তন সাংসদ ৰাণী নৰহক এক কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত চমন কৰে৷তদুপৰি আজি ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰকো চিআইডি-এ চমন জাৰি কৰে৷বৰ্তমান সময়ত বহুবাৰ কেন্দ্ৰত থকা চৰকাৰখনৰ বিৰুদ্ধে দেশৰ তদন্তকাৰী সংস্থাসমূহক বিৰোধী নেতাসকলৰ বিৰুদ্ধে অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ঠিক তেনে এই পৰিবেশৰ সৃষ্টি অসম মুলুকতো কৰা হৈছে৷তাক লৈয়ো বহুতো সচেতন ব্যক্তিৰ মাজত প্ৰশ্নৰ উদয় হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ