ডিজিটেল ডেস্ক: গুৱাহাটী মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ। মহানগৰীৰ পাঞ্জাবাৰী উদ্যান, বতাহঘূলিত এই শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে। কাৰ্যসূচীত সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী, তথা স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
স্বচ্ছতা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাই স্বচ্ছতা হী সেৱাৰ লক্ষ্য বুলি উল্লেখ কৰে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে।
লগতে স্বচ্ছতাক এক সামূহিক দায়বদ্ধতা আৰু জনসেৱামূলক কৰ্তব্য হিচাপে প্ৰতিষ্ঠা কৰা, এনে কাৰ্যসূচীৰ জৰিয়তে স্বচ্ছতাৰ প্ৰতি জনসাধাৰণৰ দায়বদ্ধতা অধিক সুদৃঢ় কৰাৰ লগতে এক ব্যাপক জনআন্দোলন গঢ়ি তোলাটো সম্ভৱ বুলি মন্তব্য মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ।
আজিৰ শ্ৰমদান কাৰ্যসূচীৰ জৰিয়তে পাঞ্জাবাৰী উদ্যানৰ বিভিন্ন স্থানত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভিযান ৰূপায়ণ কৰা হয়।
সকলো শ্ৰেণীৰ নাগৰিকক স্বচ্ছতা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি স্বচ্ছতা আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে।