--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উচ্চশিক্ষিত যুৱক সীমান্ত শইকীয়া দীৰ্ঘদিন ধৰি নিচাযুক্ত দ্ৰব্যৰ আসক্তিত ভুগি আছিল আৰু তেওঁক নিৰাময়ৰ বাবে প্ৰায় সাত মাহ ধৰি ৰিহেব চেণ্টাৰত ৰখা হৈছিল।

ডিজিটেল ডেস্ক: গোলাঘাটৰ নতুন আমোলাপট্টিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ তথা মৰ্মান্তিক ঘটনা। এজন সম্ভ্ৰান্ত পৰিয়ালৰ উচ্চশিক্ষিত যুৱকে ঘৰৰ ভিতৰতে ড্ৰাগছৰ অত্যাধিক মাত্ৰা (Over Dose) গ্ৰহণ কৰি প্ৰাণ হেৰুৱাইছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷


মৃত্যু হোৱা যুৱকজন নতুন আমোলাপট্টিৰ বাসিন্দা সীমান্ত শইকীয়া (৩৫) বুলি চিনাক্ত কৰা হৈছে।


প্ৰাপ্ত তথ্য অনুসৰি, উচ্চশিক্ষিত যুৱক সীমান্ত শইকীয়া দীৰ্ঘদিন ধৰি নিচাযুক্ত দ্ৰব্যৰ আসক্তিত ভুগি আছিল আৰু তেওঁক নিৰাময়ৰ বাবে প্ৰায় সাত মাহ ধৰি ৰিহেব চেণ্টাৰত ৰখা হৈছিল। সূত্ৰ অনুসৰি, কালি মাতৃৰ অসুস্থতাৰ অজুহাত দেখুৱাই তেওঁ ৰিহেব চেণ্টাৰৰ পৰা নিজ ঘৰলৈ উভতি আহিছিল।


ঘটনাৰ দিনা নিশা এজন বন্ধুক লৈ সীমান্ত নিজ ঘৰত আছিল। কিন্তু পুৱাৰ ভাগত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পূৰ্বেই লগত থকা বন্ধুজন ঘৰৰ পৰা ওলাই গুচি যায়। এই ঘটনাটোৱে সমগ্ৰ পৰিস্থিতিক অতিশয় ৰহস্যঘন কৰি তুলিছে। পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজৰ সন্দেহ, বন্ধুজনৰ এই পলায়নৰ আঁৰত কোনো গুৰুত্বপূৰ্ণ ৰেহৰূপ লুকাই থাকিব পাৰে।


ঘটনাটো পোহৰলৈ অহাৰ লগে লগে গোলাঘাটৰ আৰক্ষী প্ৰশাসন আৰু দণ্ডাধীশ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে মৃতদেহ উদ্ধাৰ কৰি সমগ্ৰ পৰিস্থিতিৰ পুংখানুপুংখ বুজ লয় আৰু তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ লগত থকা বন্ধুজনৰ সন্ধানত অভিযান চলাইছে।


যিসময়ত যুৱচাম ড্ৰাগছৰ কৱলত পৰি ধ্বংসৰ মুখলৈ আগবাঢ়িছে, তেনে সময়তে গোলাঘাটৰ দৰে শান্তিপূৰ্ণ চহৰ এখনত এজন সম্ভ্ৰান্ত আৰু উচ্চশিক্ষিত যুৱকৰ এনে শোকাৱহ মৃত্যুৱে অভিভাৱকসকলক চিন্তিত কৰি তুলিছে। ড্ৰাগছৰ ভয়াবহ বেহা আৰু ইয়াৰ প্ৰভাৱে কেনেদৰে এটা পৰিয়াল নিমিষতে ছাৰখাৰ কৰি পেলাব পাৰে, তাৰেই এক জ্বলন্ত উদাহৰণ হৈ ৰ'ল এই ঘটনা। বৰ্তমান আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই মৃত্যুৰ আচল ৰহস্য।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী